--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনিশ্চয়তাত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ অধিনায়কত্ব! শেহতীয়াকৈ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পাছত খেলপথাৰত দেখা পোৱা নগ’ল হাৰ্দিক পাণ্ডিয়াক। কিন্তু এতিয়া ভাৰতীয় দলৰ বাবে এটা ভাল খবৰ। আচলতে হাৰ্দিক পাণ্ডিয়া অতি সোনকালে খেলপথাৰলৈ ঘূৰি আহিব পাৰে। ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে হাৰ্দিক পাণ্ডিয়াৰ এখন ছবি। এই ভাইৰেল ছবিখনত হাৰ্দিক পাণ্ডিয়াক প্ৰশিক্ষণ লোৱা দেখা গৈছে। অৱশ্যে অতি সোনকালে হাৰ্দিক পাণ্ডিয়াই পুনৰ প্ৰত্যাৱৰ্তন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।


বৰ্তমান ভাৰতীয় দলটো দক্ষিণ আফ্ৰিকা ভ্ৰমণত আছে। আঘাতৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণত খেলিব নোৱাৰিলে হাৰ্দিক পাণ্ডিয়াই। কিন্তু ভাৰত-আফগানিস্তানৰ শৃংখলাত হাৰ্দিক পাণ্ডিয়াই পুনৰ উভতি আহিব পাৰিবনে? ভাৰত আৰু আফগানিস্তানৰ মাজত ৩ খন টি-২০ মেচৰ ধাৰাবাহিক খেল অনুষ্ঠিত হ’ব। অহা ১১ জানুৱাৰীত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথম টি-২০। কিন্তু ভাৰত-আফগানিস্তানৰ শৃংখলাত খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই। অৱশ্যে অতি সোনকালে হাৰ্দিক পাণ্ডিয়াই পুনৰ প্ৰত্যাৱৰ্তন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। এইদৰে ভাৰতীয় অনুৰাগীৰ বাহিৰেও মুম্বাই ইণ্ডিয়ানছৰ বাবে এটা ভাল খবৰ।


শেহতীয়াকৈ আই পি এলৰ নিলামৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াক নিজৰ দলৰ অংশ হিচাপে গঢ়ি তুলিছিল। আচলতে মুম্বাই ইণ্ডিয়ানে গুজৰাট টাইটানছৰ পৰা হাৰ্দিক পাণ্ডিয়াক ট্ৰেড কৰিছিল। এইদৰেই আই পি এল ২০২৪ ছিজনত মুম্বাই ইণ্ডিয়ানছৰ জাৰ্চি পিন্ধি হাৰ্দিক পাণ্ডিয়াক দেখা যাব। লগতে মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক নিজৰ দলৰ অধিনায়ক হিচাপে স্থান দিছে। অৱশ্যে ইয়াৰ পূৰ্বেও হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছ দলৰ অংশ আছিল। আই পি এল ২০১৫ ছিজনত প্ৰথমবাৰৰ বাবে খেলিছিল হাৰ্দিক পাণ্ডিয়াই। ইয়াৰ পাছত হাৰ্দিক পাণ্ডিয়াই আই পি এল ২০২১ পৰ্যন্ত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে। ইয়াৰ পৰৱৰ্তী সময়ত আই পি এল ২০২২ৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়া গুজৰাট টাইটানছৰ অংশ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু