--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাগাৰতে আছে অৰবিন্দ কেজৰিৱাল। কেজৰিৱালক  ৰাউজ এভিনিউ আদলতে প্ৰদান কৰা  জামিনত দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰা  স্থগিতাদেশক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ অধিবক্তাই  উচ্চতম ন্যায়ালয়ত দাখিল কৰা ভাদেনৰ আজি  উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে।  শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰা  স্থগিতাদেশক 'অস্বাভাৱিক' আখ্যা দিয়ে উচ্চতম ন্যায়ালয়ে। ফলত কেজৰিৱালে জামিন পাব বুলি এতিয়া বহুতেই ধাৰণা কৰিছে। 

 উচ্চতম ন্যায়ালয়ে  অৰবিন্দ কেজৰিৱালৰ আবেদনৰ সন্দৰ্ভত  ৰায়দান সংৰক্ষিত ৰাখে।  দিল্লী উচ্চ ন্যায়ালয়ে জামিনত স্থগিতাদেশ দিয়াৰ পিছতে এই ৰায়ৰ  বিৰোধিতা  কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।    উচ্চতম ন্যায়ালয়ে ২৬ জুনত কেজৰিৱালৰ  জামিন আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। উল্লেখ্য দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিৱালক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰাৰ পিছত  দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ মুক্তিৰ নিৰ্দেশত  স্থগিতাদেশ জাৰি কৰিছিল।  

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আঙুলিয়াই দিয়ে যে  দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ ৰায় ‘অস্বাভাৱিক’ ।  ৰায়দান স্থগিত ৰাখিবলগীয়া হ’লে সেই ৰায় সংৰক্ষিত নহয় বৰঞ্চ ঠাইতে গৃহীত হয়। ইয়াত যি হৈছে সেয়া অস্বাভাৱিক।

ন্যায়াধীশ মনোজ মিশ্ৰ আৰু এছ ভি এন ভট্টীৰ  বিচাৰপীঠে কয় যে যদি আবেদনকাৰীয়ে বিশ্বাস কৰিছে যে উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশত স্থগিতাদেশ দিয়াত ভুল কৰিলে। অহা ২৬ জুনত সেয়ে ভাগ্য নিৰ্ণয় হ’ব কেজৰিৱালৰ। সেইদিনাই নিৰ্ধাৰণ হ’ব কেজৰিৱালে মুকলি আকাশৰ তললৈ আহিব পাৰিব নে নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ