--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ সংখ্যক লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলে সদনৰ সদস্য হিচাপে সোমবাৰে শপত গ্ৰহণ কৰে।  আজিৰে পৰা আৰম্ভ হৈছে ১৮ নং লোকসভাৰ প্ৰথম অধিৱেশন। সদনৰ সদস্য হিচাপে প্ৰথমে শপত গ্ৰহণ কৰে  লোকসভাৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰ’-টেম অধ্যক্ষ ভৰত্ৰুহৰী মাহটাবে শপত গ্ৰহণ কৰোৱায় মোদীক। ইয়াৰ পিছতে অধ্যক্ষ নিৰ্বাচন পৰ্যন্ত লোকসভাৰ কাৰ্য্যবিধি চলোৱাত  মাহতাটক সহায় কৰিবলৈ নিযুক্তি দিয়া অধ্যক্ষৰ পেনেলৰ সদস্যসকলে  শপতগ্ৰহণ কৰে।কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ পৰা নিৰ্বাচিত বিজেপিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ১৮ লোকসভাৰ সদস্য হিচাপে শপতগ্ৰহণ কৰে মাতৃভাষা অসমীয়া ভাষাত। ১১ জুনত সোণোৱালে নতুন দিল্লীত বন্দৰ, জাহাজ, জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লৈছিল।  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভাত বন্দৰ, জাহাজ, জলপথ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনত সোণোৱালৰ মন্ত্ৰী হিচাপে এয়া তৃতীয় কাৰ্যকাল।অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ মোদী ৩.০ত মন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ  সুযোগ লাভ কৰিছে। তেওঁ পূৰ্বৰ মন্ত্ৰীসভাত  বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী হৈ থকাৰ লগতে  আয়ুষৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সোণোৱালে ২০১৬-২০২১ বৰ্ষলৈ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪ চনত তেওঁ  লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে ডিব্ৰুগড়ৰ পৰা  প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পবন সিং ঘাটোৱাৰক পৰাস্ত কৰিছিল । পিছলৈ সোণোৱালে ২০১১ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৪ চনত লখিমপুৰৰ পৰা পুনৰ লোকসভালৈ নিৰ্বাচিত হয় । ২০১৬ চনত  সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হৈছিল আৰু ২০২১ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। 

আজি বিজেপিৰ সাংসদ ৰাধা মোহন সিং আৰু ফাগন সিং কুলাষ্টে অধ্যক্ষ পেনেলৰ  সদস্য হিচাপে শপত গ্ৰহণ কৰে। অৱশ্যে কংগ্ৰেছৰ সাংসদ কে সুৰেশ, ডি এম কেৰ সাংসদ টি আৰ বালু, আৰু টি এম চিৰ সুদীপ বন্দ্যোপাধ্যায়ে পেনেলৰ সদস্য হিচাপে শপত গ্ৰহণৰ কাৰ্য্যবিধিৰ পৰা দূৰত থাকে। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, শিৱৰাজ সিং চৌহান, মনোহৰ লাল, পীযুষ গোৱাল, জিতনৰাম মাঝি, ৰাজীৱ ৰঞ্জন ওৰফে লল্লন সিং, ড° বীৰেন্দ্ৰ কুমাৰ, কিৰেন ৰিজিজু, চিৰাগ পাছোৱান, জ্যোতিৰাদিত্য সিন্ধিয়া, অন্নপূৰ্ণা দেৱী আদিয়ে  লোকসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু প্ৰহ্লাদ যোশীয়ে কানাড়া ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে ধৰ্মেন্দ্ৰ প্ৰধান আৰু জুৱেল ওৰামে ওডিয়াত শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়াত শপত গ্ৰহণ কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী কে ৰাম মোহন নাইডু তথা  জি কিষাণ ৰেড্ডীয়ে তেলেগু ভাষাত শপতগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলে গুজৰাটী ভাষাত শপতগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৱ যাধৱে মাৰাঠী ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে ড° জিতেন্দ্ৰ সিঙে ডগ্ৰী ভাষাত শপতগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীয়ে মালয়ালম ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে আন এজন কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে বাংলা ভাষাত শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুৰ্গদাস উইকেয়ে সংস্কৃতত শপত গ্ৰহণ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু