--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰকাৰে লাভ কৰিলে অন্যতম সফলতা। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে চৰ্চা। দিল্লীৰ দুখনকৈ চৰকাৰী বিদ্যালয়ে এডুকেচন ৱৰ্ল্ড (EW)য়ে প্ৰকাশ কৰা ৰেংকিঙত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিদ্যালয় আৰু শিক্ষা বিভাগক এই চমকপ্ৰদ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। 

কেজৰিৱালে এটা টুইটত কয়, ‘আমাৰ এডুকেচন টীমক লৈ আমি গৌৰৱান্বিত। আকৌ এবাৰ দিল্লী চৰকাৰী বিদ্যালয়ে ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 

উল্লেখ্য যে ই ডব্লিউৱে প্ৰকাশ কৰা ৰেংকিঙত দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত দ্বাৰকাৰ ছেক্টৰ-১০ত অৱস্থিত ‘ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়’-এ প্ৰথম স্থান আৰু যমুনা বিহাৰত অৱস্থিত ‘ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়’-এ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ই ডব্লিউৱে প্ৰতি বছৰে সমগ্ৰ দেশৰ চৰকাৰী বিদ্যালয়ৰ ৰেংকিং প্ৰকাশ কৰে।

শীৰ্ষ দহৰ ভিতৰত পাঁচখন বিদ্যালয় দিল্লীৰ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে। দিল্লী চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাই কেজৰিৱালে এই 'সাফল্য'ক 'আচৰিত কৃতিত্ব' বুলি অভিহিত কৰে। 

দিল্লীৰ চৰকাৰী স্কুলৰ এই সাফল্যই দেশৰ অন্য ৰাজ্য চৰকাৰৰ চৰকাৰী স্কুলসমূহলৈ শুভ বাৰ্তা কঢ়িয়াব বুলি আশা কৰিছে দিল্লী চৰকাৰৰ লগতে দিল্লীবাসীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক