--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী অলকা লাম্বাক গুৰুদায়িত্ব অৰ্পণ কৰিছে দলটোৱে৷ দলটোৱে তেওঁক মহিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছে। 

ইয়াৰ উপৰি কংগ্ৰেছে এনএছইউআইৰ সভাপতিও ঘোষণা কৰিছে। বৰুণ চৌধুৰীক এনএছইউআইৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। বৰুণ বৰ্তমানৰ এনএছইউআইৰ সভাপতি নীৰজ কুন্দনৰ স্থানত স্থলাভিষিক্ত হ’ব। পূৰ্বে ৰাহুল গান্ধীয়ে এনএছইউআইৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে ৫জন ছাত্ৰ নেতাৰ সাক্ষাৎকাৰ লৈছিল। 

ইয়াৰ ভিতৰত আছিল ৰাজস্থানৰ বিনোদ জাখৰ, তেলেংগানাৰ ভেংকট আৰু অনুলেখা, দিল্লীৰ বৰুণ চৌধুৰী আৰু হাৰিয়ানাৰ বিশাল চৌধুৰী। যেতিয়া ৰাহুল গান্ধীয়ে এনএছইউআইৰ সভাপতি পদৰ বাবে সাক্ষাৎকাৰ লৈছিল, তেতিয়া কানহাইয়া কুমাৰো উপস্থিত আছিল।

অৱশেষত এই দৌৰত আগবাঢ়িল বৰুণ চৌধুৰী। বৰুণ চৌধুৰী দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ কনিষ্ঠতম সম্পাদক আছিল। একেসময়তে বিনোদ ৰাজস্থান বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে, অলকা লাম্পাৰ ৰাজনৈতিক যাত্ৰা ১৯৯৪ চনত আৰম্ভ হৈছিল। তেওঁ কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইত আহ্বায়কৰ পদ লাভ কৰিছিল। ইয়াৰ পাছত অলকা লাম্বা ১৯৯৭ চনত এনএছইউআইৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ২০০২ত তেওঁক ভাৰতীয় মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত কৰা হয়।

২০০৩ত অলকাই বিজেপি নেতা মদন লাল খুৰানাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে তেওঁ পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁ ২০১৪ত কংগ্ৰেছ ত্যাগ কৰিছিল আৰু আম আদমী পাৰ্টিত যোগদান কৰিছিল।  তেওঁ ২০১৫ৰ বিধানসভা নিৰ্বাচনত চান্দনী চকৰ পৰা আপৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জয়ী হৈছিল।

অলকা লাম্বা ২০২০ত কংগ্ৰেছলৈ উভতি আহিছিল:
তাৰ পাছত তেওঁ ২০১৯ত আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰিছিল আৰু পুনৰ কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ ২০২০ত কংগ্ৰেছৰ টিকটত চান্দনীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেইবাৰো তেওঁ পৰাজয়ৰ সন্মুখীন হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement