--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ অশান্তৰ পৰা অশান্ত হৈ পৰিছে মণিপুৰ। সেয়ে এইবাৰ দেখা মাত্ৰেই গুলী চলোৱাৰ নিৰ্দেশ জাৰি কৰিছে মণিপুৰৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে।

সকলো জিলা দণ্ডাধীশ, মহকুমাধিপতি আৰু কাৰ্যবাহী দণ্ডাধীশক গুলীচালনাৰ নিৰ্দেশ দিয়াৰ ক্ষমতা প্ৰদান কৰা হৈছে। মণিপুৰ চৰকাৰে জনাইছে যে ৰাজ্যত শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ শ্বুট এট চাইটৰ নিৰ্দেশ দিয়া হৈছে।

মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰি পথত নামিছে সদৌ জনজাতি ছাত্ৰ সন্থা, মণিপুৰ। তেওঁলোকৰ আন্দোলনৰ বাবেই বুধবাৰৰ পৰা উত্তপ্ত হৈ পৰে মণিপুৰ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন উত্তেজনাপূৰ্ণ এলেকাত সেনা মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও সমগ্ৰ মণিপুৰত ৫ দিন ধৰি বন্ধ কৰি দিয়া হৈছে মোবাইল ইন্টাৰনেট। ৮খন জিলাত জাৰি কৰা হৈছে কাৰ্ফিউ।

উল্লেখ্য যে বুধবাৰৰ পৰা আৰম্ভ হোৱা অশান্তিৰ ফলত কমেও ১১ জন লোক আহত হোৱাৰ লগতে গুলীবিদ্ধ হৈ দুজনৰ মৃত্যু হয়। কংপোকপি জিলাৰ ছৈকুল অঞ্চলত মৃত্যুৰ ঘটনা ঘটিছে। ইয়াৰ উপৰি বিষ্ণুপুৰ, চুৰাচান্দপুৰ, ম’ৰে, ইম্ফল অঞ্চলতো চৰম উত্তেজনা বিয়পি পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল