--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশৰ ৬০০তকৈও অধিক অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈ পত্ৰ লিখি ন্যায়পালিকাৰ পৱিত্ৰতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

অধিবক্তাসকলৰ ভিতৰত আছে হৰিশ চালভে আৰু উচ্চতম ন্যায়ালয় বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰও৷ পত্ৰখনত অভিযোগ কৰা হৈছে যে ন্যস্তস্বাৰ্থজনিত মহলে ন্যায়পালিকাক প্ৰভাৱিত কৰিবলৈ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰভাৱিত কৰিবলৈ আৰু ৰাজনৈতিক উদ্দেশ্যৰে ভিত্তিহীন অভিযোগ উত্থাপন কৰি দেশৰ ন্যায়পালিকাৰ ভাৱমূৰ্তি কলুষিত কৰিবলৈ চেষ্টা কৰি আছে।

পত্ৰখনত এইটোও কোৱা হৈছে যে ৰাজনৈতিক ব্যক্তিত্বৰ ওপৰত দুৰ্নীতিৰ অভিযোগ থকা ক্ষেত্ৰত এনে ধৰণৰ প্ৰৱণতা দেখা গৈছে। পত্ৰখনত এইটোও দাবী কৰা হৈছিল যে এনে ধৰণৰ কাৰ্যই আদালতৰ মৰ্যাদা আৰু আইনৰ শাসনৰ ধাৰণাক হ্ৰাস কৰিছে।

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখা অধিবক্তাসকলৰ ভিতৰত আছে আদিশ আগৰৱালা, চেতন মিত্তাল, পিংকী আনন্দ, হিতেশ জৈন, উজ্জ্বলা পাৱাৰ, উদয় হোলা ইত্যাদি। অৱশ্যে, পত্ৰখনত কোনো নিৰ্দিষ্ট ঘটনা উল্লেখ কৰা হোৱা নাছিল। সম্প্ৰতি কেইবাজনো বিৰোধী নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ বিভিন্ন আদালতত বিচাৰাধীন হৈ আছে। 

বিৰোধী দলবোৰে বিজেপিক তেওঁলোকৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ লোৱা বুলি অভিযোগ কৰে। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশলৈ ৬০০গৰাকী অধিবক্তাৰ পত্ৰ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু