--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠী সংঘৰ্ষৰ  জুয়ে দহিছে মণিপুৰ। ৰাজ্য খনত হিন্দু সম্প্ৰদায়ৰ মেইটেই আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী কুকিসকলৰ মাজত ৰক্তাক্ত সংঘৰ্ষ আৰম্ভ হৈছে। কুকিসকলে নিজৰ জীৱন-সম্প্ত্তি ৰক্ষাৰ স্বাৰ্থত সেনাৰ সুৰক্ষা বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে। আবেদনত কুকিসকলে এইবুলি কৈছে যে  মণিপুৰত শীঘ্ৰে  সেনাৰ শাসন জাৰি কৰা উচিত। 

কুকি সম্প্ৰদায়ৰ এটা বৃহৎ অংশই উচ্চতম ন্যায়ালয়ৰ  বিচাৰপীঠৰ ওচৰত দাখিল কৰা এই আবেদনৰ আগতীয়া শুনানি গ্ৰহণ কৰিবলৈ আজি অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে।  কুকিসকলে আবেদন খনৰ  আগতীয়া শুনানি অনুষ্ঠিত হোৱাটো  বিচাৰিছিল। অৱশ্যে শীৰ্ষ ন্যায়ালয়ে দ্ৰুত শুনানিৰ আবেদন খাৰিজ কৰে।


কুকি-মেইটেইৰ মাজত সংঘৰ্ষত  এতিয়ালৈকে  প্ৰায় ১২০ জন লোক নিহত হৈছে। আহতৰ সংখ্যা ১,০০০ ৰো অধিক। হাজাৰ হাজাৰ লোক গৃহহীন হৈছে । কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শান্তি পুনৰুদ্ধাৰৰ বাবে মণিপুৰ ভ্ৰমণ কৰিছিল। তথাপিও ৰাজ্য খনলৈ শান্তি উভতি অহা নাই। কেইবাটাও অঞ্চলত নতুনকৈ সংঘৰ্ষ আৰম্ভ হৈছে।ৰাজ্যখনৰ কুকি সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা সংগঠন মণিপুৰ ট্ৰাইবেল ফ'ৰাম (এমটিএফ)য়ে দাবী কৰিছে যে মৃতসকলৰ ৭০ জন লোকেই কে তেওঁলোকৰ সম্প্ৰদায়ৰ।


আহতসকলৰ বেছিভাগেই কুকি সম্প্ৰদায়ৰ। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কুকিসকলৰ জীৱন ৰক্ষা কৰাত ব্যৰ্থ হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰিছে। গতিকে কুকিসকলৰ জীৱন ৰক্ষা কৰিবলৈ সামৰিক শাসনৰ বাহিৰে কোনো বিকল্প নাই বুলি সংগঠনটোৱে কৈছে। সংগঠনটোৱে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ  বিচাৰপীঠৰ ওচৰত মণিপুৰ তৎক্ষণাৎ সেনাক হস্তান্তৰ কৰিব লাগে বুলি আবেদন কৰিছিল।  সংগঠনটোৱে  উচ্চতম ন্যায়ালয়ত আবেদন খনৰ  আগতীয়া শুনানি বিচাৰিছিল। অৱশ্যে, ন্যায়াধীশ সূৰ্য কান্ত আৰু এম এম সুন্দৰেশৰ বিচাৰপীঠে এই আবেদন প্ৰত্যাখ্যান কৰি কয় যে বিষয়টো সোনকালে শুনানিৰ বাবে গ্ৰহণ কৰিবলগীয়া বিষয় নহয়। মণিপুৰত যি চলি আছে সেয়া কেৱল আইন-শৃংখলা পৰিস্থিতিৰ বিষয় বুলিও আদালতে কয়। 

উচ্চতম ন্যায়ালয়ে মণিপুৰত ইণ্টাৰনেট আংশিকভাৱে পুনৰ বাহাল  কৰিব পাৰিনে  নাই সেই সন্দৰ্ভত বিবেচনা কৰিবলৈ  নিৰ্দেশ দিছে। মণিপুৰৰ একাংশ  বিশিষ্ট ব্যক্তিয়ে ইণ্টাৰনেট পুনৰ বাহাল কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। এই অনুৰোধৰ আধাৰত উচ্চতম ন্যায়ালয়ে প্ৰশাসনক অন্ততঃ কিছুমান ঠাইত নিয়ন্ত্ৰিত ভাৱে ইণ্টাৰনেট সেৱা মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। যদি প্ৰয়োজন হয়  প্ৰশাসনে সামাজিক মাধ্যমৰ ব্যৱহাৰ বন্ধ কৰিব লাগে আৰু ইণ্টাৰনেট আৰম্ভ কৰিব লাগে বুলিও আদালতে মন্তব্য কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু