--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অবৈধ ধনৰ লেন-দেন সম্পৰ্কীয় গোচৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনলৈ ইডিয়ে চমন জাৰি কৰিছে। এজনৰ পাছত আন এজন নেতালৈ চমন জাৰি কৰিছে ইডিয়ে। ভূমি কেলেংকাৰীত জড়িত হৈ পৰিছে হেমন্ত সোৰেনৰ নাম।

১৪ আগষ্টত এই সম্পৰ্কে সোধা-পোছাৰ বাবে ইডিয়ে মাতি পঠিয়াইছে হেমন্ত সোৰেনক। ইডিয়ে অভিযোগ কৰিছে যে কেৱল মুখ্যমন্ত্ৰী হেমন্ত সোৰেনেই নহয়, তেওঁৰ পৰিয়ালৰ সদস্যসকলো ভূমি কেলেংকাৰীত জড়িত হৈ আছে। 

উল্লেখ্য যে এতিয়ালৈকে এই গোচৰটোত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাঁচীৰ ভূমি কেলেংকাৰী গোচৰ তদানীন্তন ৰাঁচী বিভাগীয় আয়ুক্ত নীতিন মদন কুলকাৰ্ণীৰ প্ৰতিবেদনৰ ভিত্তিত এই তদন্ত কৰা হৈছে। সেনাই দখল কৰা ভূমিৰ তদন্ত কৰাৰ পিছত আয়ুক্তজনে চৰকাৰক এখন প্ৰতিবেদন দাখিল কৰিছিল। 

ভূমি কেলেংকাৰী গোচৰত ইয়াৰ পূৰ্বে ইডিয়ে ২০২২ চনৰ ১৮ নৱেম্বৰত মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ১০ ঘন্টা ধৰি জেৰা কৰিছিল। ইয়াৰ পাছত এইবাৰ পুনৰ তেওঁক চমন জাৰি কৰা কথাটোৱে যথেষ্ট গুৰুত্ব বহন কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস