--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠী সংঘৰ্ষৰ  জুয়ে দহিছে মণিপুৰ। ৰাজ্য খনত হিন্দু সম্প্ৰদায়ৰ মেইটেই আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী কুকিসকলৰ মাজত ৰক্তাক্ত সংঘৰ্ষ আৰম্ভ হৈছে। কুকিসকলে নিজৰ জীৱন-সম্প্ত্তি ৰক্ষাৰ স্বাৰ্থত সেনাৰ সুৰক্ষা বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে। আবেদনত কুকিসকলে এইবুলি কৈছে যে  মণিপুৰত শীঘ্ৰে  সেনাৰ শাসন জাৰি কৰা উচিত। 

কুকি সম্প্ৰদায়ৰ এটা বৃহৎ অংশই উচ্চতম ন্যায়ালয়ৰ  বিচাৰপীঠৰ ওচৰত দাখিল কৰা এই আবেদনৰ আগতীয়া শুনানি গ্ৰহণ কৰিবলৈ আজি অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে।  কুকিসকলে আবেদন খনৰ  আগতীয়া শুনানি অনুষ্ঠিত হোৱাটো  বিচাৰিছিল। অৱশ্যে শীৰ্ষ ন্যায়ালয়ে দ্ৰুত শুনানিৰ আবেদন খাৰিজ কৰে।


কুকি-মেইটেইৰ মাজত সংঘৰ্ষত  এতিয়ালৈকে  প্ৰায় ১২০ জন লোক নিহত হৈছে। আহতৰ সংখ্যা ১,০০০ ৰো অধিক। হাজাৰ হাজাৰ লোক গৃহহীন হৈছে । কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শান্তি পুনৰুদ্ধাৰৰ বাবে মণিপুৰ ভ্ৰমণ কৰিছিল। তথাপিও ৰাজ্য খনলৈ শান্তি উভতি অহা নাই। কেইবাটাও অঞ্চলত নতুনকৈ সংঘৰ্ষ আৰম্ভ হৈছে।ৰাজ্যখনৰ কুকি সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা সংগঠন মণিপুৰ ট্ৰাইবেল ফ'ৰাম (এমটিএফ)য়ে দাবী কৰিছে যে মৃতসকলৰ ৭০ জন লোকেই কে তেওঁলোকৰ সম্প্ৰদায়ৰ।


আহতসকলৰ বেছিভাগেই কুকি সম্প্ৰদায়ৰ। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কুকিসকলৰ জীৱন ৰক্ষা কৰাত ব্যৰ্থ হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰিছে। গতিকে কুকিসকলৰ জীৱন ৰক্ষা কৰিবলৈ সামৰিক শাসনৰ বাহিৰে কোনো বিকল্প নাই বুলি সংগঠনটোৱে কৈছে। সংগঠনটোৱে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ  বিচাৰপীঠৰ ওচৰত মণিপুৰ তৎক্ষণাৎ সেনাক হস্তান্তৰ কৰিব লাগে বুলি আবেদন কৰিছিল।  সংগঠনটোৱে  উচ্চতম ন্যায়ালয়ত আবেদন খনৰ  আগতীয়া শুনানি বিচাৰিছিল। অৱশ্যে, ন্যায়াধীশ সূৰ্য কান্ত আৰু এম এম সুন্দৰেশৰ বিচাৰপীঠে এই আবেদন প্ৰত্যাখ্যান কৰি কয় যে বিষয়টো সোনকালে শুনানিৰ বাবে গ্ৰহণ কৰিবলগীয়া বিষয় নহয়। মণিপুৰত যি চলি আছে সেয়া কেৱল আইন-শৃংখলা পৰিস্থিতিৰ বিষয় বুলিও আদালতে কয়। 

উচ্চতম ন্যায়ালয়ে মণিপুৰত ইণ্টাৰনেট আংশিকভাৱে পুনৰ বাহাল  কৰিব পাৰিনে  নাই সেই সন্দৰ্ভত বিবেচনা কৰিবলৈ  নিৰ্দেশ দিছে। মণিপুৰৰ একাংশ  বিশিষ্ট ব্যক্তিয়ে ইণ্টাৰনেট পুনৰ বাহাল কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। এই অনুৰোধৰ আধাৰত উচ্চতম ন্যায়ালয়ে প্ৰশাসনক অন্ততঃ কিছুমান ঠাইত নিয়ন্ত্ৰিত ভাৱে ইণ্টাৰনেট সেৱা মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। যদি প্ৰয়োজন হয়  প্ৰশাসনে সামাজিক মাধ্যমৰ ব্যৱহাৰ বন্ধ কৰিব লাগে আৰু ইণ্টাৰনেট আৰম্ভ কৰিব লাগে বুলিও আদালতে মন্তব্য কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে