--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ চৰকাৰে ৰাজ্য খনৰ নিবনুৱা সমস্যাৰ জোৰা মাৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাজ্য খনৰ সকলো ব্যক্তিগত প্ৰতিষ্ঠানত স্থানীয় লোকৰ বাবে ৭৫ শতাংশ পদ সংৰক্ষিত কৰিব লাগিব। হেমন্ত ছোৰেনৰ নেতৃত্বত ঝাৰখণ্ডৰ কেবিনেটে অধিবাসী নীতি আৰু অ'বিচিসকলৰ বাবে ২৭% সংৰক্ষণ সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনাইছিল। 

ইয়াৰ কেইদিনমান পিছত  অক্টোৱৰ  পৰা ব্যক্তিগত খণ্ডৰ কোম্পানীত  স্থানীয় লোকসকলৰ বাবে চাকৰি সংৰক্ষণৰ  নিৰ্দেশ দিছে। বিভিন্ন বিভাগৰ সৈতে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত ছোৰেনে বিষয়াসকলক ব্যক্তিগত খণ্ডত মাহিলী ৪০,০০০ টকালৈকে দৰমহাৰ সৈতে স্থানীয় লোকসকলক ৭৫% সংৰক্ষণ প্ৰদান কৰা আঁচনিখন কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যিক বিধানসভাই যোৱা বছৰ ছেপ্টেম্বৰত ব্যক্তিগত খণ্ডৰ বিধেয়ক,২০২১ ৰ লগতে ঝাৰখণ্ড ৰাজ্যিক নিযুক্তি বিধেয়ক ২০২১ গৃহীত কৰিছিল।

 বিধানসভাৰ এখন নিৰ্বাচিত সমিতিয়ে আগতে কিছু পৰিৱৰ্তনৰ সৈতে বিধেয়কখনত অনুমোদন জনাইছিল। শ্ৰম মন্ত্ৰী সত্যানন্দ ভোকতাৰ অধ্যক্ষতাত এই বিষয়ক  পেনেলে সংশোধিত বিধেয়কখনত "ব্যক্তিগত খণ্ড" শব্দ যোগ দি  বিধেয়ক খনৰ  নাম 'স্থানীয় প্ৰাৰ্থীৰ বাবে ঝাৰখণ্ড ৰাজ্যিক নিযুক্তি বিধেয়ক, ২০২১' কৰিছিল।  সংশোধিত বিধেয়কখনে দৰমহাৰ সীমা আগৰ ৩০,০০০ টকাৰ পৰা ৪০,০০০ টকালৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক তথ্য অনুসৰি ছোৰেনে বিষয়াসকলক অহা মাহৰ পৰা আইনখন কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। 

ৰাজ্য চৰকাৰৰ এক সূত্ৰই কয়, " চৰকাৰ জনজাতীয় আৰু স্থানীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক অহা মাহৰ ভিতৰত স্থানীয় লোকসকলৰ বাবে চাকৰি সংৰক্ষণৰ আঁচনি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে।" 

উল্লেখ্য  ব্যক্তিগত চাকৰিত স্থানীয় যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়াৰ প্ৰস্তাৱটো ২০১৯ ৰ বিধানসভা নিৰ্বাচনত জেএমএমৰ ইস্তাহাৰৰ এটা অংশ আছিল। ২০২০ চনত কোভিড লকডাউনৰ সময়ত বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী যুৱক-যুৱতী তেওঁলোকৰ ঘৰলৈ উভতি অহাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্য খনৰ চৰকাৰৰ এনে পদক্ষেপে উৎসাহিত কৰি তুলিছে নিবনুৱাসকলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ