--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমি অতি ভয়-ভীতৰ পৰিৱেশৰ মাজত বাস কৰি আছো! ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী লিঝ ট্ৰাছলৈ এইদৰে পত্ৰ প্ৰেৰণ কৰিছে দেশখনত থকা ১৮০টাকৈ হিন্দু সংস্থা আৰু মন্দিৰে। শেহতীয়াকৈ ইংলেণ্ডৰ লেইচেষ্টাৰ আৰু বাৰ্মিংহামৰ এটা মন্দিৰত দেখা দিয়া হিংসাত্মক সংঘৰ্ষক কেন্দ্ৰ কৰি এই পত্ৰ প্ৰেৰণ কৰা হৈছে।

 

উল্লেখযোগ্য যে যোৱা মাহৰ এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচখনক লৈ ইংলেণ্ডৰ লেইচেষ্টাৰত ব্যাপক হাৰত হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছিল।

পত্ৰখনত  কোৱা হৈছে যে দেশখনৰ হিন্দুসকলক লক্ষ্য কৰি বিভিন্ন হিংসাত্মক সংঘৰ্ষ ঘটোৱা হৈছে। সেয়ে হিন্দু ধৰ্মাৱলম্বী লোকসকল শংকিত হৈ পৰিছে। লিঝ ট্ৰুছক এইসমূহত হস্তক্ষেপ কৰি হিন্দুসকলৰ সুৰক্ষাত মনোযোগ দিবলৈপত্ৰখনৰ দ্বাৰা আহ্বান জনোৱা হৈছে।

 

পত্ৰখনত লিখা হৈছে যে হিন্দুৰ বিৰুদ্ধে ঘৃণা বৰ্তমান সকলোতকৈ বেছিকৈ দেখা গৈছে। সামাজিক মাধ্যম, কৰ্মস্থান, সকলোতে হিন্দুসকলক আক্ৰমণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীক সেয়ে হিন্দু সকলৰ সুৰক্ষাৰ বাবে ছটাকৈ অনুৰোধো জনোৱা হৈছে।

 

পত্ৰখনত ইংলেণ্ডৰ নেচনেল কাউন্সিল অৱ হিন্দু টেম্পলছ, শ্ৰী স্বামীনাৰায়ন সংস্থা ইউকে, ইণ্ডিয়ান নেচনেল ষ্টুডেণ্টছ এছ’চিয়েচন ইউকে, ইচকন মানচেষ্টাৰ, অভাৰচীজ ফ্ৰেইণ্ডছ অব বিজেপি (ইউকে)কে ধৰি কেইবাটাও সংস্থাই স্বাক্ষৰ কৰিছে।

 

তেওঁলোকে কৈছে যে ইংলেণ্ডক ভাৰতীয় হিন্দুসকলে অৰ্ধ শতিকা ধৰি বাসস্থান হিচাপে গণ্য কৰি আহিছে। ব্ৰিটেইনৰ অৰ্থনীতি, সমাজলৈ ভাৰতীয়সকলৰ অৱদানক সোঁৱৰায় কোৱা হৈছে ব্ৰিটিছসকলৰ প্ৰগতিশীলতাক তেওঁলোকে আগুৱাই নিছে। তৎসত্বেও এতিয়া তেওঁলোকে ভয়-ভীতিৰ মাজত বাস কৰি আছে বুলি আক্ষেপ প্ৰকাশ কৰিছে।

 

ইয়াৰ বাবে তেওঁলোকে মূলতঃ ইছলামিক শক্তিলৈকে আঙুলিয়াই দেখুৱাইছে। পত্ৰখনত কৈছে যে উগ্ৰ ইছলামিক শক্তিসমূহে প্ৰবাসী হিন্দু আৰু মুছলিমসকলৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?