--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিগত ১০ আগষ্ট বুধবাৰে হাৰ্ট এটেকত আক্ৰান্ত হৈ দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল দেশৰ বিখ্যাত ষ্টেণ্ড আপ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ আজি মৃত্যু হয়। এই দুখৰ খবৰটোৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে নিজৰ কমেডীৰে সকলোকে হঁহুৱাছিল যদিও আজি সকলোৰে চকুত চকুপানী দি এই পৃথিৱীৰ পৰা চিৰবিদায় লয়। ৰাজু শ্ৰীবাস্তৱৰ পেছাদাৰী জীৱনৰ বিষয়ে সকলোৱে জানে কিন্তু তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি কমসংখ্যক লোকেহে জানে। তেওঁ পত্নীক বহুত ভাল পাইছিল আৰু তেওঁলোকৰ প্ৰেম কাহিনীও অতি ৰোমাঞ্চকৰ আৰু ফিল্মী আছিল।

 স্মৰ্তব্য যে ৰাজু শ্ৰীবাস্তৱৰ পত্নীৰ নাম আছিল শিখা। দম্পতীহালৰ দুটা সন্তান আছিল নাম অন্তৰা আৰু আয়ুষমান। শিখাক দেখা মাত্ৰকে ৰাজু শ্ৰীবাস্তৱৰ প্ৰথম দৃষ্টিতে প্ৰেমত পৰিছিল। কিন্তু ইয়াৰ বাবে ১২ বছৰ অপেক্ষা কৰিবলগা হৈছিল ৰাজুৱে। আচলতে ফতেহপুৰত ককায়েকৰ বিয়াৰ সময়ত প্ৰথমবাৰৰ বাবে শিখাক দেখি তেওঁ প্ৰেমত পৰিছিল। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে মই বিয়া হ’লে এইগৰাকীৰ লগতে হ’ম। এটা সাক্ষাৎকাৰৰ সময়ত তেওঁ প্ৰকাশ কৰিছিল যে শিখা তেওঁৰ বায়েকৰ ককাকৰ কন্যা বুলি গম পালে তেতিয়া তেওঁ ভায়েকসকলক পতিয়ন নিয়াবলৈ ইটাৱালৈ যাবলৈ ধৰিলে। তালৈ যোৱাৰ পাছতো তেওঁ শিখাক একো কোৱাৰ সাহস গোটাব পৰা নাছিল।

 ইয়াৰ পাছত ১৯৮২ চনত তেওঁ মুম্বাইলৈ আহিছিল আৰু বহু সংগ্ৰাম কৰিছিল। জীৱনত কিবা এটা কৰাৰ পাছতহে তেওঁ শিখাক বিয়া কৰাবলৈ সিদ্ধান্ত লয়। তেওঁ শিখালৈ চিঠি লিখিছিল যদিও নিজৰ অনুভৱ প্ৰকাশ কৰিব পৰা নাছিল। পাছত শিখাৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰে আৰু ১৯৯৩ চনৰ ১৭ মে’ত বিবাহপাশত আবদ্ধ হয়।

 উল্লেখযোগ্য যে যোৱা ১০ আগষ্টত জিমত ৱৰ্কআউটৰ সময়ত হাৰ্ট এটেক হোৱাত ৰাজু শ্ৰীবাস্তৱক এইমছৰ দিল্লীত ভৰ্তি কৰোৱা হৈছিল। য’ত চিকিৎসকৰ দলটোৱে যৎপৰোনাস্তি চেষ্টা কৰিছিল, বহু সময়ত তেওঁৰ স্বাস্থ্য অৱস্থাৰ উন্নতি ঘটিলেও কিন্তু আজি তেওঁ জীৱন যুদ্ধত পৰাস্ত হয়৷  সদায় সকলোকে হঁহুৱাবলৈ চেষ্টা কৰা কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ খবৰে আজি সকলো অনুৰাগীকে কন্দুৱাই থৈ চিৰবিদায় মাগে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement