--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ জনসাধাৰণক মোহিবলৈ বিজেপিৰ সকলো প্ৰচেষ্টা চূড়ান্তভাৱে ব্যৰ্থ হ’ল। নানা প্ৰলোভন আৰু কৌশল প্ৰয়োগ কৰিও বিজেপিয়ে লাভ কৰিব নোৱাৰিলে আশাপ্ৰদ ফলাফল। এই কথাই যেন বেথা দিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক। যাৰ বাবে প্ৰয়োজনকৈও কম গুৰুত্ব পশ্চিম বংগৰ সাংগঠনিক দিশৰ প্ৰতি। যাৰ সুযোগ গ্ৰহণ কৰি ‘পুলিয়ে পোখাই’ বিজেপি উৎখাতৰ বাবে তৎতৰ হৈছে বংগকন্যা মমতা বেনাৰ্জী। শেহতীয়াকৈ পশ্চিম বংগৰ ৰাজ্যিক বিজেপিৰ দলীয় কাৰ্ম-কৰ্তাৰ নাম ঘোষণাৰ পাছতেই এতিয়া ৰাজ্যখনত বিজেপি নেতা-কৰ্মীসকলৰ মাজত সৃষ্টি হৈছে বাক-বিতন্তাৰ। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে শুকুৰবাৰে নিশা আচম্বিতে ভংগ ঘোষণা কৰিছে সকলো সাংগঠনিক গোট আৰু কোষসমূহ। কিন্তু তাৰ পাছতো যেন অন্ত পৰা নাই বাদ-বিবাদৰ। দলীয় অন্তৰ্কন্দলত বিধ্বস্তপ্ৰায় পশ্চিম বংগৰ ৰাজ্যিক বিজেপি। এনে এক পৰিস্থিতিত আগন্তুক লোকসভা নিৰ্বাচনত পশ্চিম বংগৰ পৰা আসন লাভ কৰাটো বিজেপিৰ পক্ষে প্ৰায় অসম্ভৱ হৈ পৰিছে। ‘কা’ৰ যোগেদি হিন্দু বঙালীক বাংলাদেশৰ পৰা আনি ভাৰতত সংস্থাপিত কৰিব খোজা সিদ্ধান্ত বিজেপিৰ পশ্চিম বংগ নিৰ্বাচনকেন্দ্ৰিক আছিল। ইয়াৰোপৰি বঙালী অধ্যুষিত পশ্চিম বংগত নিজৰ ভেটি গঢ় দিবলৈ বিজেপিয়ে ঘোষণা কৰা আন প্ৰলোভন যেনে, কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰ তথা সত্যজিৎ ৰায়ৰ নামত বঁটা ঘোষণা আদি অসাৰ প্ৰতিপন্ন হ’ল। ৪১খন লোকসভা আসনেৰে ভাৰতৰ তৃতীয় বৃহৎ সাংসদে প্ৰতিনিধিত্ব কৰা ৰাজ্যত চলি থকা এনে দলীয় অন্তৰ্কন্দলৰ প্ৰতি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ কাণ-সাৰ নোহোৱা স্থিতিয়ে আচৰিত কৰি তুলিছে বিৰোধী ৰাজনৈতিক মহলক। এনে সুবৰ্ণ সুযোগ কিন্তু হেৰুৱাব খোজা নাই তৃণমূল কংগ্ৰেছৰ নেতৃ মমতা বেনাৰ্জীয়ে। এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি অতি সোনকালেই বিজেপিৰ পৰা তৃণমূল কংগ্ৰেছলৈ ধাৱমান হোৱা পথত কেইবাজনো শীৰ্ষস্থানীয় বিজেপি নেতা। আগন্তুক পষেকতেই বিজেপি এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ সাজু ৰাজ্যিক বিজেপিৰ কেইবাজনো নেতা। এনে থৰক্-বৰক্ অৱস্থাত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই পশ্চিম বংগৰ খোপনি ধৰি ৰখাৰ পৰিৱৰ্তে পাঁচ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰতহে গুৰুত্ব আৰোপ কৰি থকা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু