--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত পাকিস্তানে প্ৰথম দুখন খেলত বিপৰ্যস্ত হোৱাৰ পাছতে অধিনায়ক বাবৰ আজমৰ সমালোচনাত মুখৰ হৈছে দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰসকল। বিশ্বকাপত দেখুওৱা দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে বাবৰকে দোষাৰোপ কৰিছে প্ৰাক্তন তাৰকা ৱাছিম আক্ৰম আৰু ৱাকাৰ ইউনিছে।

তেওঁলোকৰ মতে, বাবৰে দলত নিজৰ স্থানক লৈয়েই চিন্তিত। সেয়ে দলে কি খেলিছে তাক লৈ বাবৰৰ কোনো চিন্তা নাই। এনেকুৱা অধিনায়ক থকা বাবেই দলে পৰাজয়ৰ মুখ দেখিছে বুলি তেওঁলোকে কয়।

ৱাছিম আক্ৰমে কয় যে বাবৰ এজন স্বাৰ্থপৰ লোক। কেৱল নিজৰ প্ৰদৰ্শনৰ ওপৰত লক্ষ্য থাকে বাবৰৰ। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা ফাষ্ট বলাৰ ৱাকাৰ ইউনিছেও একে ধৰণৰ মন্তব্য কৰিছে। কয় যে বাবৰ এজন স্বাৰ্থপৰ খেলুৱৈ।

“আইচিচি তালিকাত শীৰ্ষ থকাৰ কোনো গুৰুত্ব নাই। দল জিকাব লাগিব।”- বাবৰৰ প্ৰতি তাচ্ছিল্য কৰি ৱাকাৰ ইউনিছে কয়।

কেৱল এওঁলোকেই নহয়, বাবৰক সমালোচনা কৰিছে পাকিস্তানৰ প্ৰাক্তন তাৰকা কামৰণ আকমল, ইউনিছ খান আৰু ছোৱেইব আখটাৰেও। আখটাৰে বাবৰ আজমক ‘জঘন্য অধিনায়ক’ হিচাপে আখ্যা দিছে। দলীয় চিন্তাক লৈ বাবৰৰ কোনো পৰিকল্পনা নাই বুলি তেওঁ কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক