--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তোমালোক অকলশৰীয়া নহয়, আমি আছো... এনে ধাৰণাৰেই দিল্লীৰ যন্তৰ মন্তৰত ন্যায় লাভৰ আশাত প্ৰতিবাদ কৰি অহা মল্লযোদ্ধাসকলৰ কাষত থিয় দিছে কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ নেতা-নেত্ৰীয়ে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকমাৰ, কেৰালা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, আৰএলডিৰ মুৰব্বী জয়ন্ত সিনহা আৰু দিল্লীৰ শাসনাধিষ্ঠ আম আদমী পাৰ্টীকে ধৰি বিৰোধী দলৰ নেতাসকলে শুকুৰবাৰে ভাৰতীয় ডব্লিউএফএছৰ সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে  আন্দোলন কৰি থকা শীৰ্ষ মল্লযোদ্ধাসকলৰ প্ৰতি   চৰ্তহীন সমৰ্থন আগবঢ়াইছে। 

মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ বিষয়ত  ক্ৰিয়া প্ৰকাশ কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, "আমি সকলোৱে প্ৰতিবাদ কৰি থকা মল্লযোদ্ধাসকলৰ সৈতে থিয় দিব লাগিব। তেওঁলোকে ন্যায় লাভৰ বাবে অপেক্ষা কৰিছে৷  আমাৰ খেলুৱৈসকল আমাৰ দেশৰ গৌৰৱ। তেওঁলোক চেম্পিয়ন। দোষীসকলক তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ নিৰ্বিশেষে আইনৰ কাঠগড়ালৈ  আনিব লাগিব। ন্যায় ৰক্ষা কৰিবই লাগিব। সত্য জিকিবই লাগিব।"  কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কয়, "এখন ৰাষ্ট্ৰ হিচাপে আমি লজ্জিত  যে অলিম্পিকৰ পদক বিজয়ী খেলুৱৈসকলে বাৰে বাৰে প্ৰতিবাদত বহিবলগীয়া হৈছে৷ কিন্তু বিজেপি নিয়ন্ত্ৰিত দিল্লী আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰে। বিজেপি নেতাসকল আইনৰ উৰ্ধত থকা যেন লাগিছে। তেওঁলোকৰ বাবে  পৃথক আইপিচি আছে নেকি?’’ 


আৰএলডিৰ মুৰব্বী জয়ন্ত সিঙে টুইটাৰত কয় , "চিআৰপিচিৰ প্ৰথম অনুসূচীৰ অধীনত উৎপীড়ন এক জঘন্য অপৰাধ । ললিতা কুমাৰী বনাম উত্তৰ প্ৰদেশ ৰাজ্য (২০১৩)ৰ  গোচৰৰ পাঁচ জনীয়া বিচাৰপীঠৰ ৰায়ৰ পিছত, তাৎক্ষণিকভাৱে এজাহাৰ পঞ্জীয়নত কোনো বাধা নাই। এজাহাৰ গ্ৰহণৰ পূৰ্বে চৰকাৰে প্ৰাথমিক তদন্তৰ বাবে কেনেকৈ অনুৰোধ কৰিব পাৰে?" মল্লযোদ্ধাসকলৰ  সৈতে একাত্মতা প্ৰকাশ কৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও তেওঁলোকক সমৰ্থন আগবঢ়ায় আৰু বিষয়টো উচ্চতম ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্ত কৰোৱাৰ দাবী জনায়। গেহলটে কয় "দিল্লীৰ যন্তৰ মন্তৰত ন্যায়ৰ বাবে যুঁজি থকা সাহসী মহিলা মল্লযোদ্ধাসকলৰ প্ৰতি মই  সমৰ্থন প্ৰকাশ কৰিছো।

 যিহেতু দিল্লী আৰক্ষীয়ে তেওঁলোকৰ যৌন নিৰ্যাতনৰ অভিযোগত এজাহাৰগ্ৰহণ  কৰিবলৈও অস্বীকাৰ কৰিছে ৷ মই আশা কৰো যে ন্যায়পালিকাই পদক্ষেপ ল'ব আৰু উচ্চতম ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ নিৰ্দেশ দিব। ’’ দিল্লীৰ শাসনাধিষ্ঠ দল  আপে কয় যে "ন্যায় বিলম্বিত হৈছে ন্যায় অস্বীকাৰ কৰা হৈছে!!️" আপে  অফিচিয়েল হেণ্ডেলৰ জৰিয়তে কৰা এটা টুইটত  কয়, "মোদী চৰকাৰৰ দ্বাৰা সুৰক্ষিত এগৰাকী শক্তিশালী সাংসদৰ বিৰুদ্ধে সাহসী মহিলা অলিম্পিয়ানসকলে ন্যায়ৰ বাবে যুঁজ দিয়াটো ৰাষ্ট্ৰীয় লজ্জাৰ  বিষয়।" ইয়াৰ পূৰ্বে, কংগ্ৰেছৰ সাংসদ শশী থাৰুৰেও  নতুন দিল্লীত মল্লযোদ্ধাসকলে আৰম্ভ কৰা  প্ৰতিবাদলৈ সমৰ্থন জনাইছিল আৰু   বৰ্তমান ৰাজ্যসভাৰ মনোনীত সদস্য আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি হিচাপে পি টি উষাই কৰা মন্তব্যক সমালোচনা কৰিছিল৷  










FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত