--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা চিনাকি নাৰীকণ্ঠ৷ আপুনি অচিনাকি ঠাইলৈ গৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই, এটা চিনাকি নাৰীকণ্ঠই জনাই দিব কোনফালে কি পথ আছে, কোনফালে গ’লে গন্তব্যস্থান পাব পাৰি৷ স্মাৰ্ট ফোনৰ জিপিএছত গন্তব্যস্থানৰ নাম লিখিলেই এটা শান্ত, স্পষ্ট নাৰী কণ্ঠই গন্তব্যস্থানলৈ যোৱাৰ পথ নিৰ্দেশনা দিব। সেই নাৰী কণ্ঠটো বৰ চিনাকি। কিন্তু কণ্ঠটো যাৰ, তেওঁৰ নাম আৰু পৰিচয় বহুতৰে অজ্ঞাত।

জিপিএছত শুনা মহিলাৰ মাতটো হৈছে কেৰেন এলিজাবেথ জেকবচেন নামৰ এগৰাকী যুৱতীৰ। 'দ্য জিপিএছ গাৰ্ল' নামেৰেও পৰিচিত কেৰেন। জন্ম হৈছিল অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ মেকেত। সাত বছৰ বয়সৰ পৰাই তেওঁ গীত লিখিছিল আৰু গাইছিল। কুইন্সলেণ্ড কনজাৰ্ভেটৰিয়াম গ্ৰীফিথ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পিছলৈ পিয়ানো অধ্যয়ন কৰে।

কেৰেনে সৰুৰে পৰাই গায়িকা হোৱাৰ সপোন দেখিছিল। সেই সপোনক মনত ৰাখি ২০২০ চনত তেওঁ অষ্ট্ৰেলিয়াৰ পৰা নিউয়ৰ্কলৈ গুচি যায়। কেৰেনে আগতে আমেৰিকাৰ বিভিন্ন প্ৰডাকচন কোম্পানীত কাম কৰিছিল গায়িকা হিচাপে সুযোগ পোৱাৰ আশাত। কিন্তু দুবছৰ ধৰি তেওঁ নিজৰ ভাগ্যৰ কথা গম নাপালে।

সেই সুযোগ ২০০২ চনত কেৰেনৰ হাতত আহিছিল। তেওঁক কণ্ঠশিল্পী হিচাপে চাকৰিৰ প্ৰস্তাৱ দিয়া হৈছিল। যদিও কেৰেনৰ কামটোৰ প্ৰতি ইমান আগ্ৰহী নাছিল, তথাপিও তাই কামটো কৰিবলৈ মান্তি হ’ল।  কেৰেনে কণ্ঠশিল্পী হিচাপে অডিচন দিয়ে। সেই চাকৰিৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছিল।


কেৰেনে লগতে কয়, “সংগঠনে এনে এটা কণ্ঠ বিচাৰিছিল যিটো শান্ত, সামঞ্জস্যপূৰ্ণ আৰু স্পষ্ট। আৰু সেইবাবেই মোক চাকৰিটো দিয়া হৈছিল।'' কেৰেনক জনোৱা হয় যে তাইৰ মাতটো জিপিএছত ব্যৱহাৰ কৰা হ’ব। লাহে লাহে সেই কামৰ প্ৰতি তেওঁৰ আগ্ৰহো বাঢ়ি আহিল।

কোম্পানীটোৱে কেৰেনৰ কণ্ঠত কেইবাটাও ইংৰাজী বাক্যাংশ ৰেকৰ্ড কৰিছিল যিবোৰ জিপিএছত ব্যৱহাৰ কৰা হয়। এই ৰেকৰ্ডিংটো প্ৰায় ৫০ ঘণ্টা ধৰি চলিছিল। কেৰেনে চাকৰিৰ মাজত চাৰি ঘণ্টাৰ জিৰণি লৈছিল। ইয়াৰ পিছত পুনৰ ৰেকৰ্ডিং প্ৰক্ৰিয়া চলিছিল। আধুনিক প্ৰযুক্তিৰ জৰিয়তে জিপিএছত সেই কণ্ঠটো যোগ কৰাৰ পিছত ই বিপুল জনপ্ৰিয়তা লাভ কৰিছিল।

জিপিএছত মাত দিয়াৰ পিছত কেৰেনে কেতিয়াও পিছলৈ ঘূৰি নাচালে। এটা এটাকৈ বহু চাকৰিৰ অফাৰ পাবলৈ ধৰিলে। বৰ্তমান কেৰেন এগৰাকী জনপ্ৰিয় মনোৰঞ্জক, গায়িকা, গীতিকাৰ, কণ্ঠশিল্পী আৰু প্ৰেৰণাদায়ক বক্তা। টেলিভিছনৰ কেইবাটাও অনুষ্ঠানত উপস্থাপক হিচাপেও কাম কৰা দেখা গৈছে।

অষ্ট্ৰেলিয়াৰ পৰা আমেৰিকালৈ অহাৰ পিছত কেৰেনে কমেও ১০টা সংগীত এলবামত গীত গাইছে। তেওঁৰ জীৱনৰ সফলতাৰ কাহিনীও আনৰ লগত ভাগ-বতৰা কৰিবলৈ দুখন গ্ৰন্থও লিখিছে।

Covid মহামাৰীৰ বাবে নিউয়ৰ্ক এৰি ২০২০ চনত পুনৰ কুইন্সলেণ্ডলৈ গুচি যায় কেৰেনে। তাত তেওঁ চৰকাৰৰ বাবে কেইবাটাও প্ৰচাৰ অভিযানত কাম কৰিছিল।

২০০২ চনত কেৰেনে ৰেকৰ্ড কৰা একেটা কণ্ঠ আজিও বিশ্বৰ কোটি কোটি গাড়ী আৰু স্মাৰ্টফোনৰ জিপিএছত শুনা যায়। এই প্ৰসংগত কেৰেনে কয়, “মোৰ কণ্ঠ জনপ্ৰিয় কাৰণ মানুহ এতিয়া জিপিএছৰ ওপৰত নিৰ্ভৰশীল। ৰাস্তাত মাজে মাজে জিপিএছৰ প্ৰয়োজন হয়। গতিকে মই বিশ্বৰ কোটি কোটি মানুহৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছো।''












FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে