--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ বলীউডৰ অন্যতম জনপ্ৰিয় তাৰকা। সফলতাৰ ক্ষেত্ৰত তেওঁৰ নাম তিনিওটা খানৰ সৈতে একে শাৰীতে আছে। যোৱা ৩০ বছৰত অক্ষয় কুমাৰে দৰ্শক আৰু অনুৰাগীক ইখনৰ পিছত সিখনকৈ ছুপাৰহিট ছবি দি আহিছে। যদিও শেহতীয়াকৈ সেই ক্ষেত্ৰত ফ্লপৰ সংখ্যা কম নহয়। অৱশ্যে হিট ফ্লপৰ সংখ্যা সত্ত্বেও অক্ষয় সক্ৰিয় হৈ থাকে।

শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নব্বৈৰ দশকত অক্ষয়ে দক্ষিণৰ অভিনেত্ৰী শান্তি প্ৰিয়াৰ সৈতে ‘ইক্কে পে ইক্কা’ ছবিত কাম কৰিছিল। অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছে যে ছবিখনৰ চেটত অক্ষয়ে তেওঁক কুৎসিত মন্তব্য কৰিছিল।

শেহতীয়া এক সাক্ষাৎকাৰত শান্তি প্ৰিয়াই কয় যে ‘ইক্কে পেই ইক্কা’ ছবিখনৰ শ্বুটিংৰ সময়ত অক্ষয়ে তেওঁৰ ছালৰ ৰংক লৈ কুৎসিত মন্তব্য কৰিছিল। শান্তি প্ৰিয়াই কয়, ‘চিনেমাখনৰ ক্লাইমেক্স দৃশ্যটো কাৰখানাৰ দৰে ঠাইত শ্বুটিং কৰা হৈছিল। মোৰ আঁঠুৰ ৰং অলপ বাদামী। মোৰ ড্ৰেছৰ দৈৰ্ঘ্য চুটি হোৱাৰ বাবে মই মোৰ ৰঙৰ লগত মিলাবলৈ ষ্টকিং পিন্ধিছিলো।''

ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে কয়, "অক্ষয়ে সাধাৰণতে বহুত ধেমেলীয়া কথা কয়। কিন্তু মজাৰ এটা সীমা আছে। প্ৰায় এশ পঞ্চাশজন মানুহৰ সন্মুখত অক্ষয়ে মোক সুধিলে, মই কোনো ধৰণে আঁঠুত খুন্দা মাৰিলোঁ নেকি? তাৰ পিছত অক্ষয়ে হাঁহি এটা মাৰি ক’লে, ‘ইছ! কি ক'লা আঁঠু!' অক্ষয়ৰ কথা শুনি বাকীবোৰেও হাঁহিবলৈ ধৰিলে।''

শান্তি প্ৰিয়াৰ এই অভিযোগ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই অক্ষয়ে। শেহতীয়াকৈ মুক্তি পাব তেওঁৰ পৰৱৰ্তী ছবি ‘OMG 2’ ৰ ফাৰ্ষ্ট লুক। আগষ্ট মাহত মুক্তি পাব ছবিখন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ