--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অবৈধ ধনৰ লেন-দেন সম্পৰ্কীয় গোচৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনলৈ ইডিয়ে চমন জাৰি কৰিছে। এজনৰ পাছত আন এজন নেতালৈ চমন জাৰি কৰিছে ইডিয়ে। ভূমি কেলেংকাৰীত জড়িত হৈ পৰিছে হেমন্ত সোৰেনৰ নাম।

১৪ আগষ্টত এই সম্পৰ্কে সোধা-পোছাৰ বাবে ইডিয়ে মাতি পঠিয়াইছে হেমন্ত সোৰেনক। ইডিয়ে অভিযোগ কৰিছে যে কেৱল মুখ্যমন্ত্ৰী হেমন্ত সোৰেনেই নহয়, তেওঁৰ পৰিয়ালৰ সদস্যসকলো ভূমি কেলেংকাৰীত জড়িত হৈ আছে। 

উল্লেখ্য যে এতিয়ালৈকে এই গোচৰটোত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাঁচীৰ ভূমি কেলেংকাৰী গোচৰ তদানীন্তন ৰাঁচী বিভাগীয় আয়ুক্ত নীতিন মদন কুলকাৰ্ণীৰ প্ৰতিবেদনৰ ভিত্তিত এই তদন্ত কৰা হৈছে। সেনাই দখল কৰা ভূমিৰ তদন্ত কৰাৰ পিছত আয়ুক্তজনে চৰকাৰক এখন প্ৰতিবেদন দাখিল কৰিছিল। 

ভূমি কেলেংকাৰী গোচৰত ইয়াৰ পূৰ্বে ইডিয়ে ২০২২ চনৰ ১৮ নৱেম্বৰত মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ১০ ঘন্টা ধৰি জেৰা কৰিছিল। ইয়াৰ পাছত এইবাৰ পুনৰ তেওঁক চমন জাৰি কৰা কথাটোৱে যথেষ্ট গুৰুত্ব বহন কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন