--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ বলীউডৰ অন্যতম জনপ্ৰিয় তাৰকা। সফলতাৰ ক্ষেত্ৰত তেওঁৰ নাম তিনিওটা খানৰ সৈতে একে শাৰীতে আছে। যোৱা ৩০ বছৰত অক্ষয় কুমাৰে দৰ্শক আৰু অনুৰাগীক ইখনৰ পিছত সিখনকৈ ছুপাৰহিট ছবি দি আহিছে। যদিও শেহতীয়াকৈ সেই ক্ষেত্ৰত ফ্লপৰ সংখ্যা কম নহয়। অৱশ্যে হিট ফ্লপৰ সংখ্যা সত্ত্বেও অক্ষয় সক্ৰিয় হৈ থাকে।

শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নব্বৈৰ দশকত অক্ষয়ে দক্ষিণৰ অভিনেত্ৰী শান্তি প্ৰিয়াৰ সৈতে ‘ইক্কে পে ইক্কা’ ছবিত কাম কৰিছিল। অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছে যে ছবিখনৰ চেটত অক্ষয়ে তেওঁক কুৎসিত মন্তব্য কৰিছিল।

শেহতীয়া এক সাক্ষাৎকাৰত শান্তি প্ৰিয়াই কয় যে ‘ইক্কে পেই ইক্কা’ ছবিখনৰ শ্বুটিংৰ সময়ত অক্ষয়ে তেওঁৰ ছালৰ ৰংক লৈ কুৎসিত মন্তব্য কৰিছিল। শান্তি প্ৰিয়াই কয়, ‘চিনেমাখনৰ ক্লাইমেক্স দৃশ্যটো কাৰখানাৰ দৰে ঠাইত শ্বুটিং কৰা হৈছিল। মোৰ আঁঠুৰ ৰং অলপ বাদামী। মোৰ ড্ৰেছৰ দৈৰ্ঘ্য চুটি হোৱাৰ বাবে মই মোৰ ৰঙৰ লগত মিলাবলৈ ষ্টকিং পিন্ধিছিলো।''

ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে কয়, "অক্ষয়ে সাধাৰণতে বহুত ধেমেলীয়া কথা কয়। কিন্তু মজাৰ এটা সীমা আছে। প্ৰায় এশ পঞ্চাশজন মানুহৰ সন্মুখত অক্ষয়ে মোক সুধিলে, মই কোনো ধৰণে আঁঠুত খুন্দা মাৰিলোঁ নেকি? তাৰ পিছত অক্ষয়ে হাঁহি এটা মাৰি ক’লে, ‘ইছ! কি ক'লা আঁঠু!' অক্ষয়ৰ কথা শুনি বাকীবোৰেও হাঁহিবলৈ ধৰিলে।''

শান্তি প্ৰিয়াৰ এই অভিযোগ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই অক্ষয়ে। শেহতীয়াকৈ মুক্তি পাব তেওঁৰ পৰৱৰ্তী ছবি ‘OMG 2’ ৰ ফাৰ্ষ্ট লুক। আগষ্ট মাহত মুক্তি পাব ছবিখন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?