--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলী বোমাৰ দ্বাৰা হামাছৰ বায়ুসেনাৰ প্ৰধান নিহত  হৈছে। ইহুদী ৰাষ্ট্ৰ খনৰ  সামৰিক বাহিনীয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে শুকুৰবাৰৰ পৰা গাজা ষ্ট্ৰিপত আক্ৰমণ চলাই আছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক্স-হেণ্ডেলত প্ৰকাশ কৰা এক বিবৃতিত কয়, "শনিবাৰে ইজৰাইলী বায়ু সেনাই হামাছৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰে। 

ইয়াৰ পৰাই  সন্ত্ৰাসবাদীসকলে সকলো সন্ত্ৰাসবাদী কাৰ্যকলাপ পৰিচালনা কৰি আহিছে। এই আক্ৰমণত হামাছৰ বায়ু সেনাৰ মুৰব্বী মুৰাদ আবু মুৰাদ নিহত হৈছে।’’  উল্লেখ্য ইজৰাইলৰ  প্ৰধানমন্ত্ৰী নেতান্যাহুৱে সকলো শত্ৰুক হত্যা কৰাৰ ভাবুকি দিছিল। তেওঁ ভাবুকি দি কৈছিল, "এয়া মাত্ৰ আৰম্ভণি।"   


নেতান্যাহুৱে এক বিবৃতিত হামাছক "অসৎ" আখ্যা  দি কৈছিল , "আমাৰ শত্ৰুসকলে কেৱল তেওঁলোকৰ কাৰ্য্যৰ মূল্য পৰিশোধ কৰিছে।" উল্লেখ্য ইজৰাইলী সেনাই শুক্ৰবাৰে গাজা ষ্ট্ৰিপত আক্ৰমণ আৰম্ভ কৰিছিল। ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কৈছে যে ইজৰাইলী সামৰিক বাহিনীয়ে পেলেষ্টাইনী  ৰকেট আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ  প্ৰতি আক্ৰমণ কৰিছে। 

ইজৰাইলৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই গাজাত হামাছৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰ য়াদ আল-বোজোমে কয় : "আমি সকলো লোকক ঘৰৰ ভিতৰত  থাকিবলৈ কৈছো, তেওঁলোকে গাজা ভূখণ্ড এৰি যোৱাৰ কোনো প্ৰয়োজন নাই।" ইহুদী ৰাষ্ট্ৰখনৰ আক্ৰমণৰ ফলত গাজাৰ বৃহৎ অংশ প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে। গাজাৰ বাসিন্দাসকলে চাৰিওফালে গুলীবৰ্ষণৰ মাজত থাকিবলগীয়া হৈছে। গাজাত এতিয়ালৈকে ১,৫০০ ৰো অধিক লোক নিহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত