--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে ক্ৰিকেট দলীয় খেল। ইয়াত অকলে মেচ জিকিব নোৱাৰি। গ্লেন মেক্সৱেলে সেই পুৰণি কথাষাৰ অসত্য বুলি আকৌ এবাৰ প্ৰমাণ কৰিলে। সোমবাৰে আফগানিস্তানৰ বিৰুদ্ধে তেওঁ প্ৰমাণ কৰিলে যে কেনেকৈ এককভাৱে মেচত জয়ী হ’ব পাৰি।

আচৰিত কথাটো হ’ল মেক্সৱেলে তেওঁৰ বেছিভাগ ইনিংছ কাৰ্যতঃ ‘এখন ভৰিৰে’ খেলিছিল। শতক অৰ্জন কৰাৰ আগতেই তেওঁৰ ভৰিৰ পেশীবোৰ টানি ধৰিছিল। ইনিংছ আগবাঢ়ি যোৱাৰ লগে লগে বিষ বাঢ়ি আহিল। অষ্ট্ৰেলিয়াৰ সহায়ক কৰ্মচাৰীয়ে কেইটামান অভাৰৰ অন্তত খেলপথাৰৰ প্ৰান্তৰ পৰা দৌৰি আহিছিল। প্ৰথমে মালিচ, তাৰ পিছত বিষনাশক — বহু কথা চেষ্টা কৰা হ’ল। কিন্তু মানসিক অধ্যৱসায় অবিহনে এই ইনিংছ খেলা সম্ভৱ নহয়। মেক্সৱেলৰ ইনিংছ সেয়েহে ক’বলৈ গ’লে অতিমানৱীয়।

নৱম অভাৰত যেতিয়া মেক্সৱেলে ক্ৰীজলৈ আহিছিল, তেতিয়া অষ্ট্ৰেলিয়াৰ অৱস্থা আছিল ভয়াৱহ। ৪৯ ৰানত ৪ উইকেট হেৰুৱাইছে। প্ৰথম দুটা বলত ডেভিড ৱাৰ্নাৰ আৰু জোছ ইংলিছক একেৰাহে আউট কৰি আজমাতুল্লাই খেলপথাৰত জুই লগাই দিয়ে। মেক্সৱেলৰ প্ৰথম কাৰ্য্য আছিল তেওঁৰ হেট্ৰিক ৰোধ কৰা। কিন্তু ব্যৰ্থ হ’ল আজমাতুল্লা।

৯১ ৰানত ৭টা উইকেট হেৰুৱাইছিল অষ্ট্ৰেলিয়াই। সেই সময়ত সকলোৱে আফগানিস্তানৰ মহান জয় আৰু আন এক অঘটন অপেক্ষা কৰি আছিল। কিন্তু ইয়াৰ পিছতে মেক্সৱেলৰ যাদু আৰম্ভ হয়। মেক্সৱেলৰ কেইবাটাও কেচ আফগানিস্তানৰ ফিল্ডাৰে মিছ কৰে।

মুম্বাইৰ ৱাংখেড়েত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ৩৯ সংখ্যক মেচত টছত বিজয়ী হৈ প্ৰথমে বেটিং কৰে আফগানবাহিনীয়ে। ৰাহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানে সুন্দৰ আৰম্ভণি কৰে। ব্যক্তিগত ২১ ৰাণ কৰি গুৰবাজ আউট হ’লেও ইব্ৰাহিম জাদ্ৰানে শতক অৰ্জন কৰে।

উল্লেখ্য যে ১৪৩ বলত জাদ্ৰানে কৰা ১২৯ ৰানৰ ইনিংছটো বিশ্বকাপৰ ইতিহাসত আফগানিস্তানৰ প্ৰথমটো শতকীয় ইনিংছ। জাদ্ৰানৰ উপৰিও মিডল অৰ্ডাৰত ৰহমৎ শ্বাহ (৩০), হাছমাতুল্লাহ শ্বাহিদী (২৬), আজমতুল্লাহ ওমৰঝাই (২২) আৰু শেষৰফালে ৰছিদ খানৰ ১৮ বলত ৩৫ ৰাণৰ ইনিংছৰ সহায়ত আফগানবাহিনীয়ে পাঁচ উইকেট হেৰুৱাই ২৯১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ দুটা উইকেট সংগ্ৰহ কৰে জ’ছ হেজলউডে।

২৯২ ৰাণ অষ্ট্ৰেলিয়াৰ বাবে কঠিন নাছিল। কিন্তু লক্ষ্য অতিক্ৰম কৰাৰ আৰম্ভণিৰে পৰাই দলটো বিপৰ্যয়ৰ সন্মুখিন হয়। সন্মুখিন হয় আফগানবাহিনীৰ ক্ষুৰধাৰ বলিঙৰ। শূণ্য ৰাণতে উভটি যায় ফৰ্মত থকা অষ্ট্ৰেলিয়ান অপেনাৰ ট্ৰেভিছ হেড। ব্যৰ্থ হয় ডেভিড ৱাৰ্ণাৰ (১৮), মিচেল মাৰ্চ (২৪), মাৰ্নাচ লাবুচানে (১৪), জ’ছ ইংলিছ (০), মাৰ্কুছ ষ্ট’ইনিছ (৬)। কিন্তু মেক্সৱেলে সকলো সলনি কৰি দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক