--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমি অতি ভয়-ভীতৰ পৰিৱেশৰ মাজত বাস কৰি আছো! ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী লিঝ ট্ৰাছলৈ এইদৰে পত্ৰ প্ৰেৰণ কৰিছে দেশখনত থকা ১৮০টাকৈ হিন্দু সংস্থা আৰু মন্দিৰে। শেহতীয়াকৈ ইংলেণ্ডৰ লেইচেষ্টাৰ আৰু বাৰ্মিংহামৰ এটা মন্দিৰত দেখা দিয়া হিংসাত্মক সংঘৰ্ষক কেন্দ্ৰ কৰি এই পত্ৰ প্ৰেৰণ কৰা হৈছে।

 

উল্লেখযোগ্য যে যোৱা মাহৰ এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচখনক লৈ ইংলেণ্ডৰ লেইচেষ্টাৰত ব্যাপক হাৰত হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছিল।

পত্ৰখনত  কোৱা হৈছে যে দেশখনৰ হিন্দুসকলক লক্ষ্য কৰি বিভিন্ন হিংসাত্মক সংঘৰ্ষ ঘটোৱা হৈছে। সেয়ে হিন্দু ধৰ্মাৱলম্বী লোকসকল শংকিত হৈ পৰিছে। লিঝ ট্ৰুছক এইসমূহত হস্তক্ষেপ কৰি হিন্দুসকলৰ সুৰক্ষাত মনোযোগ দিবলৈপত্ৰখনৰ দ্বাৰা আহ্বান জনোৱা হৈছে।

 

পত্ৰখনত লিখা হৈছে যে হিন্দুৰ বিৰুদ্ধে ঘৃণা বৰ্তমান সকলোতকৈ বেছিকৈ দেখা গৈছে। সামাজিক মাধ্যম, কৰ্মস্থান, সকলোতে হিন্দুসকলক আক্ৰমণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীক সেয়ে হিন্দু সকলৰ সুৰক্ষাৰ বাবে ছটাকৈ অনুৰোধো জনোৱা হৈছে।

 

পত্ৰখনত ইংলেণ্ডৰ নেচনেল কাউন্সিল অৱ হিন্দু টেম্পলছ, শ্ৰী স্বামীনাৰায়ন সংস্থা ইউকে, ইণ্ডিয়ান নেচনেল ষ্টুডেণ্টছ এছ’চিয়েচন ইউকে, ইচকন মানচেষ্টাৰ, অভাৰচীজ ফ্ৰেইণ্ডছ অব বিজেপি (ইউকে)কে ধৰি কেইবাটাও সংস্থাই স্বাক্ষৰ কৰিছে।

 

তেওঁলোকে কৈছে যে ইংলেণ্ডক ভাৰতীয় হিন্দুসকলে অৰ্ধ শতিকা ধৰি বাসস্থান হিচাপে গণ্য কৰি আহিছে। ব্ৰিটেইনৰ অৰ্থনীতি, সমাজলৈ ভাৰতীয়সকলৰ অৱদানক সোঁৱৰায় কোৱা হৈছে ব্ৰিটিছসকলৰ প্ৰগতিশীলতাক তেওঁলোকে আগুৱাই নিছে। তৎসত্বেও এতিয়া তেওঁলোকে ভয়-ভীতিৰ মাজত বাস কৰি আছে বুলি আক্ষেপ প্ৰকাশ কৰিছে।

 

ইয়াৰ বাবে তেওঁলোকে মূলতঃ ইছলামিক শক্তিলৈকে আঙুলিয়াই দেখুৱাইছে। পত্ৰখনত কৈছে যে উগ্ৰ ইছলামিক শক্তিসমূহে প্ৰবাসী হিন্দু আৰু মুছলিমসকলৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক