--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এন পি পি এই দাম হ্রাস কৰা ঔষধসমূহৰ ভিতৰত হৃৎপিণ্ডৰ ৰোগ, বহুমূত্ৰ ৰোগ তথা মানসিক ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধো আছে।

ডিজিটেল ডেস্ক : চৰকাৰে ৰোগীক সকাহ দি একাংশ ঔষধৰ দাম হ্রাস কৰে। নেশ্যনেল ফার্মাচিউটিকেল প্রাইচিং অত্যাবশ্যকীয় ঔষধৰ অথৰিটিয়ে (এন পি পি এ) দাম হ্রাস কৰাৰ কথা ঘোষণা কৰে। দাম হ্রাস কৰা ঔষধসমূহৰ ভিতৰত পেৰাচিটামল, এটৰ্ভাষ্টেটিন আৰু এম'ক্সিচিলিনো আছে।


এন পি পি এই দাম হ্রাস কৰা ঔষধসমূহৰ ভিতৰত হৃৎপিণ্ডৰ ৰোগ, বহুমূত্ৰ ৰোগ তথা মানসিক ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধো আছে। দীর্ঘদিন ৰোগৰ সৈতে যুঁজ দি থকা ৰোগীসকলক চৰকাৰৰ এই সিদ্ধান্তৰ বহুখিনি সকাহ দিব।


ৰসায়ন আৰু সাৰ মন্ত্ৰ্যালয়ে এন পি পি এই নিৰ্ধাৰণ কৰা দামৰ ভিত্তিত এই সম্পৰ্কত এখন অধিসূচনা জাৰি কৰে। দাম হ্রাস কৰা ঔষধৰ তালিকাত এচিক্ল'ফিনাক, পেৰাচিটামল, ট্রিপছিন কাইম'ট্রেপছিন, এটৰ্ভাষ্টেটিনৰ ফিক্সড ড'জৰ লগতে এম'ক্সিচিলিন আৰু পটাচিয়াম ক্লেভুলানেট এটৰ্ভাষ্টেটিন কম্বিনেশ্যনৰ নতুন এন্টিবায়'টিক যেনে এম্পেগ্লিফ্লজিন, ছিটাগ্লিপটিন আৰু মেটফৰমিনো আছে। আনহাতে শিশুৰ বাবে প্ৰস্তুত কৰা ঔষধ চেফিক্সিম আৰু পেৰাচিটামলৰ অৰেল ছাছপেনছনৰ দামো হ্রাস পায়।


শৰীৰত ভিটামিন-ডি কম হ'লে ব্যৱহাৰ কৰা কলেকেলচিফেৰল ড্রপ আৰু ডিক্ল'ফেনাক ইনজেকশ্যনৰ দামো এতিয়াৰ পৰা হ্রাস পাইছে। মন্ত্ৰ্যালয়ে উক্ত অধিসূচনাখনত উল্লেখ কৰে যে পাইকাৰী আৰু খুচুৰা ঔষধ বিক্রেতাসকলে নিজৰ প্ৰতিষ্ঠানৰ সন্মুখত ঔষধৰ এই নতুন দামৰ তালিকা আঁৰি থ'ব লাগিব।


অন্যথা ডি পি চি অ', ২০১৩ আৰু ১৯৫৫ চনৰ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত ব্যৱস্থা গ্রহণ কৰা হ'ব। এন পি পি এই প্ৰকাশ কৰা মতে নতুন দামত অৱশ্যে জি এছ টি ধৰা হোৱা নাই। জি এছ টি ধৰিলে এই ঔষধসমূহৰ দাম সামান্য বৃদ্ধি পাব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু