--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে পেৰিছ অলিম্পিক। ভাৰতৰ ১১৭ জন লোকে এইবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে পেৰিছ পালেহি। তাত কি কি দিয়া হৈছে তেওঁলোকক? সাঁতোৰবিদ শ্ৰীহৰি নটৰাজে বেগটো খুলি দেখুৱালে৷

ভাৰতৰ বাবে দ্বিতীয়খন অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ ওলাইছে শ্ৰীহৰীয়ে। প্ৰতিগৰাকী ক্ৰীড়াবিদক গেমছ ভিলেজত অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা কৰা হয়। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ত শ্ৰীহৰীয়ে বেগটো খুলি দেখুৱাইছিল যে তেওঁলোকক কি দিয়া হৈছে।

প্ৰতিজন খেলুৱৈক দুটাকৈ ট্ৰলী বেগ দিয়া হৈছে। এটা ডাঙৰ। অলপ সৰু। মোনা দুটাৰ বাহিৰৰ ফালে দেশৰ নাম লিখা আছে। বেগটোৰ ভিতৰত কেইবাযোৰ জোতা আৰু চপ্পল। অনুশীলন আৰু মেচ খেলাৰ বাবে বিভিন্ন জাৰ্চিৰ ব্যৱস্থা কৰা হৈছে। গেমছ ভিলেজত থকাৰ বাবে সুকীয়া টি-চাৰ্ট আছে।

এইবোৰৰ বাহিৰেও বেগটোত আছে মোজা, মিউজিক চিষ্টেম, হেডফোন। অলিম্পিকৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত প্ৰতিখন দেশৰ খেলুৱৈসকলক বিভিন্ন সাজ-পোছাক প্ৰদান কৰা হয়। সেই পোছাকটোও বেগৰ ভিতৰত আছিল। খেলৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিব পৰাকৈ বেকপেকৰো ব্যৱস্থা কৰা হৈছে।

যোৱাবাৰ টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ ১২৪ জন লোকে অংশগ্ৰহণ কৰিছিল। ভাৰতেও যোৱাবাৰ সৰ্বাধিক পদক (১টা সোণ, ২টা ৰূপ আৰু ৪টা ব্ৰঞ্জ) লাভ কৰিছিল। এইবাৰো ভাৰতীয় দলটো ডাঙৰ। ভাৰতীয় অলিম্পিক সংস্থাই যোৱাবাৰতকৈ অধিক পদক লাভ কৰাৰ আশা কৰিছে। খেলুৱৈসকলৰ অনুশীলনত যাতে কোনো সমস্যা নহয় তাৰ বাবে পেৰিছলৈ খেলুৱৈতকৈ অধিক প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰী (১৪০ জন) প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ