--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত পাকিস্তানে প্ৰথম দুখন খেলত বিপৰ্যস্ত হোৱাৰ পাছতে অধিনায়ক বাবৰ আজমৰ সমালোচনাত মুখৰ হৈছে দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰসকল। বিশ্বকাপত দেখুওৱা দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে বাবৰকে দোষাৰোপ কৰিছে প্ৰাক্তন তাৰকা ৱাছিম আক্ৰম আৰু ৱাকাৰ ইউনিছে।

তেওঁলোকৰ মতে, বাবৰে দলত নিজৰ স্থানক লৈয়েই চিন্তিত। সেয়ে দলে কি খেলিছে তাক লৈ বাবৰৰ কোনো চিন্তা নাই। এনেকুৱা অধিনায়ক থকা বাবেই দলে পৰাজয়ৰ মুখ দেখিছে বুলি তেওঁলোকে কয়।

ৱাছিম আক্ৰমে কয় যে বাবৰ এজন স্বাৰ্থপৰ লোক। কেৱল নিজৰ প্ৰদৰ্শনৰ ওপৰত লক্ষ্য থাকে বাবৰৰ। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা ফাষ্ট বলাৰ ৱাকাৰ ইউনিছেও একে ধৰণৰ মন্তব্য কৰিছে। কয় যে বাবৰ এজন স্বাৰ্থপৰ খেলুৱৈ।

“আইচিচি তালিকাত শীৰ্ষ থকাৰ কোনো গুৰুত্ব নাই। দল জিকাব লাগিব।”- বাবৰৰ প্ৰতি তাচ্ছিল্য কৰি ৱাকাৰ ইউনিছে কয়।

কেৱল এওঁলোকেই নহয়, বাবৰক সমালোচনা কৰিছে পাকিস্তানৰ প্ৰাক্তন তাৰকা কামৰণ আকমল, ইউনিছ খান আৰু ছোৱেইব আখটাৰেও। আখটাৰে বাবৰ আজমক ‘জঘন্য অধিনায়ক’ হিচাপে আখ্যা দিছে। দলীয় চিন্তাক লৈ বাবৰৰ কোনো পৰিকল্পনা নাই বুলি তেওঁ কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু