--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সংসদ ভৱনত গেছ আক্ৰমণৰ ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত অৱশেষত এখন ৰাজহুৱা স্বাৰ্থৰজড়িত আবেদন  (পিআইএল) দাখিল কৰা হৈছে। আবেদন খনত সমগ্ৰ ঘটনাটোৰ আঁৰত কোনো ডাঙৰ ষড়যন্ত্ৰ আছে নেকি সেয়া অনুসন্ধান কৰিবলৈ অনুৰোধ জনোৱা  হৈছে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা তৃণমূল কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক আবু ছোহেলে সোমবাৰে শীৰ্ষ আদালতত এই  আবেদনখন  দাখিল কৰে।আবেদনত কোৱা হৈছে  "যেতিয়া দেশৰ সংসদ আৰু জনপ্ৰতিনিধিসকলৰ নিৰাপত্তা উলংঘন হৈছে তেতিয়া সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত ?" । তেওঁ কয় যে ১৩ ডিচেম্বৰৰ সংসদ আক্ৰমণৰ আঁৰত এটা ডাঙৰ ষড়যন্ত্ৰ থাকিব পাৰে। গতিকে সেয়া ফঁহিয়াই চোৱা প্ৰয়োজন৷ অধিবক্তা আবু চোহেলে উচ্চতম ন্যায়ালয়ক নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিবলৈ আবেদন জনায়।


মন কৰিব লগীয়া যে দুজন যুৱকে ১৩ ডিচেম্বৰত  লোকসভাত আক্ৰমণ কৰিছিল আৰু সংসদত গেছ বিয়পাই দিছিল৷   দিল্লী আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে। নিৰাপত্তা উলংঘনৰ ঘটনাটোৰ তদন্ত চলি আছে। দিল্লী আৰক্ষীয়ে লোকসভাৰ  অধ্যক্ষক বিজেপি সাংসদ প্ৰতাপ সিম্মহাক প্ৰশ্ন কৰাৰ অনুমতি বিচাৰি চিঠি লিখিছে। আক্ৰমণকাৰীয়ে  সেইদিনা সিম্মহাৰ  অতিথি হিচাপে লোকসভাত প্ৰৱেশ কৰিছিল। বিৰোধীয়ে সোমবাৰেও বিষয়টো উত্থাপন কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement