--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰকাৰে লাভ কৰিলে অন্যতম সফলতা। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে চৰ্চা। দিল্লীৰ দুখনকৈ চৰকাৰী বিদ্যালয়ে এডুকেচন ৱৰ্ল্ড (EW)য়ে প্ৰকাশ কৰা ৰেংকিঙত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিদ্যালয় আৰু শিক্ষা বিভাগক এই চমকপ্ৰদ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। 

কেজৰিৱালে এটা টুইটত কয়, ‘আমাৰ এডুকেচন টীমক লৈ আমি গৌৰৱান্বিত। আকৌ এবাৰ দিল্লী চৰকাৰী বিদ্যালয়ে ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 

উল্লেখ্য যে ই ডব্লিউৱে প্ৰকাশ কৰা ৰেংকিঙত দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত দ্বাৰকাৰ ছেক্টৰ-১০ত অৱস্থিত ‘ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়’-এ প্ৰথম স্থান আৰু যমুনা বিহাৰত অৱস্থিত ‘ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়’-এ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ই ডব্লিউৱে প্ৰতি বছৰে সমগ্ৰ দেশৰ চৰকাৰী বিদ্যালয়ৰ ৰেংকিং প্ৰকাশ কৰে।

শীৰ্ষ দহৰ ভিতৰত পাঁচখন বিদ্যালয় দিল্লীৰ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে। দিল্লী চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাই কেজৰিৱালে এই 'সাফল্য'ক 'আচৰিত কৃতিত্ব' বুলি অভিহিত কৰে। 

দিল্লীৰ চৰকাৰী স্কুলৰ এই সাফল্যই দেশৰ অন্য ৰাজ্য চৰকাৰৰ চৰকাৰী স্কুলসমূহলৈ শুভ বাৰ্তা কঢ়িয়াব বুলি আশা কৰিছে দিল্লী চৰকাৰৰ লগতে দিল্লীবাসীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু