--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ কৰ্তন হোৱা মহুৱাই  তেওঁৰ চৰকাৰী বাংলো এৰি দিব লাগিব।  সাংসদ পদ কৰ্তন হোৱাৰ পিছতে মহুৱাক  কেইদিনমানৰ ভিতৰতে সাংসদৰ চৰকাৰী  বাংলো খালী কৰিবলৈ কোৱা হ’ব পাৰে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ মাজতে অহা বছৰৰ ৭ জানুৱাৰীৰ ভিতৰত তেওঁক চৰকাৰী ঘৰ এৰিবলৈ কোৱা হৈছে বুলি জানিব পৰা গৈছে৷ মহুৱা  মৈত্ৰই তেওঁক চৰকাৰী বাসভৱনৰ পৰা উৎখাত কৰাৰ পদক্ষেপৰ বিৰুদ্ধে আজি  আদালতলৈ গৈছে৷ 

শেহতীয়াকৈ লোকসভাৰ পৰা বহিষ্কৃত হোৱা তৃণমূল কংগ্ৰেছৰ নেতা মহুৱা  মৈত্ৰই সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপি তেওঁৰ চৰকাৰী বাসস্থান বাতিল কৰা আৰু ২০২৪ চনৰ ৭ জানুৱাৰীৰ ভিতৰত ঘৰ খালী কৰিবলৈ কোৱা নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে। শীক্ঘ্ৰে শুনানিৰ বাবে তালিকাভুক্ত হোৱাৰ সম্ভাৱনা থকা আবেদনখনত লোকসভাৰ সম্পত্তি সঞ্চালকালয়ৰ ১১ ডিচেম্বৰৰ আদেশ বাতিল কৰিবলৈ আহ্বান জনোৱা হৈছে ।  ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱালৈকে মৈত্ৰক বাসস্থানৰ অধিকাৰ বজাই ৰাখিবলৈ অনুমতি দিবলৈ অনুৰোধ জনোৱা হৈছে।

লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল। মন কৰিকৰিব লগীয়া যে মহুৱাক বিশেষ কোটাৰ অধীনত এটা এমপি বাংলো দিয়া হৈছিল। 
কিন্তু যোৱা সপ্তাহত সাংসদ হিচাপে অযোগ্য হোৱাৰ পিছত তৃণমূল (টিএমচি) নেত্ৰীগৰাকীয়ে  বাংলোটো খালী কৰিবলগীয়া  হ'ব ।উল্লেখ্য  অলপতে মহুৱাৰ লোকসভাৰ সাংসদ পদ কৰ্তন  কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক