--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ অশান্তৰ পৰা অশান্ত হৈ পৰিছে মণিপুৰ। সেয়ে এইবাৰ দেখা মাত্ৰেই গুলী চলোৱাৰ নিৰ্দেশ জাৰি কৰিছে মণিপুৰৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে।

সকলো জিলা দণ্ডাধীশ, মহকুমাধিপতি আৰু কাৰ্যবাহী দণ্ডাধীশক গুলীচালনাৰ নিৰ্দেশ দিয়াৰ ক্ষমতা প্ৰদান কৰা হৈছে। মণিপুৰ চৰকাৰে জনাইছে যে ৰাজ্যত শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ শ্বুট এট চাইটৰ নিৰ্দেশ দিয়া হৈছে।

মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰি পথত নামিছে সদৌ জনজাতি ছাত্ৰ সন্থা, মণিপুৰ। তেওঁলোকৰ আন্দোলনৰ বাবেই বুধবাৰৰ পৰা উত্তপ্ত হৈ পৰে মণিপুৰ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন উত্তেজনাপূৰ্ণ এলেকাত সেনা মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও সমগ্ৰ মণিপুৰত ৫ দিন ধৰি বন্ধ কৰি দিয়া হৈছে মোবাইল ইন্টাৰনেট। ৮খন জিলাত জাৰি কৰা হৈছে কাৰ্ফিউ।

উল্লেখ্য যে বুধবাৰৰ পৰা আৰম্ভ হোৱা অশান্তিৰ ফলত কমেও ১১ জন লোক আহত হোৱাৰ লগতে গুলীবিদ্ধ হৈ দুজনৰ মৃত্যু হয়। কংপোকপি জিলাৰ ছৈকুল অঞ্চলত মৃত্যুৰ ঘটনা ঘটিছে। ইয়াৰ উপৰি বিষ্ণুপুৰ, চুৰাচান্দপুৰ, ম’ৰে, ইম্ফল অঞ্চলতো চৰম উত্তেজনা বিয়পি পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে