--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ প্ৰসংগকলৈ আজি উত্তপ্ত হৈ পৰে লোকসভাৰ মজিয়া। মণিপুৰ প্ৰসংগকলৈ বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সময়তে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে।  মঙলবাৰে লোকসভাৰ মজিয়াত গৌৰৱ গগৈয়ে কয় যে বিৰোধী দলসমূহে  মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "নীৰৱতা" ভংগ কৰিবলৈয়ে  চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছে।

 লোকসভাত এই প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ আৰম্ভণি কৰি গগৈয়ে  অভিযোগ কৰে যে "ভাৰতত এতিয়া দুখন  মণিপুৰৰ  সৃষ্টি হৈছে- এখন পাহাৰৰ মণিপুৰ আৰু আনখন সমতলৰ"। নিম্ন সদনে গগৈৰ  দ্বাৰা উত্থাপিত প্ৰস্তাৱটো গ্ৰহণ কৰাৰ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শেষ মুহূৰ্তত মুখ্য বক্তা হিচাপে ৰাহুল গান্ধীৰ নাম কিয় প্ৰত্যাহাৰ কৰা হ'ল বুলি মন্তব্য কৰাৰ  পিছতে  বিৰোধী আৰু চৰকাৰৰ  মাজত উত্তপ্ত বাক-বিতণ্ডা আৰম্ভ হয়।তেওঁ সাংসদ গগৈয়ে কয় যে ভাৰতীয় ইণ্ডিয়াৰ দলসমূহে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছে ,কিয়নো এয়া কেতিয়াও সংখ্যাৰ বিষয় নহয় , মণিপুৰৰ বাবে ন্যায়ৰ বিষয় ।

 তেওঁ কয় " মণিপুৰে ন্যায় দাবী কৰিছে। মাৰ্টিন লুথাৰ কিং জুনিয়ৰে কৈছিল যে যিকোনো ঠাইতে অন্যায় সকলো ঠাইতে ন্যায়ৰ বাবে ভাবুকি। যদিও মণিপুৰ জ্বলি আছে, সমগ্ৰ ভাৰতেই  জ্বলি আছে, যদি মণিপুৰ বিভক্ত হয়, দেশখনেই  বিভক্ত হৈ পৰিব।  আমাৰ দেশৰ নেতা হিচাপে প্ৰধানমন্ত্ৰী মোডীয়ে সদনলৈ আহি মণিপুৰৰ বিষয়ে ক'ব লাগে ’’।গগৈয়ে কয় ’’অনাস্থা প্ৰস্তাৱৰ জৰিয়তে আমি তেওঁৰ নীৰৱতাৰ শপত ভংগ কৰিব বিচাৰো," । 

গৃহমন্ত্ৰী শ্বাহৰ দৰে মোদীয়ে  মণিপুৰলৈ কিয় যোৱা নাছিল বুলি প্ৰধানমন্ত্ৰীক সুধিব বিচাৰে বুলিও তেওঁ কয়। তেওঁ লগতে স্মৰণ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ২০০২ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ  পিছত গুজৰাট ভ্ৰমণ কৰিছিল।" তেওঁ (প্ৰধানমন্ত্ৰী মোদীয়ে) মণিপুৰৰ বিষয়ত  কথা ক’বলৈ  প্ৰায় ৮০ দিন কিয় লৈছিল আৰু মাত্ৰ ৩০ ছেকেণ্ডৰ বাবে কথা পাতিছিল? ," গগৈয়ে প্ৰশ্ন কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন