--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যৰে উপত্যকাটোত অব্যাহত ৰাখিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। নিৰাপত্তাৰক্ষীয়ে ধাৰাবাহিকভাৱে চলাই থকা এনে অভিযানত ইতিমধ্যে শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে। শনিবাৰে পুৱা এনে এক সন্ত্ৰাসবাদ বিৰোধী অভিযানতে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত এগৰাকী সন্ত্ৰাসবাদী সদস্য নিহত হয়।

জম্মু-কাশ্মীৰৰ এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে জিলাখনৰ ক্ৰেৰী অঞ্চলৰ ৱানিগাম বালাত দুগৰাকী সন্ত্ৰাসবাদী সদস্যই আশ্ৰয় লৈ থকাৰ সম্ভেদ লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষীয়ে এক তালাচী অভিযান আৰম্ভ কৰে।

ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এই যুটীয়া অভিযানকাৰী দলটোৱে সন্ত্ৰাসবাদী সদস্য কেইগৰাকী থকা এলেকাটো ঘেৰাও কৰি এক নিৰাপত্তা বেষ্টনী গঢ়ি তোলে। কিন্তু দলটোৰ উপস্থিতিৰ বুজ পোৱাৰ পাছতে দুয়োগৰাকী সন্ত্ৰাসবাদীয়ে দলটোৰ ওপৰত গুলীবৰ্ষণ কৰে বুলি এগৰাকী সেনা বিষয়াই উল্লেখ কৰিছে।

তেওঁৰ ভাষ্য অনুসৰি এই গুলীবৰ্ষণৰ পিছতে নিৰাপত্তাৰক্ষীৰ অভিযানকাৰী দলটোৱে প্ৰতি আক্ৰমণ কৰে আৰু দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। আনহাতে জীৱিত অৱস্থাত থকা আনগৰাকী সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত আছে বুলিও তেওঁ লগতে কয়।

লক্ষ্যণীয়ভাৱে সংঘৰ্ষস্থলীৰ কাষতে থকা এটা মছজিদৰ সুৰক্ষাৰ বাবে নিৰাপত্তাৰক্ষী বাহিনীয়ে সংঘৰ্ষত অতি কম পৰিমাণত যুদ্ধ সামগ্ৰী ব্যৱহাৰ কৰিছিল বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে। তেওঁ লগতে কয় যে সংঘৰ্ষৰ সময়ত মছজিদত যাতে কোনো ক্ষয়-ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মছজিদৰ সন্মুখত নিৰাপত্তাৰক্ষীয়ে ব্যৱহাৰ কৰা বুলেটপ্ৰুফ বাহনসমূহ ৰখাই দিয়া হৈছিল।

বাৰামুলা জিলাত সংঘটিত এই সংঘৰ্ষৰ সময়তে উপত্যকাটোৰ কুপৱাৰা জিলাটো নিৰাপত্তাৰক্ষীয়ে আন এক অভিযান চলায় বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে সদৰি কৰিছে। এই অভিযানত নিৰাপত্তাৰক্ষী বাহিনীয়ে লস্কৰ-ই-তৈবা সংগঠনৰ সৈতে জড়িত দুজন সন্ত্ৰাসবাদী সদস্যক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ