--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডত অব্যাহত আছে উত্তেজনা। ৮ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ হালদৱানিত অবৈধ মাদ্ৰাছা আৰু এক নামাজগৃহত প্ৰশাসনে চলোৱা উচ্ছেদৰ পাছতে সূত্ৰপাত ঘটিছিল হিংসাৰ। হাজাৰ হাজাৰ উত্তেজিত লোকে আৰক্ষী–প্ৰশাসনৰ ওপৰত চলাইছিল আক্ৰমণ। 

এই ঘটনাত এতিয়ালৈ ৬জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহত হৈছে ৩০০ৰো অধিক আৰক্ষী–প্ৰশাসনৰ লোক। ইতিমধ্যে ৫০ ঘণ্টা উকলিল এই ঘটনাৰ। তাৰ পাছতো সমগ্ৰ অঞ্চলতে কৰ্তন কৰি ৰখা হৈছে ইণ্টাৰনেটসেৱা। ঘটনা সংঘটিত হোৱা বনভুলপূৰাত বিগত ৩দিন ধৰি অব্যাহত আছে সান্ধ্য আইন। অৱশ্যে তাৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণত আছে নৈনীতাল, বৰেলীৰ দৰে অঞ্চলৰ। 

বনভুলপূৰাত শিক্ষানুষ্ঠান, দোকান–পোহাৰ বন্ধ থকাৰ বিপৰীতে বৰেলী, নৈনীতালত স্বাভাৱিক হৈ আছে জীৱন যাত্ৰা। অৱশ্যে প্ৰয়োজন অবিহনে জনসাধাৰণক ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে প্ৰশাসনে। এইক্ষেত্ৰত দণ্ডাধীশৰ অনুমতি অনিবাৰ্য কৰিছে প্ৰশাসনে। 

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৫ হাজাৰ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে প্ৰশাসনে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪ গৰাকী লোকক। তাৰ মাজতে উত্তৰাখণ্ডৰ ৰাজ্যপালক সাক্ষাৎ কৰিছে বিৰোধী মৰ্চা ইণ্ডিয়া আৰু নাগৰিক সমাজৰ এক উচ্চস্তৰীয় দলে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে দলটোৱে। ইতিমধ্যে হালদৱানিৰ বনভূলপূৰা আৰক্ষী থানাৰ অধীনৰ অঞ্চলত ঘৰতে আবদ্ধ হৈ পৰিছে ৭০ হাজাৰৰো অধিক বাসিন্দা। ইতিমধ্যে আৰক্ষীয়ে ছীল কৰি দিছে ২ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চল। অব্যাহত আছে সান্ধ্য আইন। 

দুৰ্বৃত্তক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ প্ৰশাসনৰ। তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ আবদ্ধ হৈ থকা লোকসকলৰ। ইতিমধ্যে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়া উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু