--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজিৰ দিনটোলৈ ভাৰতত অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা হ’লগৈ ২১৩৷ মঙলবাৰে মহাৰাষ্ট্ৰত ১১গৰাকী লোক নতুনকৈ সংক্ৰমিত হোৱাৰ বাতৰি পোৱা গৈছে৷ একেদৰে কেৰালাত ৪গৰাকী আৰু দিল্লীত দুগৰাকী নতুন ৰোগী পোৱা গৈছে৷ কৰ’না ভাইৰাছৰ এই নতুন প্ৰকাৰ অ’মিক্ৰনৰ সংক্ৰমণ বিশ্বৰ চিকিৎসা সমাজৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে৷ ভাৰতত দ্ৰুতগতিত বিয়পা অ’মিক্ৰনত মহাৰাষ্ট্ৰত ৫৪গৰাকী লোক আক্ৰান্ত হৈছে৷ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত অ’মিক্ৰনৰ ১১টা নতুন সংক্ৰমণৰ তথ্য পোৱা গৈছে৷ কৰ’নাৰ এই তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ আইছ’লেশ্যন ৱাৰ্ড আৰু বিশেষ ভেণ্টিলেটৰ নিৰ্মাণ কৰা হৈছে৷ 


প্ৰথম আৰু দ্বিতীয় ঢৌৰ পাছত, তৃতীয় ঢৌ আৰু অ’মিক্ৰন প্ৰকাৰৰ বৰ্ধিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া সম্ভৱতঃ মানুহৰ মনত ভয় বাঢ়ি আহিছে। দ্বিতীয় ঢৌৱে বহুতো চিকিৎসালয়ত সংকট সৃষ্টি কৰিছিল, কিন্তু দিল্লী এনচিআৰ চিকিৎসালয়সমূহ এতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে, কিয়নো তৃতীয় ঢৌত তেনে কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। নয়ডাৰ ৰিয়েল হাস্পতালত কৰ’নাৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া ১২০০খন বিচনা প্ৰদান কৰা হৈছে। একে সময়তে, ৬৬খন আইচিইউ বিছনা স্থাপন কৰা হৈছে আৰু শিশুসকলৰ বাবে পৃথকে ১৬খন আইচিইউ বিছনাও প্ৰদান কৰা হৈছে।


আনহাতে, ভাৰত বায়’টেকে তৃতীয়পালিৰ তৃতীয় পৰ্যায়ৰ ভেকচিন পৰীক্ষণৰ বাবে আৱেদন কৰিছে৷ কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ বুষ্টাৰ ড’জৰ নিৰন্তৰ আলোচনা চলি আছে। এই সকলোবোৰৰ মাজতে ভাৰত বায়’টেকে দেশত ইয়াৰ ভেকচিনৰ তৃতীয় পালিৰ বাবে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক আৱেদন দাখিল কৰিছে।
এতিয়া অ’মিক্ৰনৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা৷ ভাৰতৰো কেন্দ্ৰীয় চৰকাৰ চিন্তিত হৈ পৰিছে অ’মিক্ৰনৰ সংক্ৰমণৰ বিষয়টোক লৈ৷ কিয়নো, অ'মিক্ৰনৰ সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে পূৰ্বৰ নীতি-নিয়মবোৰকে জনসাধাৰণক মানি চলিবলৈ অনুৰোধ জনাইছে৷ জনসমাগম পৰিহাৰ কৰা, সঘনাই হাত ধোৱা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা ইত্যাদি৷ তাৰ বিপৰীতে জনসাধাৰণৰ মাজত সজাগতা নোহোৱা পৰিলক্ষিত হৈছে৷ একেদৰে, ৰাজনৈতিক নেতায়ো মনা নাই ক’ভিড বিধি৷ বিগত সপ্তাহত হাজাৰ হাজাৰ লোকৰ সমাগমেৰে বাৰাণসীত অনুষ্ঠিত হৈ গ’ল ধৰ্মসভা৷

ক’ভিডৰ ভয়াৱহতাক পাহৰি কোনোধৰণৰ ক’ভিড বিধি নমনাকৈ জনসাধাৰণে জীৱন নিৰ্বাহ কৰাক লৈ এতিয়া শংকিত হৈ পৰিছে স্বাস্থ্য বিভাগ৷ ক’ভিড বিধিক ধোঁৱাচাঙত তুলি অসমৰো চৌদিশে চলিছে বনভোজৰ আনন্দ৷ তেনে পৰিপ্ৰেক্ষিততে আজি জিএমচিএইচৰ অধীক্ষকে ৰাজ্যবাসীক বনভোজ, উৎসৱ আদি পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে৷ যদি জনসাধাৰণে সচেতন নহৈ, স্বাস্থ্য সংস্থাৰ সকীয়নিৰ পাছতো পুনৰ একেটা ভুলকে কৰে, তেন্তে অ’মিক্ৰন ৰোধ কৰিবলৈ পুনৰ লকডাউনৰ চিন্তা-চৰ্চা কৰিব ৰাজ্য চৰকাৰে৷ তেতিয়াও আকৌ দুৰ্ভোগ ভুগিব সাধাৰণ জনতাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ