--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীখন অদ্ভুত বস্তু আৰু মানুহেৰে ভৰি আছে। প্ৰায়ে কোনোবাই এনেকুৱা কিবা এটা চাবলৈ বা শুনিবলৈ পায় যিটো যথেষ্ট অদ্ভুত। কিছুমান কথা ইমানেই অদ্ভুত যে দেখা-শুনাসকলেও নিজকে বিশ্বাস কৰিব নোৱাৰে। আৰু মাজে সময়ে এনে অদ্ভুত কথাবোৰেও বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

Francisco Domingo Joaquim Has the World's Largest Mouth - Afroculture.net

আপোনাৰো কেতিয়াবা অভিজ্ঞতা হ'ব পাৰে যে  কিছুমান বস্তু আশা কৰাতকৈ সৰু বা ডাঙৰ। এনে কিছুমান লক্ষণ মানুহৰ দেহতো দেখা যায়। কিছুমান মানুহ দেহৰ গঠন বহু সৰু, কাৰোবাৰ আকৌ বহুত ডাঙৰ, কিছুমান দেহ চৰ্বিযুক্ত আৰু কিছুমান পাতল। আপুনি হয়তো পৃথিৱীৰ আটাইতকৈ কম আৰু বেছি উচ্চতাৰ মানুহৰ কথা জানে, কিন্তু পৃথিৱীৰ আটাইতকৈ বহল মুখৰ মানুহজনৰ বিষয়ে জানেনে? হয়,পৃথিৱীত এনেকুৱা মানুহ আছে যাৰ মুখৰ প্ৰস্থ আপোনাৰ বা আমাৰ মুখৰ সাধাৰণ প্ৰস্থতকৈ বহু বেছি।  পৃথিৱীত এনে এজন ব্যক্তি আছে যিয়ে গোটেই  ঠাণ্ডাপানীয়ৰ কেন মুখত ভৰাই দিয়ে। এই কথা শুনি আপুনি হয়তো আচৰিত হ’ব, কিন্তু কথাটো একেবাৰে সঁচা।

বিশ্বৰ ভিতৰতে আটাইতকৈ বহল মুখৰ এই মানুহজনৰ নাম ফ্ৰান্সিস্কো ডমিংগো জোৱাকিম, তেওঁ আফ্ৰিকান দেশ এংগোলাৰ বাসিন্দা। মানুহে ফ্ৰান্সিস্কোক তেওঁৰ আন এটা নাম চিকিনহোৰেও নামেৰেও জানে। মুখৰ বাবেই তেওঁ সমগ্ৰ বিশ্বতে বিখ্যাত। মানুহে তেওঁক পৃথিৱীৰ আটাইতকৈ বহল মুখৰ মানুহ বুলি জানে। ইয়াৰ বাবেই তেওঁৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে ফ্ৰান্সিস্কোৰ মুখ ১৭ চে.মি. (৬.৬৯ ইঞ্চি) পৰ্যন্ত মুকলি হয়। মুখৰ প্ৰস্থ ইমানেই ডাঙৰ যে মুখত ঠাণ্ডা পানীয়ৰ এটা গোটা কেন সহজে ৰাখিব পাৰে। ফ্ৰান্সিস্কোৰ এই অনন্য বৈশিষ্ট্যই মানুহক আচৰিত কৰি তোলে। ২০১০ চনৰ ১৮ মাৰ্চত ইটালীৰ ৰোমত ফ্ৰান্সিস্কোৱে এই বিশ্ব অভিলেখ গঢ়িছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডেও তেওঁৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ফ্ৰান্সিস্কোৱে ডাঙৰ মুখ মেলি থকা দেখা গৈছে। য’ত তেওঁ মুখত  কোকাকোলাৰ কেন এটাও দেখুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক