--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিশোৰী লাল আগৰৱালাৰ লংকা অঞ্চলত বাৰাণসীৰ মুখ্য জলপান কচোৰী-চাবজি বিক্ৰী কৰা এখন সৰু দোকান আছে। তেওঁৰ এয়া পাৰিবাৰিক ব্যৱসায় আৰু তেওঁ চতুৰ্থ প্ৰজন্মৰ ধ্বজাবাহক। তেওঁৰ দোকানখনে কেইবা দশক ধৰি কেৱল একেবিধ  সামগ্ৰীয়েই বিক্ৰী কৰি আহিছে - কচুৰী  । দুমাহ আগতে, তেওঁ মেনুত 'পোহা' আৰু ব্ৰেড পকোৰা যোগ দিছিল । "হঠাতে সমগ্ৰ দেশৰ পৰা বাৰাণসীলৈ মানুহ আহিবলৈ লৈছে। আগতেও বাৰানসীলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মাউহ গৈছিল, এতিয়া তালৈ যোৱা মানুহৰ সংখ্যা আগতকৈ বাঢ়িছে। 

 বিগত কেইবছৰমানত বাৰাণসী চহৰৰ বৃহৎ নৱীকৰণে ঐতিহ্যবাহী চহৰখনৰ ক্ষুদ্ৰ বিক্ৰেতা আৰু ব্যৱসায়ীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।বিক্ৰেতাসকলে তেওঁলোকৰ ব্যৱসায় উন্নীত কৰি আছে, আতিথ্য উদ্যোগটো  ক্ৰমাৎ বিকশিত হৈ আছে। ২০২১ চনৰ ডিচেম্বৰত কাশী বিশ্বনাথ কৰিডৰ মুকলি কৰাৰ পিছৰে পৰা পৰ্যটকৰ ভিৰ এতিয়া বাৰনসীত বাঢ়িছে।বাৰাণসী এতিয়া পৰ্যটক/তীৰ্থযাত্ৰীৰ আকৰ্ষণৰ বিষয় হৈ পৰিছে। 

ইয়াত মন্দিৰৰ উপৰি অন্যান্য সুবিধা যোগ কৰা হৈছে আৰু ই এখন  সম্পূৰ্ণ নতুন চহৰ যেন হৈ পৰিছে। স্থানীয় লোকসকল উৎসাহিত হৈছে । তেওঁলোকে ব্যৱসায় উন্নত কৰাৰ বাবে অধিক  বিনিয়োগ কৰিছে।  নাৱৰীয়াই হওঁক, হোটেলেই হওঁক, শাৰী বিক্ৰেতাই হওঁক সকলোৱে নতুন উৎসাহেৰে কামত লাগিছে।  যিসকলে আগতে  ৰিক্সা চলাইছিল তেওঁলোকে এতিয়া ই-ৰিক্সাৰে পৰ্যটকক অনা-নিয়া কৰিছে।  মুঠৰ ওপৰত কাশী বিশ্বনাথ কৰিডৰ মুকলি  হোৱাৰ পিছত চহৰ খনে যেন এক নৱ জীৱন লাভ কৰিছে। 

বিশেষকৈ নাৱৰীয়াসকলে কাশীৰ পৰিৱৰ্তনত আনন্দিত হৈছে। নাৱৰীয়া পাৰবীন নিশাদে কয় "যোৱা এবছৰত আমাৰ ব্যৱসায় বহুগুণে বৃদ্ধি পাইছে। পৰ্যটকৰ সংখ্যা - বিশেষকৈ বিদেশী দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে আৰু আমি অধিক উপাৰ্জন কৰিব পাৰিছো। মানুহে পথৰ পৰিৱৰ্তে বিশ্বনাথ ধামলৈ যাবলৈ  নাও এখন ল'বলৈ বেছি পছন্দ কৰে" ।

হোটেলৰ ব্যৱসায়তো এক উচ্ছ্বাস দেখা গৈছে। এটা ৰিজৰ্টৰ মেনেজাৰ ৰাজেশ মেহৰোত্ৰাই কয়, "মন্দিৰৰ নৱীকৰণৰ আগতে অতিথিসকল মুখ্যতঃ তীৰ্থযাত্ৰী আছিল আৰু তেওঁলোকৰ বেছিভাগেই ধৰ্মশালা আৰু কম খৰচী হোটেল আৰু লজত থাকিবলৈ পছন্দ কৰিছিল। কিন্তু এতিয়া আমাৰ ওচৰত সকলো শ্ৰেণীৰ অতিথি আহে। এতিয়া বিলাসী হোটেলবোৰেও সদায় গ্ৰাহক লাভ কৰিছে। "









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement