--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশৰ ইনিং কাউণ্টিত এটা সোণৰ খনি খহি পৰাৰ ফলত কমেও ১৮ জন শ্ৰমিক আৱদ্ধ হৈ পৰিছে। ঘটনাটোৰ সময়ত ৪০  জন শ্ৰমিকে  তাত কাম কৰি আছিল বুলি জানিব পৰা গৈছে। 

তেওঁলোকৰ বেছিভাগেই খনিৰ পৰা অক্ষত অৱস্থাত ওলাই আহিব পাৰিছে। অৱশ্যে ১৮ জন শ্ৰমিক এতিয়াও  আৱদ্ধ হৈ আছে। ঘটনাৰ  খবৰ পোৱাৰ পিছত উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীত উপস্থিত হৈ   উদ্ধাৰ অভিযান আৰম্ভ কৰিছে৷

ইয়াৰ পূৰ্বে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত কিংঘাই প্ৰদেশত কয়লা খনি খহি পৰাৰ ফলত ১৯ জন লোকৰ মৃত্যু হৈছিল। বহু দিনৰ পিছতহে শ্ৰমিকসকলৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছিল। ইফালে, যোৱা বছৰ ডিচেম্বৰত আন এটা কয়লা খনিত পানী প্ৰৱেশ কৰাৰ ফলত ২২ জন শ্ৰমিক আৱদ্ধ হৈ পৰিছিল। 

শানক্সি প্ৰদেশৰ সেই ঘটনাটোত ২০ জন লোকক উদ্ধাৰ কৰা সম্ভৱ হৈছিল। ঘটনাটোত দুজন লোক নিহত হৈছিল। চীনৰ খনি নিৰাপত্তা ব্যৱস্থাটো  শক্তিশালী যদিও মাজে সময়ে এনে দুৰ্ঘটনা ঘটিয়েই গৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ