--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীখন অদ্ভুত বস্তু আৰু মানুহেৰে ভৰি আছে। প্ৰায়ে কোনোবাই এনেকুৱা কিবা এটা চাবলৈ বা শুনিবলৈ পায় যিটো যথেষ্ট অদ্ভুত। কিছুমান কথা ইমানেই অদ্ভুত যে দেখা-শুনাসকলেও নিজকে বিশ্বাস কৰিব নোৱাৰে। আৰু মাজে সময়ে এনে অদ্ভুত কথাবোৰেও বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

Francisco Domingo Joaquim Has the World's Largest Mouth - Afroculture.net

আপোনাৰো কেতিয়াবা অভিজ্ঞতা হ'ব পাৰে যে  কিছুমান বস্তু আশা কৰাতকৈ সৰু বা ডাঙৰ। এনে কিছুমান লক্ষণ মানুহৰ দেহতো দেখা যায়। কিছুমান মানুহ দেহৰ গঠন বহু সৰু, কাৰোবাৰ আকৌ বহুত ডাঙৰ, কিছুমান দেহ চৰ্বিযুক্ত আৰু কিছুমান পাতল। আপুনি হয়তো পৃথিৱীৰ আটাইতকৈ কম আৰু বেছি উচ্চতাৰ মানুহৰ কথা জানে, কিন্তু পৃথিৱীৰ আটাইতকৈ বহল মুখৰ মানুহজনৰ বিষয়ে জানেনে? হয়,পৃথিৱীত এনেকুৱা মানুহ আছে যাৰ মুখৰ প্ৰস্থ আপোনাৰ বা আমাৰ মুখৰ সাধাৰণ প্ৰস্থতকৈ বহু বেছি।  পৃথিৱীত এনে এজন ব্যক্তি আছে যিয়ে গোটেই  ঠাণ্ডাপানীয়ৰ কেন মুখত ভৰাই দিয়ে। এই কথা শুনি আপুনি হয়তো আচৰিত হ’ব, কিন্তু কথাটো একেবাৰে সঁচা।

বিশ্বৰ ভিতৰতে আটাইতকৈ বহল মুখৰ এই মানুহজনৰ নাম ফ্ৰান্সিস্কো ডমিংগো জোৱাকিম, তেওঁ আফ্ৰিকান দেশ এংগোলাৰ বাসিন্দা। মানুহে ফ্ৰান্সিস্কোক তেওঁৰ আন এটা নাম চিকিনহোৰেও নামেৰেও জানে। মুখৰ বাবেই তেওঁ সমগ্ৰ বিশ্বতে বিখ্যাত। মানুহে তেওঁক পৃথিৱীৰ আটাইতকৈ বহল মুখৰ মানুহ বুলি জানে। ইয়াৰ বাবেই তেওঁৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে ফ্ৰান্সিস্কোৰ মুখ ১৭ চে.মি. (৬.৬৯ ইঞ্চি) পৰ্যন্ত মুকলি হয়। মুখৰ প্ৰস্থ ইমানেই ডাঙৰ যে মুখত ঠাণ্ডা পানীয়ৰ এটা গোটা কেন সহজে ৰাখিব পাৰে। ফ্ৰান্সিস্কোৰ এই অনন্য বৈশিষ্ট্যই মানুহক আচৰিত কৰি তোলে। ২০১০ চনৰ ১৮ মাৰ্চত ইটালীৰ ৰোমত ফ্ৰান্সিস্কোৱে এই বিশ্ব অভিলেখ গঢ়িছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডেও তেওঁৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ফ্ৰান্সিস্কোৱে ডাঙৰ মুখ মেলি থকা দেখা গৈছে। য’ত তেওঁ মুখত  কোকাকোলাৰ কেন এটাও দেখুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক