--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ চৰকাৰে ৰাজ্য খনৰ নিবনুৱা সমস্যাৰ জোৰা মাৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাজ্য খনৰ সকলো ব্যক্তিগত প্ৰতিষ্ঠানত স্থানীয় লোকৰ বাবে ৭৫ শতাংশ পদ সংৰক্ষিত কৰিব লাগিব। হেমন্ত ছোৰেনৰ নেতৃত্বত ঝাৰখণ্ডৰ কেবিনেটে অধিবাসী নীতি আৰু অ'বিচিসকলৰ বাবে ২৭% সংৰক্ষণ সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনাইছিল। 

ইয়াৰ কেইদিনমান পিছত  অক্টোৱৰ  পৰা ব্যক্তিগত খণ্ডৰ কোম্পানীত  স্থানীয় লোকসকলৰ বাবে চাকৰি সংৰক্ষণৰ  নিৰ্দেশ দিছে। বিভিন্ন বিভাগৰ সৈতে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত ছোৰেনে বিষয়াসকলক ব্যক্তিগত খণ্ডত মাহিলী ৪০,০০০ টকালৈকে দৰমহাৰ সৈতে স্থানীয় লোকসকলক ৭৫% সংৰক্ষণ প্ৰদান কৰা আঁচনিখন কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যিক বিধানসভাই যোৱা বছৰ ছেপ্টেম্বৰত ব্যক্তিগত খণ্ডৰ বিধেয়ক,২০২১ ৰ লগতে ঝাৰখণ্ড ৰাজ্যিক নিযুক্তি বিধেয়ক ২০২১ গৃহীত কৰিছিল।

 বিধানসভাৰ এখন নিৰ্বাচিত সমিতিয়ে আগতে কিছু পৰিৱৰ্তনৰ সৈতে বিধেয়কখনত অনুমোদন জনাইছিল। শ্ৰম মন্ত্ৰী সত্যানন্দ ভোকতাৰ অধ্যক্ষতাত এই বিষয়ক  পেনেলে সংশোধিত বিধেয়কখনত "ব্যক্তিগত খণ্ড" শব্দ যোগ দি  বিধেয়ক খনৰ  নাম 'স্থানীয় প্ৰাৰ্থীৰ বাবে ঝাৰখণ্ড ৰাজ্যিক নিযুক্তি বিধেয়ক, ২০২১' কৰিছিল।  সংশোধিত বিধেয়কখনে দৰমহাৰ সীমা আগৰ ৩০,০০০ টকাৰ পৰা ৪০,০০০ টকালৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক তথ্য অনুসৰি ছোৰেনে বিষয়াসকলক অহা মাহৰ পৰা আইনখন কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। 

ৰাজ্য চৰকাৰৰ এক সূত্ৰই কয়, " চৰকাৰ জনজাতীয় আৰু স্থানীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক অহা মাহৰ ভিতৰত স্থানীয় লোকসকলৰ বাবে চাকৰি সংৰক্ষণৰ আঁচনি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে।" 

উল্লেখ্য  ব্যক্তিগত চাকৰিত স্থানীয় যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়াৰ প্ৰস্তাৱটো ২০১৯ ৰ বিধানসভা নিৰ্বাচনত জেএমএমৰ ইস্তাহাৰৰ এটা অংশ আছিল। ২০২০ চনত কোভিড লকডাউনৰ সময়ত বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী যুৱক-যুৱতী তেওঁলোকৰ ঘৰলৈ উভতি অহাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্য খনৰ চৰকাৰৰ এনে পদক্ষেপে উৎসাহিত কৰি তুলিছে নিবনুৱাসকলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু