--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে বিয়লি দিল্লী উচ্চ ন্যায়ালয়ে সুৰা নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন নাকচ কৰিলে।   ফলত  অৰবিন্দ কেজৰিৱাল জে’লতে থাকিব লাগিব।উচ্চ ন্যায়ালয়ে যুক্তি দিছিল যে নিম্ন আদালত - অৰ্থাৎ দিল্লীৰ ৰাউজ এভিনিউ আদালতে - জামিন প্ৰদান কৰাৰ সময়ত "নিজৰ বিবেক-বুদ্ধি ব্যৱহাৰ কৰা নাছিল" আৰু সেই  ৰায়দান ভুল আছিল। উল্লেখ ইডিয়ে  মাৰ্চ মাহত সুৰা নীতিৰ গোচৰৰ সৈতে জড়িত আপ নেতাজনক গ্ৰেপ্তাৰ কৰিছিল। কেজৰিৱালক ৰাউজ এভিনিউ আদালতে জামিন দিছিল যদিও  কেজৰিৱালৰ মুক্তিৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ নিৰ্দেশ দিছিল দিল্লী উচ্চ ন্যায়ালয়ে।

 উচ্চ ন্যায়ালয়ে নিজৰ ৰায় সংৰক্ষিত কৰি ৰখাৰ  পিছত আজি জামিন প্ৰসংগত ৰায় দিয়ে।  ইপিনে অৰবিন্দ কেজৰিৱালৰ জামিনত দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰা  স্থগিতাদেশক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ অধিবক্তাই  উচ্চতম ন্যায়ালয়ত দাখিল কৰা আদেনৰ কালি  উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিছিল।  শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰা  স্থগিতাদেশক 'অস্বাভাৱিক' আখ্যা দিয়ে উচ্চতম ন্যায়ালয়ে। ফলত কেজৰিৱালে জামিন পাব বুলি এতিয়া বহুতেই ধাৰণা কৰিছে।  উচ্চতম ন্যায়ালয়ে  অৰবিন্দ কেজৰিৱালৰ আবেদনৰ সন্দৰ্ভত  ৰায়দান সংৰক্ষিত ৰাখে।  দিল্লী উচ্চ ন্যায়ালয়ে জামিনত স্থগিতাদেশ দিয়াৰ পিছতে এই ৰায়ৰ  বিৰোধিতা  কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।    উচ্চতম ন্যায়ালয়ে ২৬ জুনত কেজৰিৱালৰ  জামিন আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। উল্লেখ্য দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিৱালক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰাৰ পিছত  দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ মুক্তিৰ নিৰ্দেশত  স্থগিতাদেশ জাৰি কৰিছিল।  

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আঙুলিয়াই দিয়ে যে  দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ ৰায় ‘অস্বাভাৱিক’ ।  ৰায়দান স্থগিত ৰাখিবলগীয়া হ’লে সেই ৰায় সংৰক্ষিত নহয় বৰঞ্চ ঠাইতে গৃহীত হয়। ইয়াত যি হৈছে সেয়া অস্বাভাৱিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু