--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত দৰিদ্ৰতাৰ পৰা মুক্তিলাভ কৰিছে এক বুজনসংখ্যক লোকে। ২০০৫-০৬ বৰ্ষৰ পৰা ২০১৯-২১ বৰ্ষলৈকে প্ৰায় ৪১৫ মিলিয়ন লোকে দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। এই তথ্য পোৱা গৈছে ইউনাইটেড নেচনছ ডেভলপমেণ্ট প্ৰগ্ৰেম আৰু অক্সফ’ৰ্ড পভাৰ্টি এণ্ড হিউমেন ডেভলপমেণ্ট ইনিচিয়েটিভৰ দ্বাৰা সোমবাৰে প্ৰকাশিত গ্ল’বেল মাল্টিডাইমেনচনেল প’ভাৰ্টি ইনডেক্স ২০২২ত।

 

দৰিদ্ৰতাৰ পৰা সকাহ পোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিলেও ভাৰততে বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক দাৰিদ্ৰ্যপীড়িত লোকে বাস কৰে। ২০২০ চনত ইয়াৰ পৰিমাণ হৈছে ২২৮.৯ মিলিয়ন লোক।

 

আনহাতে, ২০০৫-০৬ৰ পৰা ২০১৯-২১ বৰ্ষলৈকে দৰিদ্ৰতাৰ গ্ৰাসত পৰা ভাৰতীয় লোকৰ সংখ্যা হৈছে ৫৫ৰ পৰা ১৬ শতাংশ। অৱশ্যে এই তথ্যসমূহত মহামাৰীৰ পাছৰ পৰিস্থিতিৰ বিষয়ে একো সন্নিৱিষ্ট কৰা নাই। তৎসত্বেও মহামাৰীয়ে দৰিদ্ৰতা, খাদ্য সংকটৰ সৃষ্টি কৰিছে বুলি তাত কোৱা হৈছে।

 

কোৱা হৈছে ভাৰতৰ জনসংখ্যাই ক’ভিড মহামাৰী, খাদ্য আৰু ইন্ধনৰ মূল্যবৃদ্ধিৰ দৰে দুঃসহ পৰিস্থিতিৰ সন্মুখিন হৈছে। এই সম্পৰ্কত উপযুক্ত ব্যৱস্থা ল’বলৈও তাত কোৱা হৈছে।

 

উল্লেখ্য যে দা গ্ল’বেল মাল্টিডাইমেনটনেল প’ভাৰ্টি ইনডেক্সৰ প্ৰতিবেদনক বিশ্বৰ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন হিচাপে ধৰা হয়। ২০১০ চনৰ পৰা প্ৰকাশ পাই অহা এই প্ৰতিবেদনত বিশ্বৰ ১০০ খনতকৈও অধিক উন্নয়নশীল দেশৰ ওপৰত তথ্য প্ৰকাশ কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক