--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পত্নীৰ অবাঞ্চিত কামৰ বাবেই এজন লোকে বাচি ল'লে আত্মহননৰ পথ। ঘটনাটো উত্তৰ প্ৰদেশৰ লক্ষ্মৌৰ। লক্ষ্মৌৰ গোমতী নগৰৰ নিখিল কুমাৰ নামৰ এজন লোকে তিনিখনকৈ ছুইচাইড নোট লিখি আত্মহত্যাৰ পথ বাচি লয়। গোমতী নগৰৰ অৰক্ষী বিষয়া, এছপি আৰু পুলিচ কমিচনাৰৰ নামত এই তিনিখন ছুইচাইড নোট তেওঁ লিখি থৈ যায়।

নিখিল কুমাৰে লিখে যে ''মোৰ পত্নী অঞ্জু গুপ্তাই কল্যাণী গ্ৰুপত চাকৰি কৰিবলৈ লোৱাৰ পৰাই মোৰ জীৱনটো সলনি হ'বলৈ ধৰিলে। আমাৰ দুয়োৰে সম্পৰ্কত ঘূণে ধৰিবলৈ ধৰিলে। মোৰ পত্নী অঞ্জু আৰু কল্যাণী গ্ৰুপৰ মহিলা বছ শশী কিৰণৰ মাজত গভীৰ বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠিল। পত্নী অঞ্জু আৰু মহিলা বছ শশী কিৰণৰ বন্ধুত্বই মোৰ জীৱনলৈ কাল অমানিশা নমাই আনিলে। তেওঁলোকৰ বন্ধুত্ব ইমানেই গভীৰ হ'বলৈ ধৰিলে যে অঞ্জুৱে মোকো এৰি দিবলৈ বিচাৰিলে। আমাৰ ৭ বছৰীয়া ছোৱালী বৈষ্ণৱীক লগত লৈ অঞ্জুৱে শশী কিৰণৰ সৈতে থাকিবলৈ জেদ ধৰে। মই সেই কথা কিয় মানি ল’ম? এই কথাটোকলৈ আমাৰ মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হয়। অঞ্জুৱে তাইৰ কথা মানি নল'লে বিহ খাই আত্মহত্যা কৰিম বুলি মোক ভাবুকি দিয়ে। এনে মানসিক অশান্তি লৈ মই জীয়াই থাকিব নোৱাৰোঁ। মোৰ মৰিবৰ মন নাছিল যদিও মৰিবলৈ বাধ্য হ'লোঁ। আত্মহত্যা কৰি মই এই জটিল পৃথিৱীক বিদায় জনাম। মোৰ ছোৱালীজনীৰ জীৱনটো ধুনীয়া হওক এয়াই মোৰ কামনা।''

আৰু পঢ়কঃ পত্নীৰ মোবাইল ফোন ব্যৱহাৰ কৰাই হ’ল অপৰাধ! কাঁটা চামুচেৰে কাটিলে স্বামীৰ ওঁঠ

এনেদৰে ছুইছাইড নোট লিখি নিখিল কুমাৰে তেওঁৰ মৃত্যুৰ বাবে পত্নী অঞ্জু গুপ্তা, বচ শশী কিৰণ আৰু শশী কিৰণৰ স্বামী মহিপাল দায়ী বুলি লিখি থৈ গৈছে। নিজ দোকানত চিপ লৈ আত্মহত্যা কৰে লোকজনে। আৰক্ষীয়ে নিখিল কুমাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু আত্মহত্যাৰ বাবে উচতোৱাৰ অপৰাধত অঞ্জু গুপ্তা, শশী কিৰণ আৰু মহিপালক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ঘটনাটোক লৈ সমগ্ৰ লক্ষ্মৌতে চাঞ্চল্য অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক