--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অচিৰেই হেণ্ডকাফ লাগিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ হাতত৷ সুৰক্ষামূলক জামিনৰ ম্যাদ উকলিৰ পাছতেই গ্ৰেপ্তাৰ হব ইমৰান খান৷ ইমৰান খানৰ এই বিপদাশংকাক ৰাজহুৱা কৰিলে পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে৷ ছানাউল্লাহে কয়  যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক তেওঁৰ সুৰক্ষামূলক জামিনৰ ম্যাদ উকলি যোৱাৰ পাছত গ্ৰেপ্তাৰ কৰা হব। ইমৰান খানক সাম্প্ৰদায়িক সংঘৰ্ষ, ৰাজদ্ৰোহ, বিশৃংখলতা আৰু ফেডাৰেচনৰ ওপৰত সশস্ত্ৰ আক্ৰমণকে ধৰি দুই ডজনৰো অধিক গোচৰত অভিযুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে৷  

 

ৰাণা ছানাউল্লাহে লগতে এয়াও কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বানীগালা বাসগৃহৰ বাহিৰৰ নিৰাপত্তাৰক্ষীয়ে তেওঁৰ জামিন শেষ হোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰিব। উল্লেখযোগ্য যে, পেছাৱাৰ উচ্চ ন্যায়ালয়ে (পিএইচচি) ইমৰান খানক পাকিস্তানী ৫০,০০০ টকাৰ জামিন বণ্ডৰ বিপৰীতে ২ জুনত তিনি সপ্তাহৰ ট্ৰেঞ্জিট জামিন প্ৰদান কৰে। আনহাতে, পাকিস্তান মুছলিম লীগ-নৱাজে দাবী কৰিছে যে পাকিস্তান তেহৰিক-ই-ইনচাফ চৰকাৰৰ কাৰ্যকালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান, তেওঁৰ পত্নী বুশ্ৰা বিবি আৰু তেওঁৰ বন্ধু ফাৰাহ গোগীৰ ট্ৰাইকাই বিলিয়ন উপাৰ্জন কৰিছিল।

 

পিএমএল-এনৰ নেতা আত্তা উল্লাহ তাৰাৰে এখন সংবাদমেলত কয়, এইটো ২০১৯ চনত আৰম্ভ হৈছিল৷ যেতিয়া ইমৰান খানে আহছান জামিল গুজ্জৰ ফাৰাহৰ স্বামীক ক্ষমা আঁচনিৰ অধীনত ৩২০ নিযুত টকাৰ পাকিস্তানী টকাৰ সাহায্য দিছিল। তেওঁ এজন ব্যৱসায়ী আৰু তেওঁৰ জীয়েকৰ মাজত হোৱা কথোপকথনৰ এটা ফোন ৰেকৰ্ডিং ৰাজহুৱা কৰে৷  ফাৰাহে কেনেদৰে প্ৰাক্তন প্ৰথম মহিলাগৰাকীৰ বাবে উপহাৰ দাবী কৰিছিল, সেয়া সেই বিস্ফোৰক কল ৰেকৰ্ডিংটোৱেই উদঙাই দিছে৷

 

পাকিস্তানৰ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি, বাৰ্তালাপৰ সময়ত মহিলাগৰাকীয়ে তেওঁৰ দেউতাকক কৈছিল যে ফাৰাহ গোগীয়ে প্ৰকল্পৰ স্থানত তলা আঁতৰোোৱা আৰু তেওঁৰ দেউতাকৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰত্যাহাৰ কৰাৰ বিনিময়ত বুশ্ৰা বিবিৰ বাবে উপহাৰ হিচাপে মূল্যৱান হীৰা দাবী কৰিছিল।



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান