--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুকাৰ বিজয়ী লেখক ছলমান ৰুছডিয়ে ২০২২ চনত নিউয়ৰ্কত সংঘটিত আক্ৰমণৰ ঘটনাৰ আধাৰত এখন কিতাপ লিখিছে। ১১ অক্টোবৰ, বুধবাৰে প্ৰকাশন কোম্পানী পেংগুইন ৰেণ্ডম হাউছে এই কথা ঘোষণা কৰে। নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি ৰুছডিৰ কিতাপখনৰ নাম ‘নাইফ: মেডিটেচনছ আফটাৰ এণ্টেম্পটেড মাৰ্ডাৰ’। ২০২৪ চনৰ ১৬ এপ্ৰিলত প্ৰকাশ পাব গ্ৰন্থখন।

৭৫ বছৰীয়া ৰুছদীক শটকা ইনষ্টিটিউচনত আক্ৰমণ। ঘটনাৰ লগে লগে সমগ্ৰ থিয়েটাৰখন খালী কৰা হয়। ঘটনাৰ পিছতে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মঞ্চত এজন ব্যক্তিৰ সৈতে ৰুছদীক চিনাকি কৰাই দিয়া হৈছিল। সেই সময়ত দুস্কৃতিকাৰীয়ে তেওঁৰ ওপৰত জপিয়াই পৰিল। ৰুছদীক কমেও ১০-১৫ বাৰ ছুৰীৰে আঘাত কৰা হয়। ডিঙিত অনবৰতে খুন্দা মাৰিছিল।

এই ঘটনাৰ পিছত লেখকৰ এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলালে। এই আক্ৰমণৰ পিছত লেখকগৰাকী দীৰ্ঘদিন ধৰি পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (PTSD) ৰোগত আক্ৰান্ত হৈ আছিল। নিউয়ৰ্ক টাইমছক ৰুছডিয়ে কয় যে এই কিতাপখন লিখাটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। শিল্পৰ জৰিয়তে ঘটা হিংসাৰ প্ৰতি সঁহাৰি জনাব বিচাৰিছিলো।

এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই আক্ৰমণকাৰীৰ দাৰে আক্ৰমণৰ ফলত হাত এখন অসাৰ হৈ পৰিছে, ডিঙিৰ স্নায়ুতো গভীৰ আঘাত হৈছে, তথাপিও ভাৰতত জন্মগ্ৰহণ কৰা লেখক ছলমান ৰুছদি ভাঙিবলৈ ইচ্ছুক নহয়।

যোৱা বছৰৰ ১২ আগষ্টত নিউয়ৰ্কত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁক আক্ৰমণ কৰা হৈছিল। মে’ মাহত সেই আমেৰিকাৰ চহৰখনৰ কোনো এটা অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত উপস্থিত হৈছিল লেখকগৰাকী। সেইদিনা তেওঁ কৈছিল- সন্ত্ৰাসবাদে আমাক ভয় খুৱাব নালাগে। ঈৰ্ষাত নীৰৱ নহব। যুঁজখন চলি থাকিব লাগিব। কাজিয়া চলি থাকিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত