--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰম্পৰাগতভাৱে চলি অহা প্ৰথা ভংগ কৰি আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় বায়ুসেনাই। প্ৰতিৰক্ষা খণ্ডত মহিলাৰ সহ-অংশগ্ৰহণৰ গুৰুত্ব নিশ্চিত কৰি আজি বায়ুসেনাই পশ্চিম খণ্ডৰ এটা ফ্ৰণ্টলাইন কম্বেট ইউনিটৰ কমাণ্ডৰ বাবে নিৰ্বাচিত কৰে গ্ৰুপ কেপ্তেইন শলিজা ধামীক।

এইদৰে ভাৰতীয় বায়ুসেনাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিষয়াক ফ্ৰণ্টলাইন কম্বেট ইউনিটৰ কমাণ্ড দিয়া হৈছে। গ্ৰুপ কেপ্তেইন ধামীক ২০০৩ চনত হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্তি দিয়া হৈছিল।

বিষয়াগৰাকীৰ ২৮০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে। এগৰাকী যোগ্য উৰণ প্ৰশিক্ষক হিচাপে পশ্চিম খণ্ডৰ হেলিকপ্টাৰ ইউনিটৰ ফ্লাইট কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ধামীয়ে।

উল্লেখ্য যে ভাৰতীয় বায়ুসেনাত এগৰাকী গ্ৰুপ কেপ্তেইনৰ পদমৰ্যাদা সেনাবাহিনীৰ কৰ্ণেল পদৰ সমপৰ্যায়ৰ।

স্মৰ্তব্য যে, চলিত মাহৰ আৰম্ভণিতে সেনাই প্ৰথমবাৰৰ বাবে মহিলা বিষয়াক কমাণ্ড ৰ’লত নিযুক্তি দিবলৈ আৰম্ভ কৰিছিল। ইয়াৰে প্ৰায় ৫০ গৰাকীয়েই কাৰ্যকৰী এলেকাত ইউনিটৰ নেতৃত্ব দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক