--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে ক্ৰিকেট দলীয় খেল। ইয়াত অকলে মেচ জিকিব নোৱাৰি। গ্লেন মেক্সৱেলে সেই পুৰণি কথাষাৰ অসত্য বুলি আকৌ এবাৰ প্ৰমাণ কৰিলে। সোমবাৰে আফগানিস্তানৰ বিৰুদ্ধে তেওঁ প্ৰমাণ কৰিলে যে কেনেকৈ এককভাৱে মেচত জয়ী হ’ব পাৰি।

আচৰিত কথাটো হ’ল মেক্সৱেলে তেওঁৰ বেছিভাগ ইনিংছ কাৰ্যতঃ ‘এখন ভৰিৰে’ খেলিছিল। শতক অৰ্জন কৰাৰ আগতেই তেওঁৰ ভৰিৰ পেশীবোৰ টানি ধৰিছিল। ইনিংছ আগবাঢ়ি যোৱাৰ লগে লগে বিষ বাঢ়ি আহিল। অষ্ট্ৰেলিয়াৰ সহায়ক কৰ্মচাৰীয়ে কেইটামান অভাৰৰ অন্তত খেলপথাৰৰ প্ৰান্তৰ পৰা দৌৰি আহিছিল। প্ৰথমে মালিচ, তাৰ পিছত বিষনাশক — বহু কথা চেষ্টা কৰা হ’ল। কিন্তু মানসিক অধ্যৱসায় অবিহনে এই ইনিংছ খেলা সম্ভৱ নহয়। মেক্সৱেলৰ ইনিংছ সেয়েহে ক’বলৈ গ’লে অতিমানৱীয়।

নৱম অভাৰত যেতিয়া মেক্সৱেলে ক্ৰীজলৈ আহিছিল, তেতিয়া অষ্ট্ৰেলিয়াৰ অৱস্থা আছিল ভয়াৱহ। ৪৯ ৰানত ৪ উইকেট হেৰুৱাইছে। প্ৰথম দুটা বলত ডেভিড ৱাৰ্নাৰ আৰু জোছ ইংলিছক একেৰাহে আউট কৰি আজমাতুল্লাই খেলপথাৰত জুই লগাই দিয়ে। মেক্সৱেলৰ প্ৰথম কাৰ্য্য আছিল তেওঁৰ হেট্ৰিক ৰোধ কৰা। কিন্তু ব্যৰ্থ হ’ল আজমাতুল্লা।

৯১ ৰানত ৭টা উইকেট হেৰুৱাইছিল অষ্ট্ৰেলিয়াই। সেই সময়ত সকলোৱে আফগানিস্তানৰ মহান জয় আৰু আন এক অঘটন অপেক্ষা কৰি আছিল। কিন্তু ইয়াৰ পিছতে মেক্সৱেলৰ যাদু আৰম্ভ হয়। মেক্সৱেলৰ কেইবাটাও কেচ আফগানিস্তানৰ ফিল্ডাৰে মিছ কৰে।

মুম্বাইৰ ৱাংখেড়েত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ৩৯ সংখ্যক মেচত টছত বিজয়ী হৈ প্ৰথমে বেটিং কৰে আফগানবাহিনীয়ে। ৰাহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানে সুন্দৰ আৰম্ভণি কৰে। ব্যক্তিগত ২১ ৰাণ কৰি গুৰবাজ আউট হ’লেও ইব্ৰাহিম জাদ্ৰানে শতক অৰ্জন কৰে।

উল্লেখ্য যে ১৪৩ বলত জাদ্ৰানে কৰা ১২৯ ৰানৰ ইনিংছটো বিশ্বকাপৰ ইতিহাসত আফগানিস্তানৰ প্ৰথমটো শতকীয় ইনিংছ। জাদ্ৰানৰ উপৰিও মিডল অৰ্ডাৰত ৰহমৎ শ্বাহ (৩০), হাছমাতুল্লাহ শ্বাহিদী (২৬), আজমতুল্লাহ ওমৰঝাই (২২) আৰু শেষৰফালে ৰছিদ খানৰ ১৮ বলত ৩৫ ৰাণৰ ইনিংছৰ সহায়ত আফগানবাহিনীয়ে পাঁচ উইকেট হেৰুৱাই ২৯১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ দুটা উইকেট সংগ্ৰহ কৰে জ’ছ হেজলউডে।

২৯২ ৰাণ অষ্ট্ৰেলিয়াৰ বাবে কঠিন নাছিল। কিন্তু লক্ষ্য অতিক্ৰম কৰাৰ আৰম্ভণিৰে পৰাই দলটো বিপৰ্যয়ৰ সন্মুখিন হয়। সন্মুখিন হয় আফগানবাহিনীৰ ক্ষুৰধাৰ বলিঙৰ। শূণ্য ৰাণতে উভটি যায় ফৰ্মত থকা অষ্ট্ৰেলিয়ান অপেনাৰ ট্ৰেভিছ হেড। ব্যৰ্থ হয় ডেভিড ৱাৰ্ণাৰ (১৮), মিচেল মাৰ্চ (২৪), মাৰ্নাচ লাবুচানে (১৪), জ’ছ ইংলিছ (০), মাৰ্কুছ ষ্ট’ইনিছ (৬)। কিন্তু মেক্সৱেলে সকলো সলনি কৰি দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ