--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত কাইলৈ মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। শক্তিশালী দল দুটাক লৈ সেয়ে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে।

তেনে সময়তে প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ টম মুডীয়ে এক বিশেষ মন্তব্য কৰিছে। মুডীয়ে কয় যে ভাৰতৰ বেটাৰসকলক প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ হ’লে দক্ষিণ আফ্ৰিকাই চাৰিজনকৈ পেচাৰ খেলাব লাগিব।

মেচখন অনুষ্ঠিত হ’ব পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত। মুডীয়ে কয় যে পাৰ্থৰ পিটচত ফাষ্ট বলিঙৰ বাবে উপযোগী। দক্ষিণ আফ্ৰিকাৰ যিহেতু এটা শক্তিশালী ফাষ্ট বলিঙৰ আক্ৰমণ আছে, সেয়ে চাৰিজনকৈ পেচাৰক খেলোৱা উচিত।

সেয়ে দক্ষিণ আফ্ৰিকান স্পীনাৰ তব্ৰাইজ ছাম্ছীক আঁতৰাই তেওঁৰ স্থানত এজন ফাষ্ট বলাৰ অন্তৰ্ভূক্ত কৰিবলৈ তেওঁ আহ্বান জনাইছে।

উল্লেখ্য যে ভাৰতে এতিয়ালৈকে বিশ্বকাপত দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যষ্ট কৰিছে। আনহাতে দক্ষিণ আফ্ৰিকাই দুখন মেচ খেলি এখনত জয়ী হৈছে। সেয়ে পইণ্ট লাভৰ বাবে মেচখনত জয়ী হোৱাটো দক্ষিণ আফ্ৰিকাৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু