--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰম্পৰাগতভাৱে চলি অহা প্ৰথা ভংগ কৰি আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় বায়ুসেনাই। প্ৰতিৰক্ষা খণ্ডত মহিলাৰ সহ-অংশগ্ৰহণৰ গুৰুত্ব নিশ্চিত কৰি আজি বায়ুসেনাই পশ্চিম খণ্ডৰ এটা ফ্ৰণ্টলাইন কম্বেট ইউনিটৰ কমাণ্ডৰ বাবে নিৰ্বাচিত কৰে গ্ৰুপ কেপ্তেইন শলিজা ধামীক।

এইদৰে ভাৰতীয় বায়ুসেনাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিষয়াক ফ্ৰণ্টলাইন কম্বেট ইউনিটৰ কমাণ্ড দিয়া হৈছে। গ্ৰুপ কেপ্তেইন ধামীক ২০০৩ চনত হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্তি দিয়া হৈছিল।

বিষয়াগৰাকীৰ ২৮০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে। এগৰাকী যোগ্য উৰণ প্ৰশিক্ষক হিচাপে পশ্চিম খণ্ডৰ হেলিকপ্টাৰ ইউনিটৰ ফ্লাইট কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ধামীয়ে।

উল্লেখ্য যে ভাৰতীয় বায়ুসেনাত এগৰাকী গ্ৰুপ কেপ্তেইনৰ পদমৰ্যাদা সেনাবাহিনীৰ কৰ্ণেল পদৰ সমপৰ্যায়ৰ।

স্মৰ্তব্য যে, চলিত মাহৰ আৰম্ভণিতে সেনাই প্ৰথমবাৰৰ বাবে মহিলা বিষয়াক কমাণ্ড ৰ’লত নিযুক্তি দিবলৈ আৰম্ভ কৰিছিল। ইয়াৰে প্ৰায় ৫০ গৰাকীয়েই কাৰ্যকৰী এলেকাত ইউনিটৰ নেতৃত্ব দিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে