--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতা অমৃতপালক ২০২৩ চনৰ ২৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল। এটা গুৰুদ্বাৰত আত্মসমৰ্পন কৰাৰ পিছতে অমৃতপালক গ্ৰেপ্তাৰ কৰি লগে লগে অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছিল। ইতিমধ্যে অমৃতপালৰ ৯ জন সহযোগীক ডিব্ৰুগড়ৰ কাৰগাৰত ৰখা হৈছেই। পঞ্জাৱ, দিল্লী আৰু উত্তৰ প্ৰদেশত ১৪  খন কেন্দ্ৰীয় কাৰাগাৰ আছে। ইমানৰ পিছতো অমৃতপালক কিয় ১৬৩ বছৰ পুৰণি ডিব্ৰুগড় কেন্দ্ৰীয়  কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল?


বিভিন্ন সূত্ৰই ধাৰণা কৰা অনুসৰি চাৰিটা বিশেষ কাৰণত অমৃপালক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷ সেই সাম্ভাৱ্য কাৰণ কেইটা কি হ’ব পাৰে সেয়া জানো আহক

১. অমৃতসৰৰ পৰা ডিব্ৰুগড়লৈ দূৰত্ব প্ৰায় ২৭০০  কিলোমিটাৰ৷ এনে পৰিস্থিতিত অমৃতপালক দিল্লী বা পঞ্জাৱৰ কাৰাগাৰত ৰখাতকৈ ডিব্ৰুগড়ৰ কাৰাগাৰত ৰাখিলে  তেওঁক পৰিয়ালৰ সদস্য আৰু অনুগামীয়ে সঘনাই লগ কৰিব নোৱাৰিব৷ তদুপৰি  অমৃতপালৰ অনুগামীসকলে তেওঁক কাৰাগাৰৰ পৰা উলিয়াবলৈ চেষ্টা কৰিব পাৰে বা হুলস্থূল সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰিয়েই অমৃতপালক পঞ্জাৱৰ পৰা বহু নিলগৰ কাৰাগাৰত ৰখা হৈছে বুলি বহুতে ধাৰণা কৰিছে৷ 

২. ভাষিক সমস্যাঃ ডিব্ৰুগড় কাৰাগাৰত থকাৰ বাবে তাত বাস কৰা বেছিভাগ কৰ্মচাৰী আৰু বন্দীয়ে অমৃতপালৰ ভাষা বুজিব নোৱাৰিব। ইয়াৰ বাবে তেওঁ ইয়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন অনুভৱ কৰিব। কুখ্যাত  অপৰাধীসকলক বিচ্ছিন্ন কৰাৰ এটা মানসিক কাৰণো আছে। এনে কৰাৰ ফলত  অপৰাধীসকল মানসিকভাৱে দুৰ্বল হৈ পৰে। তেতিয়া তেওঁলোকৰ পৰা যিকোনো কথা  উলিয়াবলৈ সহজ হৈ পৰে বুলি বহুতে ধাৰণা কৰিছে৷ 

৩. কঠোৰ নিৰাপত্তা ব্যৱস্থাঃ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিছে। একে সময়তে কাৰাগাৰৰ ভিতৰত নিৰাপত্তাৰ দায়িত্ব অসম আৰক্ষীৰ ব্লেক কেট কমাণ্ডোসকলৰ হাতত আছে। এনে পৰিস্থিতিত নিৰাপত্তা বেষ্টনী ভাঙি যিকোনো বিপজ্জনক  অপৰাধীক কাৰাগাৰৰ পৰা পলুৱাই নিয়াটো সহজ নহ’ব। কোনোবাই অমৃপালক পলুৱাই নিবলৈ চেষ্টা কৰিলেও ডিব্ৰুগড়ৰৰ ভৌগোলিক অৱস্থান আৰু সেই ঠাইৰ বিষয়ে থকা অজ্ঞতাৰ বাবে সেয়া সম্ভৱ নহ’ব বুলি বহুতে ধাৰণা কৰিছে৷ 

৪. মাফিয়া আৰু গুণ্ডাৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰখা: বহু কুখ্যাত  অপৰাধী আৰু মাফিয়া  দিল্লী আৰু পঞ্জাৱৰ ৯ খন কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। এনে পৰিস্থিতিত নিৰাপত্তা সংস্থাবোৰে আশংকা কৰিছিল যে যদি অমৃতপালক সেই কাৰাগাৰত ৰখা হয়, তেন্তে তেওঁ কুখ্যাত  অপৰাধী আৰু মাফিয়াৰ সংস্পৰ্শলৈ আহিব। ফলত তেওঁ কাৰাগাৰৰ ভিতৰত থাকিও তেওঁৰ পৰিকল্পনা বোৰ কাৰ্যকৰী কৰিব পাৰে। সেইকাৰণেই পঞ্জাৱ আৰক্ষীয়ে তেওঁক ডিব্ৰুগড় কাৰাগাৰত ৰখাৰ সিদ্ধান্ত লোৱা বুলি বহুতে ধাৰণা কৰিছে৷

উল্লেখ্য ২০১৯ চনত যেতিয়া জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল কৰা হৈছিল তেতিয়াও গ্ৰেপ্তাৰ কৰা লোকৰ ক্ষেত্ৰত  একে পদ্ধতি গ্ৰহণ কৰা হৈছিল। সেই সময়ত  ৩০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকক জম্মু আৰু কাশ্মীৰৰ পৰা আঁতৰত থকা উত্তৰ প্ৰদেশৰ কাৰাগাৰত ৰখা হৈছিল। উদ্দেশ্য আছিল এয়াই যে তেওঁলোকে যাতে  কাশ্মীৰৰ পৰা দূৰত  থাকে আৰু অস্থিৰতা বিয়পাবলৈ ষড়যন্ত্ৰ কৰিব নোৱাৰে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ