--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিন্ন গ্ৰহণৰ প্ৰাণীকলৈ বিশ্ববাসীৰ মনত কৌতূহলৰ শেষ নাই। সাম্প্ৰতিক সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত এলিয়েনৰ বাহন দেখা পোৱাৰ খবৰ প্ৰায়ে প্ৰকাশ পাই আহিছে।  আনকি কোৱা হয় যে এনে এখন বাহন আমেৰিকাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।পৃথিৱীৰ অধিবাসীসকল বিশ্বব্ৰহ্মাণ্ডত সম্পূৰ্ণৰূপে অকলশৰীয়া নেকি? এই প্ৰশ্নৰ  উত্তৰ বহু যুগ ধৰি মানুহে বিচাৰি আছে। ভিন্ন গ্ৰহৰ প্ৰাণী এলিয়েনে ব্যৱহাৰ কৰা বাহনৰ সন্ধানত কোটি কোটি টকা খৰচ কৰা হৈছে। 

 ইয়াৰ মাজতে  আমেৰিকাত এখন দুৰ্ঘটনাগ্ৰস্ত ইউএফঅ’কলৈ ৰহস্যৰ সৃষ্টি হৈছে।  তথ্য গোপন কৰা বুলি আমেৰিকাক দোষাৰোপো কৰা হৈছে। এজন প্ৰাক্তন মাৰ্কিন  চোৰাংচোৱা বিষয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ ওচৰত এই দাবী উপস্থাপন কৰিছে যে আমেৰিকাই ইউএফঅ’ৰ বিষয়ে গোপনে তথ্য সংগ্ৰহ কৰি আছে যদিও সেয়া ৰাজহুৱা কৰা নাই। তেওঁ কৈছে  যে বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ লোকসকল অকলশৰীয়া নহয়। আমেৰিকা যুক্তৰাজ্যই ইউএফঅ'ৰ তথ্য লুকুৱাই ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে বিষয়টোৰ ওপৰত শুনানি আৰম্ভ কৰিছে।  ডেভিদ গ্ৰাছ নামৰ এজন প্ৰাক্তন চোৰাংচোৱা বিষয়াই দেশখনৰ  চৰকাৰৰ বিৰুদ্ধে ইফঅফঅ’ৰ তথ্য গোপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। 

ডেভিদে বুধবাৰে মাৰ্কিন কংগ্ৰেছৰ  শুনানিত এই বিষয়ত  অভিযোগ উত্থাপন কৰে। ডেভিদে  কয় : "মই সেই সময়ত মোৰ লগত  থকা তথ্যৰ সৈতে এক বিতং প্ৰতিবেদন প্ৰস্তুত কৰিছিলো। মই ইয়াক উচ্চতৰ কৰ্তৃপক্ষ আৰু অনুসন্ধানকাৰীসকলৰ হাতত গতাই দিছিলো। মহাকাশযানখনৰ বিষয়ে এই ৰহস্যটো ফাদিল  কৰা ময়েই  প্ৰথম আছিলোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে এই কথা কেৱল সাধাৰণ ৰাইজৰ পৰাই নহয়, কংগ্ৰেছৰ পৰাও লুকুৱাই ৰাখিছে। কিন্তু মই বিষয়টোৰে জড়িত কেইবাজনো লোকৰ সৈতে কথা পাতিছো , যিসকলে দীৰ্ঘদিন ধৰি এই গোপন কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে।  মই তাৰ পৰা প্ৰাপ্ত কৰা ফটোগ্ৰাফ, নথিপত্ৰ আৰু মৌখিক বিবৃতিবোৰ বিতংভাৱে প্ৰকাশো  কৰিছো। "

উল্লেখ্য আমেৰিকাই এলিয়েনসকলৰ বিষয়ে তথ্য লুকুৱাই ৰখাৰ অভিযোগ নতুন নহয় । পেন্টাগনে মহাকাশৰ  যিকোনো সন্দেহজনক বাহন বা সন্দেহজনক বস্তু চিনাক্ত কৰিবলৈ এটা পৃথক কাৰ্যালয়ও স্থাপন কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে