--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২৩ চনৰ ভিতৰত ভাৰতে চীনক অতিক্ৰম কৰিব। চীনৰ জনসংখ্যাতকৈ অধিক হ’ব ভাৰতৰ জনসংখ্যা। তদুপৰি নৱেম্বৰৰ ১৫ তাৰিখৰ ভিতৰত বিশ্বৰ জনসংখ্যা আঠ বিলিয়নত ভৰি থব। ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড পপুলেচন প্ৰচপেক্টছ ২০২২ৰ এক প্ৰতিবেদনত এই ভৱিষ্যৎ বাণী কৰা হৈছে।

ভাৰতৰ উপৰিও ২০৫০ চনৰ ভিতৰত নাইজেৰিয়া, ইথিঅ’পিয়া আৰু ফিলিপাইনছকে ধৰি আঠখন দেশত ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি পাব।

জনসংখ্যা বৃদ্ধিৰ লগে লগে বিশ্বত ব্যাপক হাৰত জলবায়ু আৰু খাদ্য সংকট, অৰ্থনৈতিক অসমতা, প্ৰব্ৰজনৰ দৰে সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিব। কিন্তু ৰাষ্ট্ৰসংঘৰ এগৰাকী বিষয়া ডঃ নাটালিয়া কানেমে বিষয়টো লৈ শংকিত হ’বলৈ বাৰণ কৰিছে।

ইয়াৰ পৰিৱৰ্তে তেওঁ দেশসমূহক দাৰিদ্ৰপীড়িত সামাজিক বৰ্গসমূহক সহযোগ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে জনসংখ্যা বৃদ্ধি ভয়ৰ কাৰণ হ’ব নোৱাৰে। কেৱল কিছু ব্যৱস্থাৰ মাজেৰে এইসমূহ মোকাবিলা কৰিব লাগিব।

আনহাতে জন্ম নিয়ন্ত্ৰণৰ বিষয়টো উত্থাপন কৰি তেওঁ কয় যে ইয়াৰ স’তে সংযুক্ত থকা মানৱ অধিকাৰ উলংঘনক কেতিয়াও মানি ল’ব নোৱাৰি। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত কেতিয়া গৰ্ভধাৰণ কৰিব আৰু কেতিয়া গৰ্ভপাত কৰিব, সেই বিষয়টোক লৈ তেওঁ আলোকপাত কৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু