ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰকে সাধাৰণতে জ্বৰ আৰু বিষৰ পৰা সকাহ পাবলৈ ব্যৱহাৰ কৰা পেৰাচিটামলকে ধৰি ৫০ বিধ জীৱন ৰক্ষাকাৰী ঔষধ সমগ্ৰ ভাৰততে নিম্ন মানৰ বুলি প্ৰকাশ কৰিছে।এনে ঔষধৰ দীঘলীয়া তালিকাত আছে পেৰাচিটামল ৫০০ মিলিগ্ৰাম, টেলমিছাৰটান এন্টি-হাইপাৰটেনচন ঔষধ,কাফটিন কাফ চিৰাপ,ক্ল’নাজেপাম টেবলেট, বিষ নিৰাময়ী ঔষধ ডাইক্ল’ফেনাক, মাল্টি-ভিটামিন আৰু কেলচিয়াম টেলেট আদি। ঔষধ নিয়ন্ত্ৰকে লক্ষ্য কৰিছে যে দেশত নিৰ্মিত কাফ চিৰাপৰ বহু চিৰাপেই নিম্ন মানৰ। কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ'ল অৰ্গেনাইজেশ্যনৰ (চিডিএছচিঅ')-এ ৱাঘোদিয়া (গুজৰাট), সোলান (হিমাচল প্ৰদেশ), জয়পুৰ (ৰাজস্থান), হৰিদ্বাৰ (উত্তৰাখণ্ড), আম্বালাৰ পৰা ঔষধৰ নমুনা সংগ্ৰহ কৰিছিল আৰু পৰীক্ষা কৰিছিল। ইন্দোৰ, হায়দৰাবাদ, আৰু অন্ধ্ৰ প্ৰদেশৰ লগতে অন্যান্য ৰাজ্যৰ বহু কোম্পানীয়ে প্ৰস্তুত কৰা পেৰাচিটামল ৫০০ এমজি টেবলটো নিম্ন মানৰ বুলি প্ৰমাণিত হৈছে। মধ্যপ্ৰদেশৰ উজ্জনস্থিত আস্কন হেল্থকেয়াৰে প্ৰস্তুত কৰা পেৰাচিটামল টেবলেট গুণগত মানৰ পৰা নিম্ন বুলি প্ৰমাণ পোৱা গৈছে।
ডিচিজিআইৰ তালিকাত থকা আন ঔষধসমূহৰ ভিতৰত কোষ্ঠকাঠিন্যৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা লেক্টুলোজ ছলিউচন, উচ্চ ৰক্তচাপ প্ৰতিৰোধী ঔষধ টেলমিছাৰটান আৰু এম্লোডিপিন আইপি টেবলেট, অটো-ইম্যুন ৰোগ আৰু গুৰুতৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা ডেক্সামেথাছন ছডিয়ামফছফেট ইনজেকচন আই.পি আৰু ক্ল’নাজেপাম টেবলেট আদিও নিম্ন মানৰ পোৱা গৈছে।
কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় স্তৰৰ পৰীক্ষাগাৰতে ঔষধৰ নমুনা পৰীক্ষা কৰা হৈছে।ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ভাৰতীয় ড্ৰাগ কণ্ট্ৰ'লাৰ জেনেৰেল ৰাজীৱ ৰঘুবংশীয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বজাৰত উপলব্ধ ঔষধৰ গুণগত মানৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বনৰ লগতে নজৰ ৰাখিবলৈ নিৰ্দেশ দিছিল । উল্লেখ্য মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা কেইবাবিধো দৰব নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এই বিষয়ক বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ পিছতে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৪ টাকৈ দৰব নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰি চৰকাৰে কৈছিল "এই এফডিচিৰ (স্থিৰ পালি সংমিশ্ৰণ)ৰ কোনো চিকিৎসাগত যৌক্তিকতা নাই।
সেয়ে কেন্দ্ৰই কমেও ১৪ টা স্থিৰ সংমিশ্ৰিত ঔষধ নিষিদ্ধ কৰিছে, যাৰ ভিতৰত আছে নিমেচুলাইড আৰু পেৰাচিটামলৰ পানীত গলি যোৱা টেবলেট; ক্লোফেনিৰামাইন মেলেট আৰু কোডিন চিৰাপ "এই দৰববোৰে মানুহৰ বাবে "বিপদাশংকা" কঢ়িয়াই আনিব পাৰে বুলি কেন্দ্ৰই কৈছিল।
এক জাননীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সাধাৰণ সংক্ৰমণ, কাহ আৰু জ্বৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত নিমেচুলাইড আৰু পেৰাচিটামলৰ পানীত গলি যোৱা টেবলেটৰ দৰে সংমিশ্ৰণ; ক্লোফেনিৰামাইন মেলেট আৰু কোডিন চিৰাপ; ফলকোডিন, প্ৰমেথাজিন, এমোক্সিচিলিন , ব্ৰমহেক্সিন,ব্ৰমহেক্সিন ডেক্সট্ৰোমেথাৰফেন, এমোনিয়াম ক্লৰাইড, মেন্থল; ব্ৰমহেক্সিন আৰু ফেনাইলেফ্ৰাইন, ক্ল'ৰফেনিৰামাইন, গুয়াইফেনেচিনৰ সৈতে পেৰাচিটামল; আৰু চেলবুটামল আৰু ব্ৰমহেক্সিন আদিয়ে মানৱ জীৱনলৈ বিপদ মাতিব পাৰে। চিকিৎসা সম্পৰ্কীয় নীতিৰ ফালৰ পৰা এনে দৰবৰ ব্যৱহাৰৰ যুক্তিযুক্ততা নাই।
সেয়ে জনতাৰ বৃহত্তৰ স্বাৰ্থত, ঔষধ আৰু প্ৰসাধন আইন, ১৯৪০-ৰ ধাৰা ২৬ক-ৰ অধীনত এই এফডিচিৰ তৈয়াৰ, বিক্ৰী বা বিতৰণ নিষিদ্ধ কৰাৰ প্ৰয়োজন বুলি কেন্দ্ৰই কৈছিল। বিশেষজ্ঞ সমিতি আৰু ঔষধ কাৰিকৰী পৰামৰ্শদাতা ব'ৰ্ডৰ পৰামৰ্শৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে তেনে সিদ্ধান্ত লৈছিল ।
এফ.ডি.চি. ঔষধ হৈছে সেইবোৰ ঔষধ য'ত এক স্থিৰ অনুপাতত দুই বা অধিক সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদানৰ (এ.পি.আই.) সংমিশ্ৰণ থাকে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠন কৰা এক বিশেষজ্ঞ পেনেলে বৈজ্ঞানিক তথ্য অবিহনে এনে দৰব ৰোগীক বিক্ৰী কৰি থকা বুলি কোৱাৰ পিছত চৰকাৰে ২০১৬ চনতো ৩৪৪ টা ঔষধৰ সংমিশ্ৰণৰ প্ৰস্তুত , বিক্ৰী আৰু বিতৰণৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণা কৰিছিল। তেনে দৰবৰ নিৰ্মাতাসকলে আদালতত এই আদেশক প্ৰত্যাহ্বান জনাইছিল। বৰ্তমান নিষিদ্ধ কৰা ১৪ টা এফডিচি সেই ৩৪৪ টা ঔষধৰ সংমিশ্ৰণৰে অংশ।