--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতা অমৃতপালক ২০২৩ চনৰ ২৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল। এটা গুৰুদ্বাৰত আত্মসমৰ্পন কৰাৰ পিছতে অমৃতপালক গ্ৰেপ্তাৰ কৰি লগে লগে অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছিল। ইতিমধ্যে অমৃতপালৰ ৯ জন সহযোগীক ডিব্ৰুগড়ৰ কাৰগাৰত ৰখা হৈছেই। পঞ্জাৱ, দিল্লী আৰু উত্তৰ প্ৰদেশত ১৪  খন কেন্দ্ৰীয় কাৰাগাৰ আছে। ইমানৰ পিছতো অমৃতপালক কিয় ১৬৩ বছৰ পুৰণি ডিব্ৰুগড় কেন্দ্ৰীয়  কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল?


বিভিন্ন সূত্ৰই ধাৰণা কৰা অনুসৰি চাৰিটা বিশেষ কাৰণত অমৃপালক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷ সেই সাম্ভাৱ্য কাৰণ কেইটা কি হ’ব পাৰে সেয়া জানো আহক

১. অমৃতসৰৰ পৰা ডিব্ৰুগড়লৈ দূৰত্ব প্ৰায় ২৭০০  কিলোমিটাৰ৷ এনে পৰিস্থিতিত অমৃতপালক দিল্লী বা পঞ্জাৱৰ কাৰাগাৰত ৰখাতকৈ ডিব্ৰুগড়ৰ কাৰাগাৰত ৰাখিলে  তেওঁক পৰিয়ালৰ সদস্য আৰু অনুগামীয়ে সঘনাই লগ কৰিব নোৱাৰিব৷ তদুপৰি  অমৃতপালৰ অনুগামীসকলে তেওঁক কাৰাগাৰৰ পৰা উলিয়াবলৈ চেষ্টা কৰিব পাৰে বা হুলস্থূল সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰিয়েই অমৃতপালক পঞ্জাৱৰ পৰা বহু নিলগৰ কাৰাগাৰত ৰখা হৈছে বুলি বহুতে ধাৰণা কৰিছে৷ 

২. ভাষিক সমস্যাঃ ডিব্ৰুগড় কাৰাগাৰত থকাৰ বাবে তাত বাস কৰা বেছিভাগ কৰ্মচাৰী আৰু বন্দীয়ে অমৃতপালৰ ভাষা বুজিব নোৱাৰিব। ইয়াৰ বাবে তেওঁ ইয়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন অনুভৱ কৰিব। কুখ্যাত  অপৰাধীসকলক বিচ্ছিন্ন কৰাৰ এটা মানসিক কাৰণো আছে। এনে কৰাৰ ফলত  অপৰাধীসকল মানসিকভাৱে দুৰ্বল হৈ পৰে। তেতিয়া তেওঁলোকৰ পৰা যিকোনো কথা  উলিয়াবলৈ সহজ হৈ পৰে বুলি বহুতে ধাৰণা কৰিছে৷ 

৩. কঠোৰ নিৰাপত্তা ব্যৱস্থাঃ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিছে। একে সময়তে কাৰাগাৰৰ ভিতৰত নিৰাপত্তাৰ দায়িত্ব অসম আৰক্ষীৰ ব্লেক কেট কমাণ্ডোসকলৰ হাতত আছে। এনে পৰিস্থিতিত নিৰাপত্তা বেষ্টনী ভাঙি যিকোনো বিপজ্জনক  অপৰাধীক কাৰাগাৰৰ পৰা পলুৱাই নিয়াটো সহজ নহ’ব। কোনোবাই অমৃপালক পলুৱাই নিবলৈ চেষ্টা কৰিলেও ডিব্ৰুগড়ৰৰ ভৌগোলিক অৱস্থান আৰু সেই ঠাইৰ বিষয়ে থকা অজ্ঞতাৰ বাবে সেয়া সম্ভৱ নহ’ব বুলি বহুতে ধাৰণা কৰিছে৷ 

৪. মাফিয়া আৰু গুণ্ডাৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰখা: বহু কুখ্যাত  অপৰাধী আৰু মাফিয়া  দিল্লী আৰু পঞ্জাৱৰ ৯ খন কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। এনে পৰিস্থিতিত নিৰাপত্তা সংস্থাবোৰে আশংকা কৰিছিল যে যদি অমৃতপালক সেই কাৰাগাৰত ৰখা হয়, তেন্তে তেওঁ কুখ্যাত  অপৰাধী আৰু মাফিয়াৰ সংস্পৰ্শলৈ আহিব। ফলত তেওঁ কাৰাগাৰৰ ভিতৰত থাকিও তেওঁৰ পৰিকল্পনা বোৰ কাৰ্যকৰী কৰিব পাৰে। সেইকাৰণেই পঞ্জাৱ আৰক্ষীয়ে তেওঁক ডিব্ৰুগড় কাৰাগাৰত ৰখাৰ সিদ্ধান্ত লোৱা বুলি বহুতে ধাৰণা কৰিছে৷

উল্লেখ্য ২০১৯ চনত যেতিয়া জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল কৰা হৈছিল তেতিয়াও গ্ৰেপ্তাৰ কৰা লোকৰ ক্ষেত্ৰত  একে পদ্ধতি গ্ৰহণ কৰা হৈছিল। সেই সময়ত  ৩০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকক জম্মু আৰু কাশ্মীৰৰ পৰা আঁতৰত থকা উত্তৰ প্ৰদেশৰ কাৰাগাৰত ৰখা হৈছিল। উদ্দেশ্য আছিল এয়াই যে তেওঁলোকে যাতে  কাশ্মীৰৰ পৰা দূৰত  থাকে আৰু অস্থিৰতা বিয়পাবলৈ ষড়যন্ত্ৰ কৰিব নোৱাৰে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত