--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা চলি থকাৰ মাজতেই ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ পৰা আঁতৰিছে ইটোৰ পাছত সিটো সহযোগী দল৷ নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই সংঘাত বৃদ্ধি পাইছে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ মাজত৷ 

আৰু আভ্যন্তৰীণ সংঘাতৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ প্ৰথমে মিত্ৰজোঁটৰ পৰা আঁতৰি এনডিএত চামিল হৈছিল নীতিশ কুমাৰ৷ পৰৱৰ্তী সময়ত বংগকন্যা মমতাই স্থিতি গ্ৰহণ কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে৷ একেদৰে, ন্যায় যাত্ৰা চলি থকাৰ মাজতেই কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈছিল অখিলেশ যাদৱ৷ 

আৰু শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে মিত্ৰতা ভংগ কৰিলে ‘ইণ্ডিয়া’ৰ সৈতে৷ পঞ্জাব আৰু চণ্ডীগড়ত আম আদমী পাৰ্টীয়ে এককভাৱেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে৷ 

আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে কয় যে পঞ্জাবত ‘ইণ্ডিয়া’ৰ সৈতে কোনো মিত্ৰতা নহ’ব৷ তেওঁ লগতে কয় যে তেওঁৰ দলে আগন্তুক সাধাৰণ নিৰ্বাচনত পঞ্জাব আৰু চণ্ডীগড়ৰ ১৪ খন লোকসভা আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। 

তেওঁ কয়, আপে অনাগত দিনত পঞ্জাবৰ ১৩ খন আৰু চণ্ডীগড়ৰ এখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ