--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিন্ন গ্ৰহণৰ প্ৰাণীকলৈ বিশ্ববাসীৰ মনত কৌতূহলৰ শেষ নাই। সাম্প্ৰতিক সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত এলিয়েনৰ বাহন দেখা পোৱাৰ খবৰ প্ৰায়ে প্ৰকাশ পাই আহিছে।  আনকি কোৱা হয় যে এনে এখন বাহন আমেৰিকাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।পৃথিৱীৰ অধিবাসীসকল বিশ্বব্ৰহ্মাণ্ডত সম্পূৰ্ণৰূপে অকলশৰীয়া নেকি? এই প্ৰশ্নৰ  উত্তৰ বহু যুগ ধৰি মানুহে বিচাৰি আছে। ভিন্ন গ্ৰহৰ প্ৰাণী এলিয়েনে ব্যৱহাৰ কৰা বাহনৰ সন্ধানত কোটি কোটি টকা খৰচ কৰা হৈছে। 

 ইয়াৰ মাজতে  আমেৰিকাত এখন দুৰ্ঘটনাগ্ৰস্ত ইউএফঅ’কলৈ ৰহস্যৰ সৃষ্টি হৈছে।  তথ্য গোপন কৰা বুলি আমেৰিকাক দোষাৰোপো কৰা হৈছে। এজন প্ৰাক্তন মাৰ্কিন  চোৰাংচোৱা বিষয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ ওচৰত এই দাবী উপস্থাপন কৰিছে যে আমেৰিকাই ইউএফঅ’ৰ বিষয়ে গোপনে তথ্য সংগ্ৰহ কৰি আছে যদিও সেয়া ৰাজহুৱা কৰা নাই। তেওঁ কৈছে  যে বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ লোকসকল অকলশৰীয়া নহয়। আমেৰিকা যুক্তৰাজ্যই ইউএফঅ'ৰ তথ্য লুকুৱাই ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে বিষয়টোৰ ওপৰত শুনানি আৰম্ভ কৰিছে।  ডেভিদ গ্ৰাছ নামৰ এজন প্ৰাক্তন চোৰাংচোৱা বিষয়াই দেশখনৰ  চৰকাৰৰ বিৰুদ্ধে ইফঅফঅ’ৰ তথ্য গোপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। 

ডেভিদে বুধবাৰে মাৰ্কিন কংগ্ৰেছৰ  শুনানিত এই বিষয়ত  অভিযোগ উত্থাপন কৰে। ডেভিদে  কয় : "মই সেই সময়ত মোৰ লগত  থকা তথ্যৰ সৈতে এক বিতং প্ৰতিবেদন প্ৰস্তুত কৰিছিলো। মই ইয়াক উচ্চতৰ কৰ্তৃপক্ষ আৰু অনুসন্ধানকাৰীসকলৰ হাতত গতাই দিছিলো। মহাকাশযানখনৰ বিষয়ে এই ৰহস্যটো ফাদিল  কৰা ময়েই  প্ৰথম আছিলোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে এই কথা কেৱল সাধাৰণ ৰাইজৰ পৰাই নহয়, কংগ্ৰেছৰ পৰাও লুকুৱাই ৰাখিছে। কিন্তু মই বিষয়টোৰে জড়িত কেইবাজনো লোকৰ সৈতে কথা পাতিছো , যিসকলে দীৰ্ঘদিন ধৰি এই গোপন কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে।  মই তাৰ পৰা প্ৰাপ্ত কৰা ফটোগ্ৰাফ, নথিপত্ৰ আৰু মৌখিক বিবৃতিবোৰ বিতংভাৱে প্ৰকাশো  কৰিছো। "

উল্লেখ্য আমেৰিকাই এলিয়েনসকলৰ বিষয়ে তথ্য লুকুৱাই ৰখাৰ অভিযোগ নতুন নহয় । পেন্টাগনে মহাকাশৰ  যিকোনো সন্দেহজনক বাহন বা সন্দেহজনক বস্তু চিনাক্ত কৰিবলৈ এটা পৃথক কাৰ্যালয়ও স্থাপন কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস