--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী অলকা লাম্বাক গুৰুদায়িত্ব অৰ্পণ কৰিছে দলটোৱে৷ দলটোৱে তেওঁক মহিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছে। 

ইয়াৰ উপৰি কংগ্ৰেছে এনএছইউআইৰ সভাপতিও ঘোষণা কৰিছে। বৰুণ চৌধুৰীক এনএছইউআইৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। বৰুণ বৰ্তমানৰ এনএছইউআইৰ সভাপতি নীৰজ কুন্দনৰ স্থানত স্থলাভিষিক্ত হ’ব। পূৰ্বে ৰাহুল গান্ধীয়ে এনএছইউআইৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে ৫জন ছাত্ৰ নেতাৰ সাক্ষাৎকাৰ লৈছিল। 

ইয়াৰ ভিতৰত আছিল ৰাজস্থানৰ বিনোদ জাখৰ, তেলেংগানাৰ ভেংকট আৰু অনুলেখা, দিল্লীৰ বৰুণ চৌধুৰী আৰু হাৰিয়ানাৰ বিশাল চৌধুৰী। যেতিয়া ৰাহুল গান্ধীয়ে এনএছইউআইৰ সভাপতি পদৰ বাবে সাক্ষাৎকাৰ লৈছিল, তেতিয়া কানহাইয়া কুমাৰো উপস্থিত আছিল।

অৱশেষত এই দৌৰত আগবাঢ়িল বৰুণ চৌধুৰী। বৰুণ চৌধুৰী দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ কনিষ্ঠতম সম্পাদক আছিল। একেসময়তে বিনোদ ৰাজস্থান বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে, অলকা লাম্পাৰ ৰাজনৈতিক যাত্ৰা ১৯৯৪ চনত আৰম্ভ হৈছিল। তেওঁ কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইত আহ্বায়কৰ পদ লাভ কৰিছিল। ইয়াৰ পাছত অলকা লাম্বা ১৯৯৭ চনত এনএছইউআইৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ২০০২ত তেওঁক ভাৰতীয় মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত কৰা হয়।

২০০৩ত অলকাই বিজেপি নেতা মদন লাল খুৰানাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে তেওঁ পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁ ২০১৪ত কংগ্ৰেছ ত্যাগ কৰিছিল আৰু আম আদমী পাৰ্টিত যোগদান কৰিছিল।  তেওঁ ২০১৫ৰ বিধানসভা নিৰ্বাচনত চান্দনী চকৰ পৰা আপৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জয়ী হৈছিল।

অলকা লাম্বা ২০২০ত কংগ্ৰেছলৈ উভতি আহিছিল:
তাৰ পাছত তেওঁ ২০১৯ত আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰিছিল আৰু পুনৰ কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ ২০২০ত কংগ্ৰেছৰ টিকটত চান্দনীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেইবাৰো তেওঁ পৰাজয়ৰ সন্মুখীন হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু