--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বহুবিবাহ প্ৰথাৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে এলাহাবাদ হাইকোৰ্টে৷ বাতৰি অনুযায়ী, এলাহাবাদ হাইকোৰ্টে এটা ৰায় প্ৰদান কৰি কৈছে যে যদি প্ৰথমা পত্নীৰ মতৰ বিপৰীতে গৈ এজন পুৰুষে দ্বিতীয় বিবাহত বহে, তেন্তে প্ৰথমা পত্নীক তেওঁৰ লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰি৷ লগত ৰাখিবলৈ চিভিল কোৰ্টলৈ যাব নোৱাৰিব৷

আদালতলৈ প্ৰেৰণ কৰা এখনি আবেদনৰ ভিত্তিত  ন্যায়াধীশ সূৰ্য প্ৰকাশ কেছৰৱানি আৰু ৰাজেন্দ্ৰ কুমাৰেৰে গঠিত এখনি বিচাৰপিঠে এই ৰায় প্ৰদান কৰিছে৷  বিচাপৰীঠখনে কয় যে প্ৰথমা পত্নীৰ মতৰ বিপৰীতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত বহাটো প্ৰথমা পত্নীৰ প্ৰতি কৰা নিষ্ঠুৰতা৷ 


বিচাৰপীঠখনে এইক্ষেত্ৰত ইছলাম ধৰ্মৰ পৱিত্ৰ কোৰাণৰ উদ্ধৃতি দাঙি ধৰে৷ কোৰাণৰ ৪ সংখ্যক চুড়া ৩ সংখ্যক আয়াত অনুযায়ী বহুবিবাহ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে৷ সিদ্ধান্ত অনুযায়ী এজন মুছলিম লোকে চাৰিবাৰলৈ বিবাহপাশত আৱদ্ধ হ’ব পাৰে৷ কিন্তু ইয়াৰ বাবে পত্নীকেইগৰাকীৰ মত আৰু ইচ্ছা লাগিব৷ যদি মত নিমিলে, তেন্তে লোকজন এগৰাকীতে ক্ষান্ত থাকিব লাগিব, অধিক বিবাহ কৰাব নোৱাৰিব৷ বিচাৰপীঠখনে কোৰাণৰ এই সিদ্ধান্ত অনুযায়ীয়ে ৰায়প্ৰদান কৰিছে৷  

আদালতে কয় যে যদি লোকজনে নিজৰ পত্নী আৰু সন্তানৰ ভৰণ পোষণ লোৱাত অক্ষম, তেন্তে কোৰাণৰ সিদ্ধান্ত অনুযায়ী তেওঁ আন এগৰাকী মহিলাক বিয়া কৰাব নোৱাৰিব৷  অন্যথা দ্বিতীয় বিবাহ বেআইনী হিচাপে গণ্য কৰা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু