--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলৰ কিংবদন্তী পেলে গুৰুতৰ ভাবে অসুস্থ৷ জটিল ৰোগত আক্ৰান্ত পেলেই এতিয়া যুঁজিছে জীৱন মৰণৰ সৈতে৷ আজি বৰদিন৷ কিন্তু পেলেৰ ঘৰখনত নাই বৰদিনৰ উচাহ৷ আজিৰ দিনটোত চিকিৎসালয়ত থকা  পিতৃৰ বুকুত মূৰ গুজিয়েই বৰদিন পাৰ কৰিলে কন্যা কেলীয়ে ৷ পেলেৰ জীয়ৰী কেলি নাচিমেণ্টোৱে  কৰ্কট ৰোগ সম্পৰ্কে সংবাদ মাধ্যমত এটা আৱেগিক পোষ্ট  কৰিছে। 

পেলে ২০২১ চনৰ পৰা অন্ত্ৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। কাটাৰ বিশ্বকাপৰ সময়তে তেওঁক পুনৰ ২৯ নৱেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

দেউতাকৰ সৈতে এখন ফটো পোষ্ট কৰি পেলেৰ কন্যাই  লিখিছে, "আমি মনত বিশ্বাস লৈ যুঁজি আছো। মই মোৰ দেউতাৰ সৈতে এনেদৰেই  কটাইছিলো"। ফটোখনত কেলীক  অসুস্থ পিতৃ পেলেক বিচনাত আলিঙ্গন কৰি থকা  দেখা গৈছে। পেলেৰ নাতিনীয়েক চফিয়াও তাত উপস্থিত আছিল৷  

কেলীয়ে লগতে  লিখিছে, "আপোনালোকৰ মৰম, আপোনালোকৰ  প্ৰাৰ্থনা আমাৰ বাবে এক ডাঙৰ সকাহ। কাৰণ আমি উপলব্ধি কৰোঁ যে এই যুঁজত আমি অকলশৰীয়া নহয়। "
এই সপ্তাহৰ আৰম্ভণিতে চিকিৎসালয়ৰ সূত্ৰই কৈছিল যে পেলেৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও স্থিৰ হৈ আছে ৷  তেওঁ এতিয়া হৃদযন্ত্ৰ আৰু মূত্ৰনলীৰ সমস্যাত ভুগি আছে।

চিকিৎসালয়ৰ পৰাই পেলেই বিশ্বকাপত ব্ৰাজিলৰ খেল খন চাইছিল। কেৱল সেয়াই নহয় আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাৰ পিছত তেওঁ সংবাদ মাধ্যমত লিঅ’নেল মেছিকো অভিনন্দন জনাইছিল। ফাইনেলত হেট্ৰিকৰ গৰাকী ফ্ৰান্সৰ কেলিয়ান এমবাপ্পেকো পেলেই  অভিনন্দন জনাইছিল।

১৭ বছৰ বয়সত পেলেই আন্তঃৰাষ্ট্ৰীয় ফুটবলত অৱতীৰ্ণ হোৱাৰ সময়ত সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ ব্ৰাজিলক ১৯৫৮ চনত বিশ্বকাপ জিকাত সহায় কৰিছিল। ইয়াৰ পিছত, ১৯৬২ আৰু ১৯৭০ চনত তেওঁ ব্ৰাজিললৈ বিশ্বকাপ আনিছিল।  কৰ্কট ৰোগৰ ঔষধ আৰু কেমোথেৰাপী গ্ৰহণ কৰাৰ বাবে পেলেৰ  হাঁওফাঁওৰ সংক্ৰমণ হৈছিল। সেইকাৰণে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ