--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পত্নীৰ অবাঞ্চিত কামৰ বাবেই এজন লোকে বাচি ল'লে আত্মহননৰ পথ। ঘটনাটো উত্তৰ প্ৰদেশৰ লক্ষ্মৌৰ। লক্ষ্মৌৰ গোমতী নগৰৰ নিখিল কুমাৰ নামৰ এজন লোকে তিনিখনকৈ ছুইচাইড নোট লিখি আত্মহত্যাৰ পথ বাচি লয়। গোমতী নগৰৰ অৰক্ষী বিষয়া, এছপি আৰু পুলিচ কমিচনাৰৰ নামত এই তিনিখন ছুইচাইড নোট তেওঁ লিখি থৈ যায়।

নিখিল কুমাৰে লিখে যে ''মোৰ পত্নী অঞ্জু গুপ্তাই কল্যাণী গ্ৰুপত চাকৰি কৰিবলৈ লোৱাৰ পৰাই মোৰ জীৱনটো সলনি হ'বলৈ ধৰিলে। আমাৰ দুয়োৰে সম্পৰ্কত ঘূণে ধৰিবলৈ ধৰিলে। মোৰ পত্নী অঞ্জু আৰু কল্যাণী গ্ৰুপৰ মহিলা বছ শশী কিৰণৰ মাজত গভীৰ বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠিল। পত্নী অঞ্জু আৰু মহিলা বছ শশী কিৰণৰ বন্ধুত্বই মোৰ জীৱনলৈ কাল অমানিশা নমাই আনিলে। তেওঁলোকৰ বন্ধুত্ব ইমানেই গভীৰ হ'বলৈ ধৰিলে যে অঞ্জুৱে মোকো এৰি দিবলৈ বিচাৰিলে। আমাৰ ৭ বছৰীয়া ছোৱালী বৈষ্ণৱীক লগত লৈ অঞ্জুৱে শশী কিৰণৰ সৈতে থাকিবলৈ জেদ ধৰে। মই সেই কথা কিয় মানি ল’ম? এই কথাটোকলৈ আমাৰ মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হয়। অঞ্জুৱে তাইৰ কথা মানি নল'লে বিহ খাই আত্মহত্যা কৰিম বুলি মোক ভাবুকি দিয়ে। এনে মানসিক অশান্তি লৈ মই জীয়াই থাকিব নোৱাৰোঁ। মোৰ মৰিবৰ মন নাছিল যদিও মৰিবলৈ বাধ্য হ'লোঁ। আত্মহত্যা কৰি মই এই জটিল পৃথিৱীক বিদায় জনাম। মোৰ ছোৱালীজনীৰ জীৱনটো ধুনীয়া হওক এয়াই মোৰ কামনা।''

আৰু পঢ়কঃ পত্নীৰ মোবাইল ফোন ব্যৱহাৰ কৰাই হ’ল অপৰাধ! কাঁটা চামুচেৰে কাটিলে স্বামীৰ ওঁঠ

এনেদৰে ছুইছাইড নোট লিখি নিখিল কুমাৰে তেওঁৰ মৃত্যুৰ বাবে পত্নী অঞ্জু গুপ্তা, বচ শশী কিৰণ আৰু শশী কিৰণৰ স্বামী মহিপাল দায়ী বুলি লিখি থৈ গৈছে। নিজ দোকানত চিপ লৈ আত্মহত্যা কৰে লোকজনে। আৰক্ষীয়ে নিখিল কুমাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু আত্মহত্যাৰ বাবে উচতোৱাৰ অপৰাধত অঞ্জু গুপ্তা, শশী কিৰণ আৰু মহিপালক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ঘটনাটোক লৈ সমগ্ৰ লক্ষ্মৌতে চাঞ্চল্য অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী