--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুগৰাকী যুৱতীয়ে এখন ৰেষ্টুৰাঁত খাদ্য গ্ৰহণ কৰিবলৈ গৈছে। কিন্তু নিৰাপত্তাৰক্ষীয়ে সোমাবলৈ নিদিলে। কাৰণ হৈছে যুৱতীগৰাকীয়ে ‘দৃষ্টিকটু পোছাক’ পিন্ধিছে। এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে ফ্ৰান্সৰ পেৰিছত।

শেহতীয়াকৈ সামাজিক মাধ্যমত সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে যে বুকুৰ কিছু অংশ উন্মুক্ত হৈ থকাৰ বাবেই নিৰাপত্তাৰক্ষীয়ে যুৱতী দুগৰাকীক ৰেষ্টোৰাঁত সোমাবলৈ নিদিলে।

যুৱতী দুগৰাকীৰ মাজৰ এগৰাকীৰ নাম বাবিংকছ বুলি জানিব পৰা গৈছে। পেছাগতভাৱে তেওঁ চ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ। বাবিংকছ আৰু তেওঁৰ বান্ধৱীয়ে ৰেষ্টুৰাঁখনত খাদ্য গ্ৰহণ কৰিবলৈ গৈছিল। বাবিংকছে গুলপীয়া ৰঙৰ মিনিস্কাৰ্ট পৰিধান কৰাৰ লগতে বান্ধৱীগৰাকীয়ে পৰিধান কৰিছিল ক’লা ৰঙৰ চাৰ্ট-পেণ্ট।

লগে লগে সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ বাবিংকছে সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। ভাইৰেল হৈ পৰা ভিডিঅ’টোত অনেক লোকে ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিছুৱে ইয়াৰ দ্বাৰা ৰেষ্টুৰাঁখনে মহিলাক অপমান কৰা বুলিও মন্তব্য কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement