--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজিৰ দিনটোলৈ ভাৰতত অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা হ’লগৈ ২১৩৷ মঙলবাৰে মহাৰাষ্ট্ৰত ১১গৰাকী লোক নতুনকৈ সংক্ৰমিত হোৱাৰ বাতৰি পোৱা গৈছে৷ একেদৰে কেৰালাত ৪গৰাকী আৰু দিল্লীত দুগৰাকী নতুন ৰোগী পোৱা গৈছে৷ কৰ’না ভাইৰাছৰ এই নতুন প্ৰকাৰ অ’মিক্ৰনৰ সংক্ৰমণ বিশ্বৰ চিকিৎসা সমাজৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে৷ ভাৰতত দ্ৰুতগতিত বিয়পা অ’মিক্ৰনত মহাৰাষ্ট্ৰত ৫৪গৰাকী লোক আক্ৰান্ত হৈছে৷ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত অ’মিক্ৰনৰ ১১টা নতুন সংক্ৰমণৰ তথ্য পোৱা গৈছে৷ কৰ’নাৰ এই তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ আইছ’লেশ্যন ৱাৰ্ড আৰু বিশেষ ভেণ্টিলেটৰ নিৰ্মাণ কৰা হৈছে৷ 


প্ৰথম আৰু দ্বিতীয় ঢৌৰ পাছত, তৃতীয় ঢৌ আৰু অ’মিক্ৰন প্ৰকাৰৰ বৰ্ধিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া সম্ভৱতঃ মানুহৰ মনত ভয় বাঢ়ি আহিছে। দ্বিতীয় ঢৌৱে বহুতো চিকিৎসালয়ত সংকট সৃষ্টি কৰিছিল, কিন্তু দিল্লী এনচিআৰ চিকিৎসালয়সমূহ এতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে, কিয়নো তৃতীয় ঢৌত তেনে কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। নয়ডাৰ ৰিয়েল হাস্পতালত কৰ’নাৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া ১২০০খন বিচনা প্ৰদান কৰা হৈছে। একে সময়তে, ৬৬খন আইচিইউ বিছনা স্থাপন কৰা হৈছে আৰু শিশুসকলৰ বাবে পৃথকে ১৬খন আইচিইউ বিছনাও প্ৰদান কৰা হৈছে।


আনহাতে, ভাৰত বায়’টেকে তৃতীয়পালিৰ তৃতীয় পৰ্যায়ৰ ভেকচিন পৰীক্ষণৰ বাবে আৱেদন কৰিছে৷ কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ বুষ্টাৰ ড’জৰ নিৰন্তৰ আলোচনা চলি আছে। এই সকলোবোৰৰ মাজতে ভাৰত বায়’টেকে দেশত ইয়াৰ ভেকচিনৰ তৃতীয় পালিৰ বাবে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক আৱেদন দাখিল কৰিছে।
এতিয়া অ’মিক্ৰনৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা৷ ভাৰতৰো কেন্দ্ৰীয় চৰকাৰ চিন্তিত হৈ পৰিছে অ’মিক্ৰনৰ সংক্ৰমণৰ বিষয়টোক লৈ৷ কিয়নো, অ'মিক্ৰনৰ সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে পূৰ্বৰ নীতি-নিয়মবোৰকে জনসাধাৰণক মানি চলিবলৈ অনুৰোধ জনাইছে৷ জনসমাগম পৰিহাৰ কৰা, সঘনাই হাত ধোৱা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা ইত্যাদি৷ তাৰ বিপৰীতে জনসাধাৰণৰ মাজত সজাগতা নোহোৱা পৰিলক্ষিত হৈছে৷ একেদৰে, ৰাজনৈতিক নেতায়ো মনা নাই ক’ভিড বিধি৷ বিগত সপ্তাহত হাজাৰ হাজাৰ লোকৰ সমাগমেৰে বাৰাণসীত অনুষ্ঠিত হৈ গ’ল ধৰ্মসভা৷

ক’ভিডৰ ভয়াৱহতাক পাহৰি কোনোধৰণৰ ক’ভিড বিধি নমনাকৈ জনসাধাৰণে জীৱন নিৰ্বাহ কৰাক লৈ এতিয়া শংকিত হৈ পৰিছে স্বাস্থ্য বিভাগ৷ ক’ভিড বিধিক ধোঁৱাচাঙত তুলি অসমৰো চৌদিশে চলিছে বনভোজৰ আনন্দ৷ তেনে পৰিপ্ৰেক্ষিততে আজি জিএমচিএইচৰ অধীক্ষকে ৰাজ্যবাসীক বনভোজ, উৎসৱ আদি পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে৷ যদি জনসাধাৰণে সচেতন নহৈ, স্বাস্থ্য সংস্থাৰ সকীয়নিৰ পাছতো পুনৰ একেটা ভুলকে কৰে, তেন্তে অ’মিক্ৰন ৰোধ কৰিবলৈ পুনৰ লকডাউনৰ চিন্তা-চৰ্চা কৰিব ৰাজ্য চৰকাৰে৷ তেতিয়াও আকৌ দুৰ্ভোগ ভুগিব সাধাৰণ জনতাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক