--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাৰ মূৰ্তি স্থাপন কৰা হ’ব। ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে।

ট্ৰাষ্টৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই মঙলবাৰে কয় যে, ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা পবিত্ৰ অনুষ্ঠানটো ১০ দিনলৈ চলি থাকিব।

মোডী চৰকাৰে গঠন কৰা ৰাম মন্দিৰ ট্ৰাষ্টে অহা বছৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অযোধ্যাৰ ৰাম মন্দিৰ ভক্তৰ বাবে মুকলি কৰিব বিচাৰিছে। যোৱা জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰা ভ্ৰমণ কৰি কৈছিল, "২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হ'ব।"

উত্তৰ প্ৰদেশৰ মন্দিৰ নগৰত সেই লক্ষ্য পূৰণৰ বাবে এতিয়া কাম চলি আছে। চলিত মাহত নৃপেন্দ্ৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি তেওঁ কয় যে এটা মহলাৰ কাম সম্পূৰ্ণ হৈছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। শেহতীয়াকৈ মোডী চৰকাৰৰ ৯ বছৰৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণাধীন ৰাম মন্দিৰৰ ছবি দেখুৱাই অহা বছৰ মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব বুলি অৱগত কৰে।

প্ৰসংগক্ৰমে ২০১৯ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কৰা আবেদনখন গৃহীত কৰি এক ঐতিহাসিক ৰায়দানত কেন্দ্ৰক তিনি মাহৰ ভিতৰত ট্ৰাষ্ট গঠন কৰি মন্দিৰ নিৰ্মাণৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিবলৈ কয়। সেই কাৰ্যকাল শেষ হোৱাৰ মাত্ৰ তিনিদিন পূৰ্বে ২০২০ চনৰ ৬ ফেব্ৰুৱাৰীত মোডী চৰকাৰে ট্ৰাষ্ট স্থাপন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু