--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত দৰিদ্ৰতাৰ পৰা মুক্তিলাভ কৰিছে এক বুজনসংখ্যক লোকে। ২০০৫-০৬ বৰ্ষৰ পৰা ২০১৯-২১ বৰ্ষলৈকে প্ৰায় ৪১৫ মিলিয়ন লোকে দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। এই তথ্য পোৱা গৈছে ইউনাইটেড নেচনছ ডেভলপমেণ্ট প্ৰগ্ৰেম আৰু অক্সফ’ৰ্ড পভাৰ্টি এণ্ড হিউমেন ডেভলপমেণ্ট ইনিচিয়েটিভৰ দ্বাৰা সোমবাৰে প্ৰকাশিত গ্ল’বেল মাল্টিডাইমেনচনেল প’ভাৰ্টি ইনডেক্স ২০২২ত।

 

দৰিদ্ৰতাৰ পৰা সকাহ পোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিলেও ভাৰততে বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক দাৰিদ্ৰ্যপীড়িত লোকে বাস কৰে। ২০২০ চনত ইয়াৰ পৰিমাণ হৈছে ২২৮.৯ মিলিয়ন লোক।

 

আনহাতে, ২০০৫-০৬ৰ পৰা ২০১৯-২১ বৰ্ষলৈকে দৰিদ্ৰতাৰ গ্ৰাসত পৰা ভাৰতীয় লোকৰ সংখ্যা হৈছে ৫৫ৰ পৰা ১৬ শতাংশ। অৱশ্যে এই তথ্যসমূহত মহামাৰীৰ পাছৰ পৰিস্থিতিৰ বিষয়ে একো সন্নিৱিষ্ট কৰা নাই। তৎসত্বেও মহামাৰীয়ে দৰিদ্ৰতা, খাদ্য সংকটৰ সৃষ্টি কৰিছে বুলি তাত কোৱা হৈছে।

 

কোৱা হৈছে ভাৰতৰ জনসংখ্যাই ক’ভিড মহামাৰী, খাদ্য আৰু ইন্ধনৰ মূল্যবৃদ্ধিৰ দৰে দুঃসহ পৰিস্থিতিৰ সন্মুখিন হৈছে। এই সম্পৰ্কত উপযুক্ত ব্যৱস্থা ল’বলৈও তাত কোৱা হৈছে।

 

উল্লেখ্য যে দা গ্ল’বেল মাল্টিডাইমেনটনেল প’ভাৰ্টি ইনডেক্সৰ প্ৰতিবেদনক বিশ্বৰ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন হিচাপে ধৰা হয়। ২০১০ চনৰ পৰা প্ৰকাশ পাই অহা এই প্ৰতিবেদনত বিশ্বৰ ১০০ খনতকৈও অধিক উন্নয়নশীল দেশৰ ওপৰত তথ্য প্ৰকাশ কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু