--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সংসদ ভৱনত গেছ আক্ৰমণৰ ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত অৱশেষত এখন ৰাজহুৱা স্বাৰ্থৰজড়িত আবেদন  (পিআইএল) দাখিল কৰা হৈছে। আবেদন খনত সমগ্ৰ ঘটনাটোৰ আঁৰত কোনো ডাঙৰ ষড়যন্ত্ৰ আছে নেকি সেয়া অনুসন্ধান কৰিবলৈ অনুৰোধ জনোৱা  হৈছে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা তৃণমূল কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক আবু ছোহেলে সোমবাৰে শীৰ্ষ আদালতত এই  আবেদনখন  দাখিল কৰে।আবেদনত কোৱা হৈছে  "যেতিয়া দেশৰ সংসদ আৰু জনপ্ৰতিনিধিসকলৰ নিৰাপত্তা উলংঘন হৈছে তেতিয়া সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত ?" । তেওঁ কয় যে ১৩ ডিচেম্বৰৰ সংসদ আক্ৰমণৰ আঁৰত এটা ডাঙৰ ষড়যন্ত্ৰ থাকিব পাৰে। গতিকে সেয়া ফঁহিয়াই চোৱা প্ৰয়োজন৷ অধিবক্তা আবু চোহেলে উচ্চতম ন্যায়ালয়ক নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিবলৈ আবেদন জনায়।


মন কৰিব লগীয়া যে দুজন যুৱকে ১৩ ডিচেম্বৰত  লোকসভাত আক্ৰমণ কৰিছিল আৰু সংসদত গেছ বিয়পাই দিছিল৷   দিল্লী আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে। নিৰাপত্তা উলংঘনৰ ঘটনাটোৰ তদন্ত চলি আছে। দিল্লী আৰক্ষীয়ে লোকসভাৰ  অধ্যক্ষক বিজেপি সাংসদ প্ৰতাপ সিম্মহাক প্ৰশ্ন কৰাৰ অনুমতি বিচাৰি চিঠি লিখিছে। আক্ৰমণকাৰীয়ে  সেইদিনা সিম্মহাৰ  অতিথি হিচাপে লোকসভাত প্ৰৱেশ কৰিছিল। বিৰোধীয়ে সোমবাৰেও বিষয়টো উত্থাপন কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক