--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বহুবিবাহ প্ৰথাৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে এলাহাবাদ হাইকোৰ্টে৷ বাতৰি অনুযায়ী, এলাহাবাদ হাইকোৰ্টে এটা ৰায় প্ৰদান কৰি কৈছে যে যদি প্ৰথমা পত্নীৰ মতৰ বিপৰীতে গৈ এজন পুৰুষে দ্বিতীয় বিবাহত বহে, তেন্তে প্ৰথমা পত্নীক তেওঁৰ লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰি৷ লগত ৰাখিবলৈ চিভিল কোৰ্টলৈ যাব নোৱাৰিব৷

আদালতলৈ প্ৰেৰণ কৰা এখনি আবেদনৰ ভিত্তিত  ন্যায়াধীশ সূৰ্য প্ৰকাশ কেছৰৱানি আৰু ৰাজেন্দ্ৰ কুমাৰেৰে গঠিত এখনি বিচাৰপিঠে এই ৰায় প্ৰদান কৰিছে৷  বিচাপৰীঠখনে কয় যে প্ৰথমা পত্নীৰ মতৰ বিপৰীতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত বহাটো প্ৰথমা পত্নীৰ প্ৰতি কৰা নিষ্ঠুৰতা৷ 


বিচাৰপীঠখনে এইক্ষেত্ৰত ইছলাম ধৰ্মৰ পৱিত্ৰ কোৰাণৰ উদ্ধৃতি দাঙি ধৰে৷ কোৰাণৰ ৪ সংখ্যক চুড়া ৩ সংখ্যক আয়াত অনুযায়ী বহুবিবাহ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে৷ সিদ্ধান্ত অনুযায়ী এজন মুছলিম লোকে চাৰিবাৰলৈ বিবাহপাশত আৱদ্ধ হ’ব পাৰে৷ কিন্তু ইয়াৰ বাবে পত্নীকেইগৰাকীৰ মত আৰু ইচ্ছা লাগিব৷ যদি মত নিমিলে, তেন্তে লোকজন এগৰাকীতে ক্ষান্ত থাকিব লাগিব, অধিক বিবাহ কৰাব নোৱাৰিব৷ বিচাৰপীঠখনে কোৰাণৰ এই সিদ্ধান্ত অনুযায়ীয়ে ৰায়প্ৰদান কৰিছে৷  

আদালতে কয় যে যদি লোকজনে নিজৰ পত্নী আৰু সন্তানৰ ভৰণ পোষণ লোৱাত অক্ষম, তেন্তে কোৰাণৰ সিদ্ধান্ত অনুযায়ী তেওঁ আন এগৰাকী মহিলাক বিয়া কৰাব নোৱাৰিব৷  অন্যথা দ্বিতীয় বিবাহ বেআইনী হিচাপে গণ্য কৰা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement