--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ জনসাধাৰণক মোহিবলৈ বিজেপিৰ সকলো প্ৰচেষ্টা চূড়ান্তভাৱে ব্যৰ্থ হ’ল। নানা প্ৰলোভন আৰু কৌশল প্ৰয়োগ কৰিও বিজেপিয়ে লাভ কৰিব নোৱাৰিলে আশাপ্ৰদ ফলাফল। এই কথাই যেন বেথা দিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক। যাৰ বাবে প্ৰয়োজনকৈও কম গুৰুত্ব পশ্চিম বংগৰ সাংগঠনিক দিশৰ প্ৰতি। যাৰ সুযোগ গ্ৰহণ কৰি ‘পুলিয়ে পোখাই’ বিজেপি উৎখাতৰ বাবে তৎতৰ হৈছে বংগকন্যা মমতা বেনাৰ্জী। শেহতীয়াকৈ পশ্চিম বংগৰ ৰাজ্যিক বিজেপিৰ দলীয় কাৰ্ম-কৰ্তাৰ নাম ঘোষণাৰ পাছতেই এতিয়া ৰাজ্যখনত বিজেপি নেতা-কৰ্মীসকলৰ মাজত সৃষ্টি হৈছে বাক-বিতন্তাৰ। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে শুকুৰবাৰে নিশা আচম্বিতে ভংগ ঘোষণা কৰিছে সকলো সাংগঠনিক গোট আৰু কোষসমূহ। কিন্তু তাৰ পাছতো যেন অন্ত পৰা নাই বাদ-বিবাদৰ। দলীয় অন্তৰ্কন্দলত বিধ্বস্তপ্ৰায় পশ্চিম বংগৰ ৰাজ্যিক বিজেপি। এনে এক পৰিস্থিতিত আগন্তুক লোকসভা নিৰ্বাচনত পশ্চিম বংগৰ পৰা আসন লাভ কৰাটো বিজেপিৰ পক্ষে প্ৰায় অসম্ভৱ হৈ পৰিছে। ‘কা’ৰ যোগেদি হিন্দু বঙালীক বাংলাদেশৰ পৰা আনি ভাৰতত সংস্থাপিত কৰিব খোজা সিদ্ধান্ত বিজেপিৰ পশ্চিম বংগ নিৰ্বাচনকেন্দ্ৰিক আছিল। ইয়াৰোপৰি বঙালী অধ্যুষিত পশ্চিম বংগত নিজৰ ভেটি গঢ় দিবলৈ বিজেপিয়ে ঘোষণা কৰা আন প্ৰলোভন যেনে, কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰ তথা সত্যজিৎ ৰায়ৰ নামত বঁটা ঘোষণা আদি অসাৰ প্ৰতিপন্ন হ’ল। ৪১খন লোকসভা আসনেৰে ভাৰতৰ তৃতীয় বৃহৎ সাংসদে প্ৰতিনিধিত্ব কৰা ৰাজ্যত চলি থকা এনে দলীয় অন্তৰ্কন্দলৰ প্ৰতি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ কাণ-সাৰ নোহোৱা স্থিতিয়ে আচৰিত কৰি তুলিছে বিৰোধী ৰাজনৈতিক মহলক। এনে সুবৰ্ণ সুযোগ কিন্তু হেৰুৱাব খোজা নাই তৃণমূল কংগ্ৰেছৰ নেতৃ মমতা বেনাৰ্জীয়ে। এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি অতি সোনকালেই বিজেপিৰ পৰা তৃণমূল কংগ্ৰেছলৈ ধাৱমান হোৱা পথত কেইবাজনো শীৰ্ষস্থানীয় বিজেপি নেতা। আগন্তুক পষেকতেই বিজেপি এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ সাজু ৰাজ্যিক বিজেপিৰ কেইবাজনো নেতা। এনে থৰক্-বৰক্ অৱস্থাত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই পশ্চিম বংগৰ খোপনি ধৰি ৰখাৰ পৰিৱৰ্তে পাঁচ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰতহে গুৰুত্ব আৰোপ কৰি থকা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ