--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অচিৰেই হেণ্ডকাফ লাগিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ হাতত৷ সুৰক্ষামূলক জামিনৰ ম্যাদ উকলিৰ পাছতেই গ্ৰেপ্তাৰ হ’ব ইমৰান খান৷ ইমৰান খানৰ এই বিপদাশংকাক ৰাজহুৱা কৰিলে পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে৷ ছানাউল্লাহে কয়  যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক তেওঁৰ সুৰক্ষামূলক জামিনৰ ম্যাদ উকলি যোৱাৰ পাছত গ্ৰেপ্তাৰ কৰা হ’ব। ইমৰান খানক সাম্প্ৰদায়িক সংঘৰ্ষ, ৰাজদ্ৰোহ, বিশৃংখলতা আৰু ফেডাৰেচনৰ ওপৰত সশস্ত্ৰ আক্ৰমণকে ধৰি দুই ডজনৰো অধিক গোচৰত অভিযুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে৷  

 

ৰাণা ছানাউল্লাহে লগতে এয়াও কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বানীগালা বাসগৃহৰ বাহিৰৰ নিৰাপত্তাৰক্ষীয়ে তেওঁৰ জামিন শেষ হোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰিব। উল্লেখযোগ্য যে, পেছাৱাৰ উচ্চ ন্যায়ালয়ে (পিএইচচি) ইমৰান খানক পাকিস্তানী ৫০,০০০ টকাৰ জামিন বণ্ডৰ বিপৰীতে ২ জুনত তিনি সপ্তাহৰ ট্ৰেঞ্জিট জামিন প্ৰদান কৰে। আনহাতে, পাকিস্তান মুছলিম লীগ-নৱাজে দাবী কৰিছে যে পাকিস্তান তেহৰিক-ই-ইনচাফ চৰকাৰৰ কাৰ্যকালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান, তেওঁৰ পত্নী বুশ্ৰা বিবি আৰু তেওঁৰ বন্ধু ফাৰাহ গোগীৰ ট্ৰাইকাই বিলিয়ন উপাৰ্জন কৰিছিল।

 

পিএমএল-এনৰ নেতা আত্তা উল্লাহ তাৰাৰে এখন সংবাদমেলত কয়, এইটো ২০১৯ চনত আৰম্ভ হৈছিল৷ যেতিয়া ইমৰান খানে আহছান জামিল গুজ্জৰ ফাৰাহৰ স্বামীক ক্ষমা আঁচনিৰ অধীনত ৩২০ নিযুত টকাৰ পাকিস্তানী টকাৰ সাহায্য দিছিল। তেওঁ এজন ব্যৱসায়ী আৰু তেওঁৰ জীয়েকৰ মাজত হোৱা কথোপকথনৰ এটা ফোন ৰেকৰ্ডিং ৰাজহুৱা কৰে৷  ফাৰাহে কেনেদৰে প্ৰাক্তন প্ৰথম মহিলাগৰাকীৰ বাবে উপহাৰ দাবী কৰিছিল, সেয়া সেই বিস্ফোৰক কল ৰেকৰ্ডিংটোৱেই উদঙাই দিছে৷

 

পাকিস্তানৰ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি, বাৰ্তালাপৰ সময়ত মহিলাগৰাকীয়ে তেওঁৰ দেউতাকক কৈছিল যে ফাৰাহ গোগীয়ে প্ৰকল্পৰ স্থানত তলা আঁতৰোোৱা আৰু তেওঁৰ দেউতাকৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰত্যাহাৰ কৰাৰ বিনিময়ত বুশ্ৰা বিবিৰ বাবে উপহাৰ হিচাপে মূল্যৱান হীৰা দাবী কৰিছিল।



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?