--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যৰে উপত্যকাটোত অব্যাহত ৰাখিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। নিৰাপত্তাৰক্ষীয়ে ধাৰাবাহিকভাৱে চলাই থকা এনে অভিযানত ইতিমধ্যে শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে। শনিবাৰে পুৱা এনে এক সন্ত্ৰাসবাদ বিৰোধী অভিযানতে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত এগৰাকী সন্ত্ৰাসবাদী সদস্য নিহত হয়।

জম্মু-কাশ্মীৰৰ এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে জিলাখনৰ ক্ৰেৰী অঞ্চলৰ ৱানিগাম বালাত দুগৰাকী সন্ত্ৰাসবাদী সদস্যই আশ্ৰয় লৈ থকাৰ সম্ভেদ লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষীয়ে এক তালাচী অভিযান আৰম্ভ কৰে।

ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এই যুটীয়া অভিযানকাৰী দলটোৱে সন্ত্ৰাসবাদী সদস্য কেইগৰাকী থকা এলেকাটো ঘেৰাও কৰি এক নিৰাপত্তা বেষ্টনী গঢ়ি তোলে। কিন্তু দলটোৰ উপস্থিতিৰ বুজ পোৱাৰ পাছতে দুয়োগৰাকী সন্ত্ৰাসবাদীয়ে দলটোৰ ওপৰত গুলীবৰ্ষণ কৰে বুলি এগৰাকী সেনা বিষয়াই উল্লেখ কৰিছে।

তেওঁৰ ভাষ্য অনুসৰি এই গুলীবৰ্ষণৰ পিছতে নিৰাপত্তাৰক্ষীৰ অভিযানকাৰী দলটোৱে প্ৰতি আক্ৰমণ কৰে আৰু দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। আনহাতে জীৱিত অৱস্থাত থকা আনগৰাকী সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত আছে বুলিও তেওঁ লগতে কয়।

লক্ষ্যণীয়ভাৱে সংঘৰ্ষস্থলীৰ কাষতে থকা এটা মছজিদৰ সুৰক্ষাৰ বাবে নিৰাপত্তাৰক্ষী বাহিনীয়ে সংঘৰ্ষত অতি কম পৰিমাণত যুদ্ধ সামগ্ৰী ব্যৱহাৰ কৰিছিল বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে। তেওঁ লগতে কয় যে সংঘৰ্ষৰ সময়ত মছজিদত যাতে কোনো ক্ষয়-ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মছজিদৰ সন্মুখত নিৰাপত্তাৰক্ষীয়ে ব্যৱহাৰ কৰা বুলেটপ্ৰুফ বাহনসমূহ ৰখাই দিয়া হৈছিল।

বাৰামুলা জিলাত সংঘটিত এই সংঘৰ্ষৰ সময়তে উপত্যকাটোৰ কুপৱাৰা জিলাটো নিৰাপত্তাৰক্ষীয়ে আন এক অভিযান চলায় বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে সদৰি কৰিছে। এই অভিযানত নিৰাপত্তাৰক্ষী বাহিনীয়ে লস্কৰ-ই-তৈবা সংগঠনৰ সৈতে জড়িত দুজন সন্ত্ৰাসবাদী সদস্যক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট