--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তাৰ মাজতে বিভিন্ন ৰাজনৈতিক দলত চলিছে ভঙা-গঢ়াৰ খেল। বিজেপিৰ তিনিগৰাকী মন্ত্ৰী ভালেসংখ্যক বিধায়কে সমাজবাদী পাৰ্টীত যোগদান কৰাক লৈ তুমুল চৰ্চা অব্যাহত থকাৰ মাজতে এইবাৰ তাৰ ওলোটা প্ৰক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ৰাজনীতিৰ ভঙা-গঢ়াৰ এই খেলখনত এইবাৰ ভাঙোন ধৰিছে অখিল যাদৱৰ ঘৰতেই। এইবাৰ অখলেশ যাদৱৰ ভাইবোৱাৰী অপৰ্না যাদৱে যোগদান কৰিছে বিজেপিত। সমাজবাদী পাৰ্টীৰ প্ৰাক্তন মুৰব্বী মুলায়ম সিং যাদৱৰ সৰু পুত্ৰ তথা অখিলেশ যাদৱৰ ভাতৃ প্ৰতীক যাদৱৰ পত্নী অপৰ্ণা যাদৱে বিজেপিত যোগদান কৰাটো উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ বাবে এতিয়া ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। নিৰ্বাচনৰ আগে আগে বিজেপিয়ে ইয়াক এক বৃহৎ সাফল্য বুলি চিহ্নিত কৰাৰ চেষ্টা কৰিছে আৰু তেওঁ ‘মুলায়ম সিঙৰ বোৱাৰী’ বুলি উল্লেখ কৰি দললৈ স্বাগতম জনাইছে। ইফালে, বিজেপিত যোগদানৰ পাছতে প্ৰথম প্ৰতিক্ৰিয়া হিচাপে অপৰ্না যাদৱে মন্তব্য কৰিছে যে, মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা সদায়ে অনুপ্ৰাণিত হৈছিলোঁ। তেওঁ কয়, মই এতিয়া দেশৰ বাবে ভাল কিবা এটা কৰাৰ চেষ্টা কৰিব বিচাৰোঁ। মই বিজেপিৰ আঁচনিবোৰৰ দ্বাৰা অনু্প্ৰাণিত আৰু মই মোৰ দলৰ বাবে যৎপৰোনাস্তি সকলোখিনি কৰিম। অপৰ্না সিঙে বিজেপিত যোগ দিয়াৰ পাছতে অখিলশ যাদৱৰ আক্ৰমণৰ বাবে এটা সুযোগ পাইছে বিজেপিয়ে। অপৰ্না যাদৱৰ কাষতে ঠিয় হৈ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যই অখেলশক আক্ৰমণ কৰি কয়, মই অপৰ্না যাদৱক দললৈ স্বাগতম জনাইছোঁ। অখিলেশ যাদৱ তেওঁৰ পৰিয়াল আৰু ৰাজনীতি সকলোতে ব্যৰ্থ হৈছে। কেইবাদিনৰ আলোচনাৰ পাছত অপৰ্না যাদৱে বিজেপিত যোগ দিয়া বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, ১০ ফেব্ৰুৱাৰীৰ পৰা ৭টা পৰ্যায়ত আন চাৰিখন ৰাজ্যৰ সৈতে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচন বিজেপিৰ কাৰণে ২০২৪ৰ ছেমিফাইনেল বুলি অভিহিত কৰিছে বিভিন্ন ৰাজনৈতিক বিশেষজ্ঞই। মন কৰিবলগীয়া কথাটো হ’ল, এই স্পৰ্শকাতৰ নিৰ্বাচনৰ পূৰ্বেই ভাঙোন আৰম্ভ হৈছে বিজেপিত। তদুপৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্য বা মথুৰা এৰি গোৰখপুৰৰ দৰে দুৰ্গ বিচাৰিবলগীয়া হোৱাটোও তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। এনে পৰিপ্ৰেক্ষিতত অখিলশ যাদৱৰ ঘৰত সিন্ধি দিবলৈ সক্ষম হোৱাটো বিজেপিৰ কাৰণে একপ্ৰকাৰ সাফল্যই বিবেচিত হৈছে। অৱশ্যে বিজেপিৰ এই কাৰ্যৰ প্ৰভাৱ নিৰ্বাচনত কিমান প্ৰতিফলিত হয় সেয়া এতিয়াই কোৱা সম্ভৱপৰ নহয় যদিও তেওঁলোকে লোকলজ্জা লুকুওৱাত নিশ্চয় কিছু হ’লেও সফল হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ