--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ মৃত্যু হ’ল। সেয়ে এটা ১০ বছৰীয়া ল’ৰাই ৰাজপথত ৰোল বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে। দিল্লীৰ তিলক নগৰত সংঘটিত হৈছে এই ঘটনা। ল'ৰাটোৰ নাম যশপ্ৰীত সিং। কিন্তু এই খবৰ পোৱাৰ পাছতে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে তেওঁক সহায়ৰ হাত আগবঢ়াই দিলে।

শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। তাত যশপ্ৰীতে দিল্লীৰ ৰাজপথত ৰোল বনোৱা দেখা যায়। ইয়াৰ পিছত তেওঁ শিৰোনামত ওলাই আহিল। কথাটো লক্ষ্য কৰাৰ লগে লগে ল’ৰাটোৰ পঢ়া-শুনাৰ খৰচ বহন কৰিবলৈ অৰ্জুন আগবাঢ়ি আহিল। ছচিয়েল মিডিয়াত তেওঁ এই কথা কয়। ‘গুণ্ডে’ ছবিখনৰ নায়কে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত জছপ্ৰীতৰ বিষয়ে এখন নিউজ ছবি শ্বেয়াৰ কৰে।

তেওঁ লগতে লিখিছে, "হাঁহি আৰু জীৱনৰ বাবে যুঁজিছে ল’ৰাটোৱে। মৃত্যুৰ দহ দিনৰ ভিতৰতে দেউতাকৰ কাম হাতত লোৱাৰ বাবে এই ল'ৰাটোক মই প্ৰশংসা কৰিছো। কোনোবাই যদি বিচাৰিছে তেন্তে মোক জনাওক।’’

কিন্তু অৰ্জুন প্ৰথম নহয়। ইয়াৰ পূৰ্বে উদ্যোগী আনন্দ মহিন্দ্ৰা, আপৰ বিধায়ক জাৰ্নেল সিং আৰু বিজেপি নেতা ৰাজীৱ বব্বৰে যশপ্ৰীত আৰু তেওঁৰ ভগ্নী তৰণপ্ৰীত কৌৰক সহায় কৰিবলৈ উদ্যোগ লৈছিল। এসপ্তাহৰ আগতে ফুড ব্লগাৰ সৰ্বজিৎ সিঙে প্ৰথমে জছপ্ৰীতৰ ঘটনা পোহৰলৈ আনিছিল। যশপ্ৰীতৰ দেউতাকৰ মগজুত যক্ষ্মা ৰোগ। যোৱা মাহত পিতৃৰ মৃত্যুৰ পিছত যশপ্ৰীতে তেওঁৰ খুলশালীয়েক গুৰমুখ সিঙৰ সহায়ত পিতৃৰ ব্যৱসায়ৰ দায়িত্ব লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ