--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনিশ্চয়তাত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ অধিনায়কত্ব! শেহতীয়াকৈ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পাছত খেলপথাৰত দেখা পোৱা নগ’ল হাৰ্দিক পাণ্ডিয়াক। কিন্তু এতিয়া ভাৰতীয় দলৰ বাবে এটা ভাল খবৰ। আচলতে হাৰ্দিক পাণ্ডিয়া অতি সোনকালে খেলপথাৰলৈ ঘূৰি আহিব পাৰে। ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে হাৰ্দিক পাণ্ডিয়াৰ এখন ছবি। এই ভাইৰেল ছবিখনত হাৰ্দিক পাণ্ডিয়াক প্ৰশিক্ষণ লোৱা দেখা গৈছে। অৱশ্যে অতি সোনকালে হাৰ্দিক পাণ্ডিয়াই পুনৰ প্ৰত্যাৱৰ্তন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।


বৰ্তমান ভাৰতীয় দলটো দক্ষিণ আফ্ৰিকা ভ্ৰমণত আছে। আঘাতৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণত খেলিব নোৱাৰিলে হাৰ্দিক পাণ্ডিয়াই। কিন্তু ভাৰত-আফগানিস্তানৰ শৃংখলাত হাৰ্দিক পাণ্ডিয়াই পুনৰ উভতি আহিব পাৰিবনে? ভাৰত আৰু আফগানিস্তানৰ মাজত ৩ খন টি-২০ মেচৰ ধাৰাবাহিক খেল অনুষ্ঠিত হ’ব। অহা ১১ জানুৱাৰীত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথম টি-২০। কিন্তু ভাৰত-আফগানিস্তানৰ শৃংখলাত খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই। অৱশ্যে অতি সোনকালে হাৰ্দিক পাণ্ডিয়াই পুনৰ প্ৰত্যাৱৰ্তন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। এইদৰে ভাৰতীয় অনুৰাগীৰ বাহিৰেও মুম্বাই ইণ্ডিয়ানছৰ বাবে এটা ভাল খবৰ।


শেহতীয়াকৈ আই পি এলৰ নিলামৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াক নিজৰ দলৰ অংশ হিচাপে গঢ়ি তুলিছিল। আচলতে মুম্বাই ইণ্ডিয়ানে গুজৰাট টাইটানছৰ পৰা হাৰ্দিক পাণ্ডিয়াক ট্ৰেড কৰিছিল। এইদৰেই আই পি এল ২০২৪ ছিজনত মুম্বাই ইণ্ডিয়ানছৰ জাৰ্চি পিন্ধি হাৰ্দিক পাণ্ডিয়াক দেখা যাব। লগতে মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক নিজৰ দলৰ অধিনায়ক হিচাপে স্থান দিছে। অৱশ্যে ইয়াৰ পূৰ্বেও হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছ দলৰ অংশ আছিল। আই পি এল ২০১৫ ছিজনত প্ৰথমবাৰৰ বাবে খেলিছিল হাৰ্দিক পাণ্ডিয়াই। ইয়াৰ পাছত হাৰ্দিক পাণ্ডিয়াই আই পি এল ২০২১ পৰ্যন্ত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে। ইয়াৰ পৰৱৰ্তী সময়ত আই পি এল ২০২২ৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়া গুজৰাট টাইটানছৰ অংশ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক