--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিগত ১০ আগষ্ট বুধবাৰে হাৰ্ট এটেকত আক্ৰান্ত হৈ দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল দেশৰ বিখ্যাত ষ্টেণ্ড আপ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ আজি মৃত্যু হয়। এই দুখৰ খবৰটোৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে নিজৰ কমেডীৰে সকলোকে হঁহুৱাছিল যদিও আজি সকলোৰে চকুত চকুপানী দি এই পৃথিৱীৰ পৰা চিৰবিদায় লয়। ৰাজু শ্ৰীবাস্তৱৰ পেছাদাৰী জীৱনৰ বিষয়ে সকলোৱে জানে কিন্তু তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি কমসংখ্যক লোকেহে জানে। তেওঁ পত্নীক বহুত ভাল পাইছিল আৰু তেওঁলোকৰ প্ৰেম কাহিনীও অতি ৰোমাঞ্চকৰ আৰু ফিল্মী আছিল।

 স্মৰ্তব্য যে ৰাজু শ্ৰীবাস্তৱৰ পত্নীৰ নাম আছিল শিখা। দম্পতীহালৰ দুটা সন্তান আছিল নাম অন্তৰা আৰু আয়ুষমান। শিখাক দেখা মাত্ৰকে ৰাজু শ্ৰীবাস্তৱৰ প্ৰথম দৃষ্টিতে প্ৰেমত পৰিছিল। কিন্তু ইয়াৰ বাবে ১২ বছৰ অপেক্ষা কৰিবলগা হৈছিল ৰাজুৱে। আচলতে ফতেহপুৰত ককায়েকৰ বিয়াৰ সময়ত প্ৰথমবাৰৰ বাবে শিখাক দেখি তেওঁ প্ৰেমত পৰিছিল। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে মই বিয়া হ’লে এইগৰাকীৰ লগতে হ’ম। এটা সাক্ষাৎকাৰৰ সময়ত তেওঁ প্ৰকাশ কৰিছিল যে শিখা তেওঁৰ বায়েকৰ ককাকৰ কন্যা বুলি গম পালে তেতিয়া তেওঁ ভায়েকসকলক পতিয়ন নিয়াবলৈ ইটাৱালৈ যাবলৈ ধৰিলে। তালৈ যোৱাৰ পাছতো তেওঁ শিখাক একো কোৱাৰ সাহস গোটাব পৰা নাছিল।

 ইয়াৰ পাছত ১৯৮২ চনত তেওঁ মুম্বাইলৈ আহিছিল আৰু বহু সংগ্ৰাম কৰিছিল। জীৱনত কিবা এটা কৰাৰ পাছতহে তেওঁ শিখাক বিয়া কৰাবলৈ সিদ্ধান্ত লয়। তেওঁ শিখালৈ চিঠি লিখিছিল যদিও নিজৰ অনুভৱ প্ৰকাশ কৰিব পৰা নাছিল। পাছত শিখাৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰে আৰু ১৯৯৩ চনৰ ১৭ মে’ত বিবাহপাশত আবদ্ধ হয়।

 উল্লেখযোগ্য যে যোৱা ১০ আগষ্টত জিমত ৱৰ্কআউটৰ সময়ত হাৰ্ট এটেক হোৱাত ৰাজু শ্ৰীবাস্তৱক এইমছৰ দিল্লীত ভৰ্তি কৰোৱা হৈছিল। য’ত চিকিৎসকৰ দলটোৱে যৎপৰোনাস্তি চেষ্টা কৰিছিল, বহু সময়ত তেওঁৰ স্বাস্থ্য অৱস্থাৰ উন্নতি ঘটিলেও কিন্তু আজি তেওঁ জীৱন যুদ্ধত পৰাস্ত হয়৷  সদায় সকলোকে হঁহুৱাবলৈ চেষ্টা কৰা কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ খবৰে আজি সকলো অনুৰাগীকে কন্দুৱাই থৈ চিৰবিদায় মাগে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু