--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ প্ৰসংগকলৈ আজি উত্তপ্ত হৈ পৰে লোকসভাৰ মজিয়া। মণিপুৰ প্ৰসংগকলৈ বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সময়তে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে।  মঙলবাৰে লোকসভাৰ মজিয়াত গৌৰৱ গগৈয়ে কয় যে বিৰোধী দলসমূহে  মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "নীৰৱতা" ভংগ কৰিবলৈয়ে  চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছে।

 লোকসভাত এই প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ আৰম্ভণি কৰি গগৈয়ে  অভিযোগ কৰে যে "ভাৰতত এতিয়া দুখন  মণিপুৰৰ  সৃষ্টি হৈছে- এখন পাহাৰৰ মণিপুৰ আৰু আনখন সমতলৰ"। নিম্ন সদনে গগৈৰ  দ্বাৰা উত্থাপিত প্ৰস্তাৱটো গ্ৰহণ কৰাৰ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শেষ মুহূৰ্তত মুখ্য বক্তা হিচাপে ৰাহুল গান্ধীৰ নাম কিয় প্ৰত্যাহাৰ কৰা হ'ল বুলি মন্তব্য কৰাৰ  পিছতে  বিৰোধী আৰু চৰকাৰৰ  মাজত উত্তপ্ত বাক-বিতণ্ডা আৰম্ভ হয়।তেওঁ সাংসদ গগৈয়ে কয় যে ভাৰতীয় ইণ্ডিয়াৰ দলসমূহে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছে ,কিয়নো এয়া কেতিয়াও সংখ্যাৰ বিষয় নহয় , মণিপুৰৰ বাবে ন্যায়ৰ বিষয় ।

 তেওঁ কয় " মণিপুৰে ন্যায় দাবী কৰিছে। মাৰ্টিন লুথাৰ কিং জুনিয়ৰে কৈছিল যে যিকোনো ঠাইতে অন্যায় সকলো ঠাইতে ন্যায়ৰ বাবে ভাবুকি। যদিও মণিপুৰ জ্বলি আছে, সমগ্ৰ ভাৰতেই  জ্বলি আছে, যদি মণিপুৰ বিভক্ত হয়, দেশখনেই  বিভক্ত হৈ পৰিব।  আমাৰ দেশৰ নেতা হিচাপে প্ৰধানমন্ত্ৰী মোডীয়ে সদনলৈ আহি মণিপুৰৰ বিষয়ে ক'ব লাগে ’’।গগৈয়ে কয় ’’অনাস্থা প্ৰস্তাৱৰ জৰিয়তে আমি তেওঁৰ নীৰৱতাৰ শপত ভংগ কৰিব বিচাৰো," । 

গৃহমন্ত্ৰী শ্বাহৰ দৰে মোদীয়ে  মণিপুৰলৈ কিয় যোৱা নাছিল বুলি প্ৰধানমন্ত্ৰীক সুধিব বিচাৰে বুলিও তেওঁ কয়। তেওঁ লগতে স্মৰণ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ২০০২ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ  পিছত গুজৰাট ভ্ৰমণ কৰিছিল।" তেওঁ (প্ৰধানমন্ত্ৰী মোদীয়ে) মণিপুৰৰ বিষয়ত  কথা ক’বলৈ  প্ৰায় ৮০ দিন কিয় লৈছিল আৰু মাত্ৰ ৩০ ছেকেণ্ডৰ বাবে কথা পাতিছিল? ," গগৈয়ে প্ৰশ্ন কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস