ডিজিটেল ডেস্কঃ ফুটবলৰ কিংবদন্তী পেলে গুৰুতৰ ভাবে অসুস্থ৷ জটিল ৰোগত আক্ৰান্ত পেলেই এতিয়া যুঁজিছে জীৱন মৰণৰ সৈতে৷ আজি বৰদিন৷ কিন্তু পেলেৰ ঘৰখনত নাই বৰদিনৰ উচাহ৷ আজিৰ দিনটোত চিকিৎসালয়ত থকা পিতৃৰ বুকুত মূৰ গুজিয়েই বৰদিন পাৰ কৰিলে কন্যা কেলীয়ে ৷ পেলেৰ জীয়ৰী কেলি নাচিমেণ্টোৱে কৰ্কট ৰোগ সম্পৰ্কে সংবাদ মাধ্যমত এটা আৱেগিক পোষ্ট কৰিছে।
পেলে ২০২১ চনৰ পৰা অন্ত্ৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। কাটাৰ বিশ্বকাপৰ সময়তে তেওঁক পুনৰ ২৯ নৱেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
দেউতাকৰ সৈতে এখন ফটো পোষ্ট কৰি পেলেৰ কন্যাই লিখিছে, "আমি মনত বিশ্বাস লৈ যুঁজি আছো। মই মোৰ দেউতাৰ সৈতে এনেদৰেই কটাইছিলো"। ফটোখনত কেলীক অসুস্থ পিতৃ পেলেক বিচনাত আলিঙ্গন কৰি থকা দেখা গৈছে। পেলেৰ নাতিনীয়েক চফিয়াও তাত উপস্থিত আছিল৷
কেলীয়ে লগতে লিখিছে, "আপোনালোকৰ মৰম, আপোনালোকৰ প্ৰাৰ্থনা আমাৰ বাবে এক ডাঙৰ সকাহ। কাৰণ আমি উপলব্ধি কৰোঁ যে এই যুঁজত আমি অকলশৰীয়া নহয়। "
এই সপ্তাহৰ আৰম্ভণিতে চিকিৎসালয়ৰ সূত্ৰই কৈছিল যে পেলেৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও স্থিৰ হৈ আছে ৷ তেওঁ এতিয়া হৃদযন্ত্ৰ আৰু মূত্ৰনলীৰ সমস্যাত ভুগি আছে।
চিকিৎসালয়ৰ পৰাই পেলেই বিশ্বকাপত ব্ৰাজিলৰ খেল খন চাইছিল। কেৱল সেয়াই নহয় আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাৰ পিছত তেওঁ সংবাদ মাধ্যমত লিঅ’নেল মেছিকো অভিনন্দন জনাইছিল। ফাইনেলত হেট্ৰিকৰ গৰাকী ফ্ৰান্সৰ কেলিয়ান এমবাপ্পেকো পেলেই অভিনন্দন জনাইছিল।
১৭ বছৰ বয়সত পেলেই আন্তঃৰাষ্ট্ৰীয় ফুটবলত অৱতীৰ্ণ হোৱাৰ সময়ত সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ ব্ৰাজিলক ১৯৫৮ চনত বিশ্বকাপ জিকাত সহায় কৰিছিল। ইয়াৰ পিছত, ১৯৬২ আৰু ১৯৭০ চনত তেওঁ ব্ৰাজিললৈ বিশ্বকাপ আনিছিল। কৰ্কট ৰোগৰ ঔষধ আৰু কেমোথেৰাপী গ্ৰহণ কৰাৰ বাবে পেলেৰ হাঁওফাঁওৰ সংক্ৰমণ হৈছিল। সেইকাৰণে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷