--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডত অব্যাহত আছে উত্তেজনা। ৮ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ হালদৱানিত অবৈধ মাদ্ৰাছা আৰু এক নামাজগৃহত প্ৰশাসনে চলোৱা উচ্ছেদৰ পাছতে সূত্ৰপাত ঘটিছিল হিংসাৰ। হাজাৰ হাজাৰ উত্তেজিত লোকে আৰক্ষী–প্ৰশাসনৰ ওপৰত চলাইছিল আক্ৰমণ। 

এই ঘটনাত এতিয়ালৈ ৬জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহত হৈছে ৩০০ৰো অধিক আৰক্ষী–প্ৰশাসনৰ লোক। ইতিমধ্যে ৫০ ঘণ্টা উকলিল এই ঘটনাৰ। তাৰ পাছতো সমগ্ৰ অঞ্চলতে কৰ্তন কৰি ৰখা হৈছে ইণ্টাৰনেটসেৱা। ঘটনা সংঘটিত হোৱা বনভুলপূৰাত বিগত ৩দিন ধৰি অব্যাহত আছে সান্ধ্য আইন। অৱশ্যে তাৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণত আছে নৈনীতাল, বৰেলীৰ দৰে অঞ্চলৰ। 

বনভুলপূৰাত শিক্ষানুষ্ঠান, দোকান–পোহাৰ বন্ধ থকাৰ বিপৰীতে বৰেলী, নৈনীতালত স্বাভাৱিক হৈ আছে জীৱন যাত্ৰা। অৱশ্যে প্ৰয়োজন অবিহনে জনসাধাৰণক ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে প্ৰশাসনে। এইক্ষেত্ৰত দণ্ডাধীশৰ অনুমতি অনিবাৰ্য কৰিছে প্ৰশাসনে। 

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৫ হাজাৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে প্ৰশাসনে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪ গৰাকী লোকক। তাৰ মাজতে উত্তৰাখণ্ডৰ ৰাজ্যপালক সাক্ষাৎ কৰিছে বিৰোধী মৰ্চা ইণ্ডিয়া আৰু নাগৰিক সমাজৰ এক উচ্চস্তৰীয় দলে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে দলটোৱে। ইতিমধ্যে হালদৱানিৰ বনভূলপূৰা আৰক্ষী থানাৰ অধীনৰ অঞ্চলত ঘৰতে আবদ্ধ হৈ পৰিছে ৭০ হাজাৰৰো অধিক বাসিন্দা। ইতিমধ্যে আৰক্ষীয়ে ছীল কৰি দিছে ২ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চল। অব্যাহত আছে সান্ধ্য আইন। 

দুৰ্বৃত্তক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ প্ৰশাসনৰ। তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ আবদ্ধ হৈ থকা লোকসকলৰ। ইতিমধ্যে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়া উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ