--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি সংগীত জগতখনে প্ৰতিদিনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। যোৱা বছৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰাৰ বিপৰীতে আনফালে বিখ্যাত গায়ক তথা ৰেপাৰ হানি সিঙক মৃত্যুৰ ভাবুকি দিয়া হৈছে। আৰু শেহতীয়াকৈ জনপ্ৰিয় তামিল ৰেপাৰ দেৱ আনন্দক ঘৰলৈ উভতি অহাৰ সময়ত চেন্নাই- বেংগালুৰু ঘাইপথত অপহৰণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, চিচিটিভিৰ ফুটেজৰ তদন্ত বৰ্তমানেও অব্যাহত আছে।

খবৰ অনুসৰি দেৱৰ পৰিয়ালটোৱে নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল আৰু তদন্তৰ অন্তত ৰেপাৰজনক দহজনীয়া এটা দলে অপহৰণ কৰা বুলি জানিব পৰা গৈছে। চিচিটিভিৰ ফুটেজত দেখা পোৱা লোকসকলৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই লগতে কয় যে চেন্নাইৰ আৰক্ষী মুখ্য কাৰ্যালয়ত দেৱ আনন্দৰ ভাতৃয়ে এজন ব্যক্তিৰ পৰা ২.৫ কোটি টকাৰ ঋণ লৈছিল আৰু সময়মতে ধন ঘূৰাই দিয়া নাছিল৷ এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্তৰ যৎপৰোনাস্তি চেষ্টা কৰি আছে৷

উল্লেখযোগ্য যে,দেৱ আনন্দ হৈছে ৰেপ মিউজিক আৰ্টিষ্ট। অপহৰণৰ দিনা নুংগামংকামৰ এটা ব্যক্তিগত হলত বিশ্ব সংগীত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।ৱৰ্ল্ড মিউজিক প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ পিছত দেৱ আন বন্ধুৰ সৈতে থিৰুভেৰকাডুৰ ওচৰৰ মাদুৰাৱায়াল বাইপাছ ৰোডলৈ যায়। তাৰ পাছত গাড়ীখনক এছ ইউ ভিয়ে বাধা দিয়ে, তাৰ পাছত তেওঁলোকে কেৱল দেৱ আনন্দক অপহৰণ কৰে, পৰৱৰ্তী সময়ত বন্ধুসকলে অভিযোগ দাখিল কৰিবলৈ থানালৈ যায়।এই সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু