--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ন্যায় প্ৰাপ্তিৰ বাবে যুঁজি থকা প্ৰতিবাদী মল্লযোদ্ধাসকলক কটাক্ষ কৰি কালি  ৰাজ্যসভাৰ সাংসদ তথা ভাৰতীয় অলিম্পিক এছ'চিয়েচনৰ সভাপতি পি টি ঊষাই কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতা শশী থাৰুৰে৷ 

থাৰুৰে কৈছে যে বাৰে বাৰে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰা  সহকৰ্মীসকলৰ ন্যায়সঙ্গত প্ৰতিবাদক অৱজ্ঞা কৰাটো ঊষাৰ ক্ষেত্ৰত  অশোভনীয় কথা।কংগ্ৰেছ নেতা তথা কেৰালাৰ সাংসদ শ্বাহশী থাৰুৰে প্ৰবীণ খেলুৱৈ তথা ভাৰতীয় অলিম্পিক এছ'চিয়েচনৰ সভাপতি পি টি ঊষাক তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰি কয়  যে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে ভাৰতৰ ভাবমূৰ্তি "কলংকিত" কৰিছে বুলি ঊষাই কৰা মন্তব্য দুৰ্ভাগ্যজনক ৷ 

পি টি ঊষাক সমালোচনা কৰি থাৰুৰে টুইটাৰত লিখিছে  "মৰমৰ পিটি ঊষা, বাৰে বাৰে যৌন নিৰ্যাতনৰ সন্মুখীন হৈ কৰি অহা  আপোনাৰ সহকৰ্মীসকলৰ ন্যায়সঙ্গত প্ৰতিবাদক অৱজ্ঞকৰাজন  আপুনি নহয়। তেওঁলোকে অধিকাৰৰ বাবে থিয় দিয়াটোৱে "ৰাষ্ট্ৰৰ ভাবমূৰ্তি কলুষিত নকৰে"। উল্লেখ্য ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ মুৰব্বী ব্ৰজ ভূষণ চৰণ সিঙৰ  অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ তাৰকা ভাৰতীয় মল্লযোদ্ধাসকলে চলাই  থকা প্ৰতিবাদৰ মাজতে ভাৰতীয় অলিম্পিক সংস্থাৰ (আইঅএ) মুৰব্বী পি টি ঊষাই খেলুৱৈসকলক তীব্ৰ সমালোচনা কৰিছে। ঊষাই বৃহস্পতিবাৰে সংবাদমাধ্যমৰ আগত  মল্লযোদ্ধা আৰু সংস্থাৰ মুৰব্বী সিঙৰ মাজত চলি থকা বিবাদৰ বিষয়ত মন্তব্য কৰিছিল।  

ঊষাই কৈছিল  যে মল্লযোদ্ধাসকলে ৰাজপথত প্ৰতিবাদ কৰি দেশৰ ভাবমূৰ্তি কলুষিত কৰি আছে। ইপিনে ন্যায় নোপোৱালৈকে যুঁজি যাব মল্লযোদ্ধাই৷ মল্লযোদ্ধাক  যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা বিজেপি সাংসদ তথা কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে আন্দোলনকাৰী মল্লযোদ্ধাসকলে উচ্চতম ন্যায়ালয়ত দাখিল কৰি  আবেদন৷ এনে সময়তে  দিল্লী আৰক্ষীয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ক কয় যে ডব্লিউএফআই ৰ মুৰব্বীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আগতে অধিক তদন্তৰ প্ৰয়োজন। দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত বিচাৰপীঠক কয় যে যদি শীৰ্ষ আদালতে অনুভৱ কৰে যে এখন এজাহাৰ দাখিল কৰিব লাগে  তেন্তে সেয়া কৰা হ'ব পাৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement