--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ন্যায় প্ৰাপ্তিৰ বাবে যুঁজি থকা প্ৰতিবাদী মল্লযোদ্ধাসকলক কটাক্ষ কৰি কালি  ৰাজ্যসভাৰ সাংসদ তথা ভাৰতীয় অলিম্পিক এছ'চিয়েচনৰ সভাপতি পি টি ঊষাই কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতা শশী থাৰুৰে৷ 

থাৰুৰে কৈছে যে বাৰে বাৰে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰা  সহকৰ্মীসকলৰ ন্যায়সঙ্গত প্ৰতিবাদক অৱজ্ঞা কৰাটো ঊষাৰ ক্ষেত্ৰত  অশোভনীয় কথা।কংগ্ৰেছ নেতা তথা কেৰালাৰ সাংসদ শ্বাহশী থাৰুৰে প্ৰবীণ খেলুৱৈ তথা ভাৰতীয় অলিম্পিক এছ'চিয়েচনৰ সভাপতি পি টি ঊষাক তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰি কয়  যে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে ভাৰতৰ ভাবমূৰ্তি "কলংকিত" কৰিছে বুলি ঊষাই কৰা মন্তব্য দুৰ্ভাগ্যজনক ৷ 

পি টি ঊষাক সমালোচনা কৰি থাৰুৰে টুইটাৰত লিখিছে  "মৰমৰ পিটি ঊষা, বাৰে বাৰে যৌন নিৰ্যাতনৰ সন্মুখীন হৈ কৰি অহা  আপোনাৰ সহকৰ্মীসকলৰ ন্যায়সঙ্গত প্ৰতিবাদক অৱজ্ঞকৰাজন  আপুনি নহয়। তেওঁলোকে অধিকাৰৰ বাবে থিয় দিয়াটোৱে "ৰাষ্ট্ৰৰ ভাবমূৰ্তি কলুষিত নকৰে"। উল্লেখ্য ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ মুৰব্বী ব্ৰজ ভূষণ চৰণ সিঙৰ  অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ তাৰকা ভাৰতীয় মল্লযোদ্ধাসকলে চলাই  থকা প্ৰতিবাদৰ মাজতে ভাৰতীয় অলিম্পিক সংস্থাৰ (আইঅএ) মুৰব্বী পি টি ঊষাই খেলুৱৈসকলক তীব্ৰ সমালোচনা কৰিছে। ঊষাই বৃহস্পতিবাৰে সংবাদমাধ্যমৰ আগত  মল্লযোদ্ধা আৰু সংস্থাৰ মুৰব্বী সিঙৰ মাজত চলি থকা বিবাদৰ বিষয়ত মন্তব্য কৰিছিল।  

ঊষাই কৈছিল  যে মল্লযোদ্ধাসকলে ৰাজপথত প্ৰতিবাদ কৰি দেশৰ ভাবমূৰ্তি কলুষিত কৰি আছে। ইপিনে ন্যায় নোপোৱালৈকে যুঁজি যাব মল্লযোদ্ধাই৷ মল্লযোদ্ধাক  যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা বিজেপি সাংসদ তথা কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে আন্দোলনকাৰী মল্লযোদ্ধাসকলে উচ্চতম ন্যায়ালয়ত দাখিল কৰি  আবেদন৷ এনে সময়তে  দিল্লী আৰক্ষীয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ক কয় যে ডব্লিউএফআই ৰ মুৰব্বীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আগতে অধিক তদন্তৰ প্ৰয়োজন। দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত বিচাৰপীঠক কয় যে যদি শীৰ্ষ আদালতে অনুভৱ কৰে যে এখন এজাহাৰ দাখিল কৰিব লাগে  তেন্তে সেয়া কৰা হ'ব পাৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত