--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২৩ চনৰ ভিতৰত ভাৰতে চীনক অতিক্ৰম কৰিব। চীনৰ জনসংখ্যাতকৈ অধিক হ’ব ভাৰতৰ জনসংখ্যা। তদুপৰি নৱেম্বৰৰ ১৫ তাৰিখৰ ভিতৰত বিশ্বৰ জনসংখ্যা আঠ বিলিয়নত ভৰি থব। ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড পপুলেচন প্ৰচপেক্টছ ২০২২ৰ এক প্ৰতিবেদনত এই ভৱিষ্যৎ বাণী কৰা হৈছে।

ভাৰতৰ উপৰিও ২০৫০ চনৰ ভিতৰত নাইজেৰিয়া, ইথিঅ’পিয়া আৰু ফিলিপাইনছকে ধৰি আঠখন দেশত ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি পাব।

জনসংখ্যা বৃদ্ধিৰ লগে লগে বিশ্বত ব্যাপক হাৰত জলবায়ু আৰু খাদ্য সংকট, অৰ্থনৈতিক অসমতা, প্ৰব্ৰজনৰ দৰে সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিব। কিন্তু ৰাষ্ট্ৰসংঘৰ এগৰাকী বিষয়া ডঃ নাটালিয়া কানেমে বিষয়টো লৈ শংকিত হ’বলৈ বাৰণ কৰিছে।

ইয়াৰ পৰিৱৰ্তে তেওঁ দেশসমূহক দাৰিদ্ৰপীড়িত সামাজিক বৰ্গসমূহক সহযোগ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে জনসংখ্যা বৃদ্ধি ভয়ৰ কাৰণ হ’ব নোৱাৰে। কেৱল কিছু ব্যৱস্থাৰ মাজেৰে এইসমূহ মোকাবিলা কৰিব লাগিব।

আনহাতে জন্ম নিয়ন্ত্ৰণৰ বিষয়টো উত্থাপন কৰি তেওঁ কয় যে ইয়াৰ স’তে সংযুক্ত থকা মানৱ অধিকাৰ উলংঘনক কেতিয়াও মানি ল’ব নোৱাৰি। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত কেতিয়া গৰ্ভধাৰণ কৰিব আৰু কেতিয়া গৰ্ভপাত কৰিব, সেই বিষয়টোক লৈ তেওঁ আলোকপাত কৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক