--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এন পি পি এই দাম হ্রাস কৰা ঔষধসমূহৰ ভিতৰত হৃৎপিণ্ডৰ ৰোগ, বহুমূত্ৰ ৰোগ তথা মানসিক ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধো আছে।

ডিজিটেল ডেস্ক : চৰকাৰে ৰোগীক সকাহ দি একাংশ ঔষধৰ দাম হ্রাস কৰে। নেশ্যনেল ফার্মাচিউটিকেল প্রাইচিং অত্যাবশ্যকীয় ঔষধৰ অথৰিটিয়ে (এন পি পি এ) দাম হ্রাস কৰাৰ কথা ঘোষণা কৰে। দাম হ্রাস কৰা ঔষধসমূহৰ ভিতৰত পেৰাচিটামল, এটৰ্ভাষ্টেটিন আৰু এম'ক্সিচিলিনো আছে।


এন পি পি এই দাম হ্রাস কৰা ঔষধসমূহৰ ভিতৰত হৃৎপিণ্ডৰ ৰোগ, বহুমূত্ৰ ৰোগ তথা মানসিক ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধো আছে। দীর্ঘদিন ৰোগৰ সৈতে যুঁজ দি থকা ৰোগীসকলক চৰকাৰৰ এই সিদ্ধান্তৰ বহুখিনি সকাহ দিব।


ৰসায়ন আৰু সাৰ মন্ত্ৰ্যালয়ে এন পি পি এই নিৰ্ধাৰণ কৰা দামৰ ভিত্তিত এই সম্পৰ্কত এখন অধিসূচনা জাৰি কৰে। দাম হ্রাস কৰা ঔষধৰ তালিকাত এচিক্ল'ফিনাক, পেৰাচিটামল, ট্রিপছিন কাইম'ট্রেপছিন, এটৰ্ভাষ্টেটিনৰ ফিক্সড ড'জৰ লগতে এম'ক্সিচিলিন আৰু পটাচিয়াম ক্লেভুলানেট এটৰ্ভাষ্টেটিন কম্বিনেশ্যনৰ নতুন এন্টিবায়'টিক যেনে এম্পেগ্লিফ্লজিন, ছিটাগ্লিপটিন আৰু মেটফৰমিনো আছে। আনহাতে শিশুৰ বাবে প্ৰস্তুত কৰা ঔষধ চেফিক্সিম আৰু পেৰাচিটামলৰ অৰেল ছাছপেনছনৰ দামো হ্রাস পায়।


শৰীৰত ভিটামিন-ডি কম হ'লে ব্যৱহাৰ কৰা কলেকেলচিফেৰল ড্রপ আৰু ডিক্ল'ফেনাক ইনজেকশ্যনৰ দামো এতিয়াৰ পৰা হ্রাস পাইছে। মন্ত্ৰ্যালয়ে উক্ত অধিসূচনাখনত উল্লেখ কৰে যে পাইকাৰী আৰু খুচুৰা ঔষধ বিক্রেতাসকলে নিজৰ প্ৰতিষ্ঠানৰ সন্মুখত ঔষধৰ এই নতুন দামৰ তালিকা আঁৰি থ'ব লাগিব।


অন্যথা ডি পি চি অ', ২০১৩ আৰু ১৯৫৫ চনৰ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত ব্যৱস্থা গ্রহণ কৰা হ'ব। এন পি পি এই প্ৰকাশ কৰা মতে নতুন দামত অৱশ্যে জি এছ টি ধৰা হোৱা নাই। জি এছ টি ধৰিলে এই ঔষধসমূহৰ দাম সামান্য বৃদ্ধি পাব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ