--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলী বোমাৰ দ্বাৰা হামাছৰ বায়ুসেনাৰ প্ৰধান নিহত  হৈছে। ইহুদী ৰাষ্ট্ৰ খনৰ  সামৰিক বাহিনীয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে শুকুৰবাৰৰ পৰা গাজা ষ্ট্ৰিপত আক্ৰমণ চলাই আছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক্স-হেণ্ডেলত প্ৰকাশ কৰা এক বিবৃতিত কয়, "শনিবাৰে ইজৰাইলী বায়ু সেনাই হামাছৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰে। 

ইয়াৰ পৰাই  সন্ত্ৰাসবাদীসকলে সকলো সন্ত্ৰাসবাদী কাৰ্যকলাপ পৰিচালনা কৰি আহিছে। এই আক্ৰমণত হামাছৰ বায়ু সেনাৰ মুৰব্বী মুৰাদ আবু মুৰাদ নিহত হৈছে।’’  উল্লেখ্য ইজৰাইলৰ  প্ৰধানমন্ত্ৰী নেতান্যাহুৱে সকলো শত্ৰুক হত্যা কৰাৰ ভাবুকি দিছিল। তেওঁ ভাবুকি দি কৈছিল, "এয়া মাত্ৰ আৰম্ভণি।"   


নেতান্যাহুৱে এক বিবৃতিত হামাছক "অসৎ" আখ্যা  দি কৈছিল , "আমাৰ শত্ৰুসকলে কেৱল তেওঁলোকৰ কাৰ্য্যৰ মূল্য পৰিশোধ কৰিছে।" উল্লেখ্য ইজৰাইলী সেনাই শুক্ৰবাৰে গাজা ষ্ট্ৰিপত আক্ৰমণ আৰম্ভ কৰিছিল। ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কৈছে যে ইজৰাইলী সামৰিক বাহিনীয়ে পেলেষ্টাইনী  ৰকেট আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ  প্ৰতি আক্ৰমণ কৰিছে। 

ইজৰাইলৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই গাজাত হামাছৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰ য়াদ আল-বোজোমে কয় : "আমি সকলো লোকক ঘৰৰ ভিতৰত  থাকিবলৈ কৈছো, তেওঁলোকে গাজা ভূখণ্ড এৰি যোৱাৰ কোনো প্ৰয়োজন নাই।" ইহুদী ৰাষ্ট্ৰখনৰ আক্ৰমণৰ ফলত গাজাৰ বৃহৎ অংশ প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে। গাজাৰ বাসিন্দাসকলে চাৰিওফালে গুলীবৰ্ষণৰ মাজত থাকিবলগীয়া হৈছে। গাজাত এতিয়ালৈকে ১,৫০০ ৰো অধিক লোক নিহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন