--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাৰ মূৰ্তি স্থাপন কৰা হ’ব। ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে।

ট্ৰাষ্টৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই মঙলবাৰে কয় যে, ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা পবিত্ৰ অনুষ্ঠানটো ১০ দিনলৈ চলি থাকিব।

মোডী চৰকাৰে গঠন কৰা ৰাম মন্দিৰ ট্ৰাষ্টে অহা বছৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অযোধ্যাৰ ৰাম মন্দিৰ ভক্তৰ বাবে মুকলি কৰিব বিচাৰিছে। যোৱা জানুৱাৰী মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰা ভ্ৰমণ কৰি কৈছিল, "২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হ'ব।"

উত্তৰ প্ৰদেশৰ মন্দিৰ নগৰত সেই লক্ষ্য পূৰণৰ বাবে এতিয়া কাম চলি আছে। চলিত মাহত নৃপেন্দ্ৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি তেওঁ কয় যে এটা মহলাৰ কাম সম্পূৰ্ণ হৈছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। শেহতীয়াকৈ মোডী চৰকাৰৰ ৯ বছৰৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণাধীন ৰাম মন্দিৰৰ ছবি দেখুৱাই অহা বছৰ মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব বুলি অৱগত কৰে।

প্ৰসংগক্ৰমে ২০১৯ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কৰা আবেদনখন গৃহীত কৰি এক ঐতিহাসিক ৰায়দানত কেন্দ্ৰক তিনি মাহৰ ভিতৰত ট্ৰাষ্ট গঠন কৰি মন্দিৰ নিৰ্মাণৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিবলৈ কয়। সেই কাৰ্যকাল শেষ হোৱাৰ মাত্ৰ তিনিদিন পূৰ্বে ২০২০ চনৰ ৬ ফেব্ৰুৱাৰীত মোডী চৰকাৰে ট্ৰাষ্ট স্থাপন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে