--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিশোৰী লাল আগৰৱালাৰ লংকা অঞ্চলত বাৰাণসীৰ মুখ্য জলপান কচোৰী-চাবজি বিক্ৰী কৰা এখন সৰু দোকান আছে। তেওঁৰ এয়া পাৰিবাৰিক ব্যৱসায় আৰু তেওঁ চতুৰ্থ প্ৰজন্মৰ ধ্বজাবাহক। তেওঁৰ দোকানখনে কেইবা দশক ধৰি কেৱল একেবিধ  সামগ্ৰীয়েই বিক্ৰী কৰি আহিছে - কচুৰী  । দুমাহ আগতে, তেওঁ মেনুত 'পোহা' আৰু ব্ৰেড পকোৰা যোগ দিছিল । "হঠাতে সমগ্ৰ দেশৰ পৰা বাৰাণসীলৈ মানুহ আহিবলৈ লৈছে। আগতেও বাৰানসীলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মাউহ গৈছিল, এতিয়া তালৈ যোৱা মানুহৰ সংখ্যা আগতকৈ বাঢ়িছে। 

 বিগত কেইবছৰমানত বাৰাণসী চহৰৰ বৃহৎ নৱীকৰণে ঐতিহ্যবাহী চহৰখনৰ ক্ষুদ্ৰ বিক্ৰেতা আৰু ব্যৱসায়ীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।বিক্ৰেতাসকলে তেওঁলোকৰ ব্যৱসায় উন্নীত কৰি আছে, আতিথ্য উদ্যোগটো  ক্ৰমাৎ বিকশিত হৈ আছে। ২০২১ চনৰ ডিচেম্বৰত কাশী বিশ্বনাথ কৰিডৰ মুকলি কৰাৰ পিছৰে পৰা পৰ্যটকৰ ভিৰ এতিয়া বাৰনসীত বাঢ়িছে।বাৰাণসী এতিয়া পৰ্যটক/তীৰ্থযাত্ৰীৰ আকৰ্ষণৰ বিষয় হৈ পৰিছে। 

ইয়াত মন্দিৰৰ উপৰি অন্যান্য সুবিধা যোগ কৰা হৈছে আৰু ই এখন  সম্পূৰ্ণ নতুন চহৰ যেন হৈ পৰিছে। স্থানীয় লোকসকল উৎসাহিত হৈছে । তেওঁলোকে ব্যৱসায় উন্নত কৰাৰ বাবে অধিক  বিনিয়োগ কৰিছে।  নাৱৰীয়াই হওঁক, হোটেলেই হওঁক, শাৰী বিক্ৰেতাই হওঁক সকলোৱে নতুন উৎসাহেৰে কামত লাগিছে।  যিসকলে আগতে  ৰিক্সা চলাইছিল তেওঁলোকে এতিয়া ই-ৰিক্সাৰে পৰ্যটকক অনা-নিয়া কৰিছে।  মুঠৰ ওপৰত কাশী বিশ্বনাথ কৰিডৰ মুকলি  হোৱাৰ পিছত চহৰ খনে যেন এক নৱ জীৱন লাভ কৰিছে। 

বিশেষকৈ নাৱৰীয়াসকলে কাশীৰ পৰিৱৰ্তনত আনন্দিত হৈছে। নাৱৰীয়া পাৰবীন নিশাদে কয় "যোৱা এবছৰত আমাৰ ব্যৱসায় বহুগুণে বৃদ্ধি পাইছে। পৰ্যটকৰ সংখ্যা - বিশেষকৈ বিদেশী দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে আৰু আমি অধিক উপাৰ্জন কৰিব পাৰিছো। মানুহে পথৰ পৰিৱৰ্তে বিশ্বনাথ ধামলৈ যাবলৈ  নাও এখন ল'বলৈ বেছি পছন্দ কৰে" ।

হোটেলৰ ব্যৱসায়তো এক উচ্ছ্বাস দেখা গৈছে। এটা ৰিজৰ্টৰ মেনেজাৰ ৰাজেশ মেহৰোত্ৰাই কয়, "মন্দিৰৰ নৱীকৰণৰ আগতে অতিথিসকল মুখ্যতঃ তীৰ্থযাত্ৰী আছিল আৰু তেওঁলোকৰ বেছিভাগেই ধৰ্মশালা আৰু কম খৰচী হোটেল আৰু লজত থাকিবলৈ পছন্দ কৰিছিল। কিন্তু এতিয়া আমাৰ ওচৰত সকলো শ্ৰেণীৰ অতিথি আহে। এতিয়া বিলাসী হোটেলবোৰেও সদায় গ্ৰাহক লাভ কৰিছে। "








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
প্ৰথমটো হাইড্ৰ’জেন চালিত ডবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!